ETV Bharat / bharat

Ind vs NZ Test : দললৈ প্ৰত্যাৱৰ্তন কিং কোহলীৰ

author img

By

Published : Dec 3, 2021, 3:36 PM IST

ind-vs-nz-2nd-test-india-opt-to-bat-after-winning-toss-kohli-replaces-rahane
Ind vs NZ 2nd Test : দললৈ প্ৰত্যাৱৰ্তন কিং কোহলীৰ

নিউজিলেণ্ডৰ সৈতে চলি থকা দ্বিতীয় টেষ্টখনত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে প্লেয়িং ইলেভেনলৈ উভতি আহি আয়োজক দলটোক নেতৃত্ব দিয়া দেখা যাব(Virat Kohli coming back to the playing XI )। অধিনায়কজনে বেটাৰ আজিঙ্ক ৰাহানেৰ স্থান লৈছে; আনফালে, পেচাৰ মহম্মদ চিৰাজে ইশান্ত শৰ্মাৰ ঠাইত দলত প্ৰৱেশ কৰিছে । খেলখনৰ সবিশেষ জানো আহক(skipper Kohli has replaced batter Ajiynkya) ৷

স্পোৰ্টছ ডেস্ক, 3 ডিচেম্বৰ : ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট ড্ৰ’ হোৱাৰ পিছত দ্বিতীয় খন টেষ্ট(India vs New Zealand second Test)ৰ বাবে মুম্বাইৰ ৱানখেডে ষ্টেডিয়াম(Wankhede Stadium Mumbai)ত পুনৰ দুয়োটা দল মুখামুখি হৈছে । ' টছত জয়ী হোৱাৰ পিছত, ভাৰতীয় অপেনিং যুটি মায়াংক আৰু গিলে বেটিং আৰম্ভ কৰিছে । 15 অভাৰৰ পিছত স্ক’ৰ বোৰ্ডত 50 ৰ অধিক ৰাণ যোগ হৈছে । অৱশ্যে, বৰষুণৰ বাবে, খেলখন স্তব্ধ হৈ পৰিছে । খেলখনত পলম হোৱাৰ বাবে খেলুৱৈসকলক মধ্যাহ্ন ভোজনৰ বিৰতি দিয়া হৈছে ৷

ইফালে ভাৰতীয় দলটোলৈ অধিনায়ক বিৰাট কোহলী(Indian skipper Virat Kohli) উভতি অহাৰ লগে লগে ইশান্ত শৰ্মা, আজিংক্য ৰাহানে আৰু ৰবীন্দ্ৰ জাদেজাক দলৰ পৰা বাহিৰত ৰখা হৈছে । বিচিচিআইৰ টুইটাৰ হেণ্ডেলৰ তৰফৰ পৰাও এই কথা ঘোষণা কৰা হৈছে ৷ কানপুৰ টেষ্টৰ সময়ত পোৱা আঘাতৰ বাবে ইশান্ত শৰ্মা আঙুলিৰ বিষত ভুগি আছে ৷ একেদৰে জাদেজা আৰু ৰাহানেও আঘাত জনিত সমস্যাত ভুগি আছে ।

বিচিচিআইৰ চিকিৎসা দলে তিনিওজনৰ আঘাতৰ শুশ্ৰূষা কৰি আছে বুলি জানিব পৰা গৈছে ৷ আনহাতে, নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন(New Zealand skipper Kane Williamson ) খেলপথাৰত আছে যদিও কিলাকুটিৰ আঘাতৰ বাবে তেওঁ টেষ্টৰ পৰা বাহিৰ হ'ব আৰু খেলখনত তেওঁৰ হৈ টম লাথামে অধিনায়কত্বৰ দায়িত্ব চম্ভালিব ৷

লগতে পঢ়ক :ISL 2021-22 : ১-১ গ'লত খেল সমাপ্ত কৰিলে জামছেদপুৰ আৰু হায়দৰাবাদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.