ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 3, 2021, 6:58 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Ulfa Cadre Arrested : আলফা নেত্ৰী লেঃ মিতু অসমক গ্ৰেপ্তাৰ

আৰক্ষীৰ হাতত বন্দী হোৱাৰ পাচতো সংগঠনৰ হৈ কাম কৰা অভিযোগত গ্ৰেপ্তাৰ হ’ল আলফা স্বাধীনৰ নেত্ৰী পূৰ্ণিমা বৰা ওৰফে লেঃ মিতু অসম ৷ সৰুপথাৰৰ পৰা গ্ৰেপ্তাৰ আলফা নেত্ৰীগৰাকীক ৷

Har Ghar Dastak in Barpeta: ভেকচিন দিব গৈ অপ্ৰীতিকৰ পৰিস্থিতিত চিকিৎসকৰ দল

পাঁচ ডিচেম্বৰৰ ভিতৰত ক’ভিড ভেকচিনৰ প্ৰথম পালিৰে সকলোকে সাঙুৰি লোৱা লক্ষ্য ৰাজ্যৰ স্বাস্থ্য বিভাগ(Har Ghar Dastak vaccinating campaign launched in Assam)ৰ । পিছে ভেকচিন দিবলৈ যোৱা চিকিৎসক, যুটীয়া সঞ্চালক আৰু স্বাস্থ্যকৰ্মীৰ ঠায়ে ঠায়ে হৈছে লটি ঘটি । ভেকচিন দিবলৈ গৈ বহু ঠাইত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে স্বাস্থ্য বিষয়া, চিকিৎসকৰ দল । এনে এক ঘটনা সংঘটিত হৈছে সৰ্থেবাৰীৰ বেলবাৰীত ৷

মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনি কৰ্মচাৰীক নিলম্বন

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনি কৰ্মচাৰীক নিলম্বন (Inland water transport department employees suspended)। নিলম্বিত তিনি বিষয়া ক্রমে অসীম বৰুৱা, অলক গগৈ আৰু বিতোপন বৰবৰা ।

Giant Catfish at Diphu: ১ কুইণ্টল ১০ কেজি ওজনৰ এটা মাছক লৈ কৌতুহল

পুৱাই ডিফুৰ জনৈক বিক্ৰমৰ মাছ দোকানত ভিৰ কৰিছে অসংখ্য গ্ৰাহকে ৷ সকলো গ্ৰাহকক লাগে বিক্ৰেতা জনৈক বিক্ৰমৰ দোকানত থকা বিশেষ মাছটো ৷ যাৰ বাবে শুকুৰবাৰে পুৱাই কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ দৈনিক মাছ বজাৰ (Diphu Fish Market)ত গ্ৰাহকৰ হেঁতা-ওপৰা পৰিলক্ষিত হয় ৷ কিয় বাৰু এটা বিশেষ মাছক লৈয়ে সৃষ্টি হৈছে উত্তেজনা ?

Incomplete Bridge : আৰম্ভ হোৱাৰ 10 বছৰ পাচতো অসম্পূৰ্ণ দলঙৰ কাম

বঙাইগাঁও জিলাৰ বৰঘোলাৰ আই নৈ(Aie River)ৰ ওপৰত আধা নিৰ্মাণ হোৱা এখন দলঙে (Incomplete bridge on the Aie river of Bongaigaon) জ্বলা-কলা খুৱাইছে স্থানীয় যাত্ৰীসকলক ৷ 2018 চনত 41 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা দলংখনৰ 480 মিটাৰ কামহে সম্পূৰ্ণ হৈছে ৷ যাৰ বাবে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে ৰাইজে ৷

Drugs Burnt in Darrang: আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

মঙলদৈৰ চেৰেং চাপৰিত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী (Police burnt drugs in Mangaldoi) ৷ বিগত তিনিবছৰে দৰঙ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া হয় শুকুৰবাৰে (Drugs seized by Darrang police)৷

Ind vs NZ Test : দললৈ প্ৰত্যাৱৰ্তন কিং কোহলীৰ

নিউজিলেণ্ডৰ সৈতে চলি থকা দ্বিতীয় টেষ্টখনত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে প্লেয়িং ইলেভেনলৈ উভতি আহি আয়োজক দলটোক নেতৃত্ব দিয়া দেখা যাব(Virat Kohli coming back to the playing XI )। অধিনায়কজনে বেটাৰ আজিঙ্ক ৰাহানেৰ স্থান লৈছে; আনফালে, পেচাৰ মহম্মদ চিৰাজে ইশান্ত শৰ্মাৰ ঠাইত দলত প্ৰৱেশ কৰিছে । খেলখনৰ সবিশেষ জানো আহক(skipper Kohli has replaced batter Ajiynkya) ৷

APDCLৰ নাম লৈ প্ৰৱঞ্চকে গ্ৰাহকৰ পৰা লুটিছে ধন

APDCLৰ নাম লৈ আবিৰ্ভাৱ ঘটিল প্ৰৱঞ্চকৰ(Fraud in the name of APDCL) ৷ APDCL ত কৰ্মৰত বুলি ভূৱা পৰিচয় পত্ৰ দেখুৱাই বিল নিদিলে বিদ্যুৎ সংযোগ বিছিন্ন কৰি দিব বুলি ভাবুকি দি ৰাইজৰ পৰা টকা সৰকালে যুৱকে ৷ ভাবুকি দিয়েই সন্তুষ্ট নাথাকি দুই এঘৰৰ বিদ্যুৎ সংযোগো বিছিন্ন কৰি দিছিল যুৱক জনে ৷

লংকাত হেল'মেট পৰিধান নকৰা বাইক আৰোহীক ১০০০ টকাকৈ জৰিমনা

মুখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পাছতে বাইক আৰোহীৰ বিৰুদ্ধে অভিযান হোজাই জিলাৰ লংকা আৰক্ষীৰ(Mission Against Traffic Rule Breakers)। হেল'মেট পৰিধান নকৰা বাইক আৰোহীক ১০০০ টকাকৈ জৰিমনা বিহিলে লংকা থানাৰ যান-বাহন আৰক্ষীয়ে(Langka traffic Police) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, বাইক চালকৰ লগতে বাইক আৰোহীয়েও পৰিধান কৰিব লাগিব হেল'মেট ।

হুইল চিয়াৰত ঘূৰিছে জীৱনৰ ছন্দ : দৃষ্টি গোচৰ হ’বনে বিজেপিৰ নেতা কৰ্মীৰ ?

হুইল চিয়াৰত ঘূৰিছে জীৱনৰ ছন্দ ৷ লখিমপুৰৰ নাওবৈচাৰ লথৌৰ ৰোহিনী কুমাৰ বৰুৱা নামৰ এগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মী (Senior BJP party worker) দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ সম্প্ৰতি শয্যাগত অৱস্থাত আছে ৷ কিন্তু বৰ্তমানেও দলটোৰ পৰা কোনো ধৰণৰ সহাৰি নাপালে জ্যেষ্ঠ বিজেপি কৰ্মীজনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.