সীমান্তত বৃদ্ধি পাইছে চীনা সেনাৰ অনুশীলন

author img

By

Published : Oct 19, 2021, 8:57 PM IST

number of exercises by China's People's Liberation Army  in the Tibet autonomous region is increasing

এল.এ.চি.(LAC)ৰ সিপাৰে বৃদ্ধি পাইছে চীনা সেনাৰ অনুশীলন ৷ এই সম্পৰ্কত বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ইষ্টাৰ্ণ আৰ্মীৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই ৷ সবিশেষ জানো আহক ৷

তেজপুৰ, 19 অক্টোবৰ : ইষ্টাৰ্ণ আৰ্মীৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই জানিবলৈ দিছে যে যোৱা কেইমাহমানত তিব্বত স্বায়ত্তশাসিত অঞ্চলত চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) অনুশীলন বৃদ্ধি পাইছে ৷ অৰুণাচল প্ৰদেশৰ এক ফৰৱাৰ্ড লোকেচনত এলএচিৰ পূব খণ্ডৰ ওপৰেৰে চীনা কাৰ্যকলাপ সম্পৰ্কে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি লেফটেনেণ্ট জেনেৰেল পাণ্ডেই কয়, "এলএচিৰ আনটো ফালে এনেধৰণৰ তিনি চাৰিটা কাৰ্যকলাপৰ খবৰ পোৱা গৈছে ।"

তেওঁ কয় যে প্ৰথমতে পিএলএ-ৰ দ্বাৰা সম্পন্ন কৰা বাৰ্ষিক প্ৰশিক্ষণৰ অনুশীলন বৃদ্ধি পাইছে । তেওঁ কয়, যে, এনে কাৰ্যকলাপ কিছু বৃদ্ধি হৈছে; কিন্তু এল.এ.চি.ৰ পৰা যথেষ্ট ভিতৰতহে এনে কাৰ্য অব্যাহত আছে ৷ লেফটেনেণ্ট জেনেৰেল পাণ্ডেই জনাইছে যে দুয়োপক্ষই এলএচিৰ সীমাৰ ওচৰত আন্তঃগাঁথনি বিকশিত কৰাৰ চেষ্টা কৰি আছে আৰু যাৰ ফলতো কেতিয়াবা কিছুমান সমস্যাৰ সৃষ্টি হয় ।

তেওঁ কয়, "যিহেতু এই আন্তঃগাঁথনিসমূহ এল.এ.চি.ৰ ওচৰলৈ আহিছে, সেয়েহে সীমান্ত সুৰক্ষা সৈন্যৰ সংখ্যাও সামান্য বৃদ্ধি পাইছে। " ইষ্টাৰ্ণ চেক্টৰত শেহতীয়াকৈ দুয়োপক্ষৰ সৈন্যৰ এল.এ.চি.ত মুখামুখি হোৱাৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয়: "এই এল.এ.চি.ৰ সৈতে, আমাৰ ওচৰত কেইবাটাও ক্ষেত্ৰ আছে, য'ত দুয়োফালৰ টহলদাৰীসকলে নিৰ্ধাৰিত ধৰণে অথবা কেতিয়াবা আন ধৰণে সুযোগ পালেও বাৰ্তালাপ কৰে ।''

তেওঁ পুনৰ কয়, ''এনে কিছুমান ক্ষেত্ৰ আছে য'ত এল.এ.চি. সম্পৰ্কে আমাৰ ধাৰণা চীনা ধাৰণাতকৈ পৃথক ৷ বিশেষকৈ এই অঞ্চলবোৰত কেতিয়াবা টহলদাৰী সেনা মুখামুখি হয় । '' বিষয়াজনে লগতে কয় যে, বাহিনীটোৰ হাতত এক শক্তিশালী প্ৰণালী আৰু এছ.অ’.পি. প্ৰট’কল আছে, যাৰ সহায়ত তেওঁলোকে এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ লগে লগে সমাধান কৰিবলৈ সক্ষম হয় ।

লেফটেনেণ্ট জেনেৰেল পাণ্ডেই কয়, ভাৰতীয় কমাণ্ডাৰ আৰু কনিষ্ঠ বিষয়া সকল যিসকলে প্ৰকৃততে টহলৰ নেতৃত্ব দি আছে এই সন্দৰ্ভত তেওঁলোকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ কিয়নো, তেওঁলোকেই আনটো ফালৰ কমাণ্ডাৰসকলৰ সৈতে সঠিক বুজাবুজি গঢ়ি তুলিছে ৷ ইয়াৰ পিছত যদি কোনো সমস্যা হয় তেন্তে, স্থানীয় কমাণ্ডাৰ পৰ্যায়ত ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰা হয় আৰু এই পদ্ধতি সুকলমে চলি আছে ৷

লগতে পঢ়ক : কি কি সিদ্ধান্ত হ’ল ৰাজ্যিক কেবিনেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.