ETV Bharat / state

Ulfa Cadre Arrested : আলফা নেত্ৰী লেঃ মিতু অসমক গ্ৰেপ্তাৰ

author img

By

Published : Dec 3, 2021, 6:30 PM IST

আৰক্ষীৰ হাতত বন্দী হোৱাৰ পাচতো সংগঠনৰ হৈ কাম কৰা অভিযোগত গ্ৰেপ্তাৰ হ’ল আলফা স্বাধীনৰ নেত্ৰী পূৰ্ণিমা বৰা ওৰফে লেঃ মিতু অসম ৷ সৰুপথাৰৰ পৰা গ্ৰেপ্তাৰ আলফা নেত্ৰীগৰাকীক ৷

Ulfa cadre Purnima Bora Arrested
আলফা নেত্ৰী লেঃ মিতু অসমক গ্ৰেপ্তাৰ

সৰুপথাৰ, 3 ডিচেম্বৰ : সৰুপথাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে আলফা স্বাধীনৰ নেত্ৰী পূৰ্ণিমা বৰা ওৰফে লেঃ মিতু অসমক (Ulfa cadre Mitu Asom arrested)৷ আত্মসমৰ্পনৰ পাচতো আলফাৰ সৈতে জড়িত হৈ থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নেত্ৰীগৰাকীক ৷

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ 12 ছেপ্টেম্বৰত তিনিচুকীয়া সীমান্তত গ্ৰেপ্তাৰ হৈছিল আলফা নেত্ৰী গৰাকী । তাৰ পিছৰে পৰা গোলাঘাট জিলাৰ সৰুপথাৰৰ নগাজৰিত থকা নিজা বাসগৃহতে আছিল নেত্ৰী গৰাকী । ইফালে নেত্ৰীগৰাকীয়ে গোপনে বিভিন্ন পক্ষৰ সৈতে যোগাযোগ কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে শুকুৰবাৰে সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলফা নেত্ৰী গৰাকীক (Golaghat police arrested Ulfa cadre Purnima Bora)।

আলফা নেত্ৰী লেঃ মিতু অসমক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে, স্বাধীন অসমৰ সপোন দেখি 1997 চনতে সংযুক্ত মুক্তি বাহিনী অসমত যোগদান কৰিছিল পূৰ্ণিমা বৰাই । 2001 চনত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল কন্যাক ডিভিজনত ৷ প্ৰায় ১৪ বছৰ বয়সতে স্বাধীন অসমৰ সপোন দেখা মিতু অসম ২৪ বছৰ কাল আছিল নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত (Banned outfit Ulfa) ৷ যোৱা ১২ ছেপ্টেম্বৰত ম্যানমাৰ শিবিৰৰ পৰা অসমলৈ আহি থাকোতেই জাগুনত তিনিচুকীয়া আৰক্ষীৰ হাতত ধৰা পৰিছিল ।

উল্লেখযোগ্য যে, পূৰ্ণিমা বৰা ওৰফে লেঃ মিতু অসমে কেতিয়াও আত্মসমৰ্পণ নকৰে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক । সম্প্ৰতি আলফা নেত্ৰী মিতু অসমক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Road Accident in Goalpara: শোকাৱহ পথ দূৰ্ঘটনাত শিশুসহ নিহত ৫

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.