ETV Bharat / state

হুইল চেয়াৰত ঘূৰিছে জীৱনৰ ছন্দ : দৃষ্টি গোচৰ হ’বনে বিজেপিৰ নেতা কৰ্মীৰ ?

author img

By

Published : Dec 3, 2021, 6:51 PM IST

Updated : Dec 4, 2021, 7:57 AM IST

হুইল চেয়াৰত ঘূৰিছে জীৱনৰ ছন্দ ৷ লখিমপুৰৰ নাওবৈচাৰ লথৌৰ ৰোহিনী কুমাৰ বৰুৱা নামৰ এগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মী (Senior BJP party worker) দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ সম্প্ৰতি শয্যাগত অৱস্থাত আছে ৷ কিন্তু বৰ্তমানেও দলটোৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে জ্যেষ্ঠ বিজেপি কৰ্মীজনে ৷

Senior bjp worker in lakhimpur struggling with ill health
হুইল চেৰাত ঘূৰিছে জীৱনৰ ছন্দ : দৃষ্টি গোচৰ হবনে বিজেপিৰ নেতা কৰ্মীৰ ?

নাওবৈচা, 3 ডিচেম্বৰ : ডেকা কালৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছিল লখিমপুৰৰ নাওবৈচাৰ লথৌৰ এগৰাকী ব্যক্তিয়ে ৷ সেয়ে জীৱনজুৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি গৈছিল ৰোহিনী কুমাৰ বৰুৱা নামৰ দলৰ এইগৰাকী জেষ্ঠ কৰ্মীয়ে ৷

সম্প্ৰতি ৰোহিনী কুমাৰ বৰুৱা শয্যাগত ৷ বিগত কেইবাদিন ধৰি ৰোহিনী কুমাৰ বৰুৱা উচ্চ ৰক্তচাপ(high blood pressure)ত আক্ৰান্ত হৈ বিচনাখনকে সাৰথি কৰি লৈছে(Senior bjp worker in lakhimpur struggling with ill health) ৷ কিন্তু বৰ্তমানেও কোনো এজন বিজেপি নেতাৰ আহৰি নাই এই জেষ্ঠ বিজেপি কৰ্মীজনৰ খবৰ ল'বলৈ ৷ ফলত ক্ষোভিত হৈ পৰিছে ৰোহিনী বৰুৱা আৰু তেওঁৰ পত্নী ৷

জ্যেষ্ঠ বিজেপি নেতাৰ দুখেৰে ভৰা জীৱন

আনকি দুবছৰ পূৰ্বে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ নিজা সাঁচতীয়া ধনেৰেই চিকিৎসা গ্ৰহণ কৰি আহিছিল জেষ্ঠ বিজেপি কৰ্মীজনে ৷ কিন্তু বিগত বহুদিন ধৰি অৰ্থৰ অভাৱ (financial crisis)ত ঘৰতে এতিয়া মৃত্যুৰ ক্ষণ গণি থাকিবলগীয়া হৈছে ৰোহিনী কুমাৰ বৰুৱাই ৷ বিজেপি দলটোৰ চূড়ান্ত বেয়াৰ দিনটো নিষ্ঠা আৰু সততাৰে দলৰ হকে কাম কৰি যোৱা ৰোহিনী কুমাৰ বৰুৱাৰ উন্নত চিকিৎসাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগুৱাই নাহিল ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজেপি দলৰ শীৰ্ষ নেতৃবৃন্দ ৷

উল্লেখ্য যে নিৰ্বাচন অহাৰ লগে লগে বিয়াগোম নেতা সকল বৰুৱাৰ জুপুৰিসদৃশ বাসগৃহত প্ৰৱেশ কৰাটো পৰম্পৰা আছিল ৷ ফলত বৰুৱাই দুগুণ উৎসাহৰে নেতা কৰ্মীসকলৰ লগত দলীয় কামত দেহে-কেহে খাটিছিল ৷ তথাপিও বিপদৰ সময়ত দলৰ এলাগী হৈ ৰ'ল জেষ্ঠ বিজেপি কৰ্মী ৰোহিনী কুমাৰ বৰুৱা ৷ ফলত বিজেপিৰ এনে এগৰাকী অক্লান্ত যোদ্ধাৰ দুৰ্দশা দেখি অঞ্চলবাসীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : New Vehicle Rules in Assam: কলিয়াবৰত ধোঁৱাচাঙত উঠিল চৰকাৰী নিৰ্দেশনা

Last Updated :Dec 4, 2021, 7:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.