ETV Bharat / sports

ISL 2021-22 : ১-১ গ'লত খেল সমাপ্ত কৰিলে জামছেদপুৰ আৰু হায়দৰাবাদে

author img

By

Published : Dec 3, 2021, 2:19 PM IST

চলিত ISL (ISL 2021-22)ৰ বৃহস্পতিবাৰৰ খেলখনত জামছেদপুৰ আৰু হায়দৰাবাদে দুয়োটা দলে ১-১ গ'লত খেল সমাপ্ত কৰে (Jamshedpur and Hyderabad match at ISL)। জামেছদপুৰৰ হৈ গ্ৰেগ ষ্টিৱাৰ্ট আৰু হায়দৰাবাদৰ হৈ বাৰ্থোলোমিউ অগবেচে এটাকৈ গ'ল দিবলৈ সক্ষম হয় ।

Jamshedpur vs Hyderabad
ড্ৰ' খেলিলে জামছেদপুৰ আৰু হায়দৰাবাদে

স্পৰ্টছ ডেস্ক,৩ ডিচেম্বৰ : হিৰো ইণ্ডিয়ান চুপাৰ লীগৰ অষ্টম সংস্কৰণত (ISL 2021-22) বৃহস্পতিবাৰে জামছেদপুৰ এফ চি (Jamshedpur FC) আৰু হায়দৰাবাদ এফ চি (Hyderabad FC)ৰ মাজত ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হয় ৷ দুয়োটা দলৰ উন্নত প্ৰদৰ্শনৰ পাছতে ১-১ গ'লত খেলখন ড্ৰ' হয় ।

খেলৰ প্ৰথমাৰ্ধত জামছেদপুৰৰ গ্ৰেগ ষ্টিৱাৰ্টে প্ৰথমটো গ'ল কৰিবলৈ সক্ষম হয় । কিন্তু দ্বিতীয়াৰ্ধত হায়দৰাবাদ দলৰ বাৰ্থোলোমিউ অগবেচে ৫৬ মিনিটত গ'ল দিয়াৰ পাছতে খেলখনৰ ফলাফল ড্ৰ' হয় (Jamshedpur and Hyderabad match at ISL) । এই খেলখনৰ পাছতে জামছেদপুৰ পইণ্ট তালিকাৰ পঞ্চম স্থানত বিপৰীতে হায়দৰাবাদ আছে চতুৰ্থ স্থানত ।

উল্লেখ্য যে, নিয়মীয়া অধিনায়ক পিটাৰ হাৰ্টলীক জিৰণি দিয়াৰ বাবে এলি চাবিয়াক প্ৰথমবাৰৰ বাবে জামছেদপুৰ এফ চিৰ অধিনায়কৰ দায়িত্ব দিয়া হয় (Eli Sabia as Jamshedpur FC Captain)। ইফালে খেলখনৰ প্ৰথমাৰ্ধত জামছেদপুৰ এফ চিয়ে প্ৰথমটো স্ক'ৰ কৰা পাছতে খেল অধিক ৰোমাঞ্চকৰ হৈ উঠে ।

হায়দৰাবাদেও প্ৰথমাৰ্ধতে গ'ল কৰি খেলখনত নিজৰ আধিপত্য বিস্তাৰৰ চেষ্টা কৰিছিল । অৱশ্যে প্ৰথমাৰ্ধত নোৱাৰিলেও দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে বাৰ্থোলোমিউ অগবেচে গ'ল দিয়াৰ লগে লগে খেলখনৰ উত্তেজনা আৰু অধিক বৃদ্ধি পায় । লক্ষণীয়ভাৱে ১০ মিনিটৰ অতিৰিক্ত সময় পোৱা পাছতো দুয়োটা দলে এটাও গ'ল কৰিবলৈ সক্ষম নহ'ল । যাৰ বাবে খেলখন ড্ৰ' হৈ থাকিল ।

লগতে পঢ়ক :ISL: হায়দৰাবাদ এফচিত অন্তৰ্ভুক্ত হ’ল উইংগাৰ আব্দুল ৰাবিহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.