ETV Bharat / state

Incomplete Bridge : আৰম্ভ হোৱাৰ 10 বছৰ পাচতো অসম্পূৰ্ণ দলঙৰ কাম

author img

By

Published : Dec 3, 2021, 6:25 PM IST

বঙাইগাঁও জিলাৰ বৰঘোলাৰ আই নৈ(Aie River)ৰ ওপৰত আধা নিৰ্মাণ হোৱা এখন দলঙে (Incomplete bridge on the Aie river of Bongaigaon) জ্বলা-কলা খুৱাইছে স্থানীয় যাত্ৰীসকলক ৷ 2018 চনত 41 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা দলংখনৰ 480 মিটাৰ কামহে সম্পূৰ্ণ হৈছে ৷ যাৰ বাবে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে ৰাইজে ৷

Under Construction Bridge in Bongaigaon
প্ৰকল্প আৰম্ভ হোৱাৰ 10 বছৰ পাচতো অসম্পূৰ্ণ দলঙৰ কাম

বঙাইগাঁও, 3 ডিচেম্বৰ : চৰকাৰৰ উদাসীনতা আৰু উন্নয়নমূলক কামৰ শামুকীয়া গতিৰ উদাহৰণ হিচাপে ক’ব পাৰি বঙাইগাঁৱৰ বৰঘোলাৰ আই নৈ(Aie River)ৰ ওপৰত 10 বছৰ ধৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা এখন দলঙৰ কথা ৷ বৰঘোলাৰ মানাহ নৈৰ ওপৰত থকা এখন দলঙৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে(Bridge under construction over Manas River at Barghola) ৰাইজে দৈনিক বিপদসংকুলভাৱে নাৱেৰে পাৰা-পাৰ হবলগীয়া হয় (A dangerous river crossing) ৷ ইফালে নৈৰ পানী কম হ’লে কাষতে থকা বাঁহৰ সাঁকোৰে তেওঁলোকে যাতায়াত কৰা পৰিলক্ষিত হয় ৷ উত্তৰ অভয়াপুৰী সমষ্টি মাজেৰে বৈ যোৱা আই নৈৰ বৰঘোলা-কাহিবাৰী পাৰঘাটত আছে এই দলংখন ৷

প্ৰকল্প আৰম্ভ হোৱাৰ 10 বছৰ পাচতো অসম্পূৰ্ণ দলঙৰ কাম

2018 চনত 41 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা দলংখনৰ 480 মিটাৰ কাম সম্পূৰ্ণ কৰা হৈছে যদিও পূৱফালে নৈৰ গৰাখহনীয়া হোৱাত দলংখন নৈৰ মাজভাগলৈহে সীমিত থাকে ৷ ইয়াৰ পাচৰ পৰাই প্ৰায় 10-12 খন গাঁৱৰ লোকে নিতৌ মৰণত শৰণ দি নৈ পাৰ হ’বলগীয়া হৈছে ৷ এনে পৰিস্থিতিৰ বাবে বহু সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহত হৈছে বহুকেইজন লোক ।

অৱশ্যে শেহতীয়াকৈ দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিছে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ আৰু ঠিকাদাৰ ৰুদ্ৰ পাঠকে ৷ দুয়োগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ৰ সৈতে যোগাযোগ কৰি নৈখনৰ পূৱফালে প্ৰায় তিনিদিন ধৰি ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে নিৰ্মাণৰ কাম । শীঘ্ৰেই দলংখনৰ কাম সম্পূৰ্ণ কৰি যাতায়াতৰ পথ সুচল কৰি তুলিবলৈ স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : জৰাজীৰ্ণ অৱস্থাত ঐতিহাসিক নামতিপুল দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.