ETV Bharat / bharat

কি হৈছে ভাৰত-চীন সীমান্তত ?

author img

By

Published : Oct 23, 2021, 7:31 PM IST

increasing activity of forces in indo-china border
কি হৈছে ভাৰত-চীন সীমান্তত ?

ভাৰত-চীন সীমান্তত সষ্টম হৈ আছে দুই দেশৰ সেনা বাহিনী ৷ অত্যাধুনিক মাৰনাস্ত্ৰৰে সজ্জিত হৈ আছে ভাৰতীয় সেনা ৷ কিয় এই তৎপৰতা ? সবিশেষ জানো আহক ৷

তেজপুৰ, 23 অক্টোবৰ : চীনৰ পিএলএৰ গতিবিধি ভাৰত-চীন সীমান্তত বৃদ্ধি হোৱাৰ সমান্তৰালকৈ ভাৰতীয় সেনায়ো পূৱৰ সীমান্তত নিজৰ স্থিতি সষ্টম কৰি তোলা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ অৰুনাচল প্ৰদেশৰ টাৱাং সীমান্তত ভাৰতীয় সেনাই স্থাপন কৰিছে L70 এন্টি এয়াৰক্ৰাফ্ট গান (L70 Anti air-craft gun), যাৰ সহায়ত কমেও 3.5 কি.মি. দূৰত্বৰ লক্ষ্যভেদ কৰিব পৰা যাব ৷

সেনাৰ সূত্ৰই জনোৱা মতে, উত্তৰ-পূৱ ভাৰতৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীক যথেষ্ট সষ্টম কৰি ৰখা হৈছে ৷ অৰুনাচল প্ৰদেশৰ সীমান্তত L70 ৰ বাহিৰেও ইতিমধ্যেই Bofors আৰু M 777 Howitzers টোপ সাজু কৰি ৰখা হৈছে ৷ ভাৰতীয় সেনাই এই কুচকাৱাজৰ কিছু অংশ ভিডিঅ’ আৰু ফটো যোগে ইতিমধ্যে প্ৰকাশ কৰিছে ৷ ইয়াৰ জৰিয়তে সীমান্তত সেনাই নিজৰ স্থিতিত অক্ষুন্ন ৰখাৰ কথাও জানিবলৈ দিয়া হৈছে ।

চলিত মাহৰ প্ৰথম অৱস্থাত অৰুণাচল প্ৰদেশৰ কেবাটাও প্ৰান্তত লাইন অৱ এক্সুৱেল কন্ট্ৰ’ল (LAC) ৰ সমীপত চীনা সৈন্যৰ গতি-বিধি বৃদ্ধি পোৱাৰ পিছতে আৰম্ভ হৈছে এই তৎপৰতা ৷ উল্লেখযোগ্য যে, ছেপ্টেম্বৰ মাহৰ শেষৰ ভাগত প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভাটৰ টাৱাং ভ্ৰমণৰ সময়ত LAC ৰ বুমলা আৰু কাষৰীয়া অঞ্চলত থকা সেনা বাহিনীৰ জোৱান সকলৰ মাজত উপস্থিত হৈ গতিবিধি পৰ্যালোচনা কৰাৰ পিছত অধিক সষ্টম হৈ পৰিছে ভাৰতীয় সেনা ।

increasing activity of forces in indo-china border
সীমান্তত ভাৰতীয় সেনা বিষয়া

উল্লেখ যোগ্য যে, বিগত বৰ্ষত লাডাখত দুয়ো দেশৰ সেনা বাহিনীৰ মাজত হোৱা মুখা-মুখিৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰিছিল ৷ এই পৰিস্থিতিৰ পিছতেই ভাৰতত চীনা সামগ্ৰী বৰ্জনৰ ঢৌ উঠা দেখা গৈছিল ৷ ইয়াৰ পিছতেই কেবালানিও উচ্চ স্তৰীয় সামগ্ৰিক বৈঠকৰ পিছত সীমান্তৰ পৰা দুই দেশৰ সেনা প্ৰত্যাহাৰ কৰা হৈছিল ৷ ইয়াৰ পিছত এতিয়া পুনৰ সীমান্তত এনে তৎপৰতা বৃদ্ধি পোৱাৰ ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : বৈষ্ণো দেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.