Giant Catfish at Diphu: ১ কুইণ্টল ১০ কেজি ওজনৰ এটা মাছক লৈ কৌতুহল

By

Published : Dec 3, 2021, 5:18 PM IST

thumbnail

পুৱাই ডিফুৰ জনৈক বিক্ৰমৰ মাছ দোকানত ভিৰ কৰিছে অসংখ্য গ্ৰাহকে ৷ সকলো গ্ৰাহকক লাগে বিক্ৰেতা জনৈক বিক্ৰমৰ দোকানত থকা বিশেষ মাছটো ৷ যাৰ বাবে শুকুৰবাৰে পুৱাই কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ দৈনিক মাছ বজাৰ (Diphu Fish Market)ত গ্ৰাহকৰ হেঁতা-ওপৰা পৰিলক্ষিত হয় ৷ কিয় বাৰু এটা বিশেষ মাছক লৈয়ে সৃষ্টি হৈছে উত্তেজনা ? কাৰণটো জানিলে আপুনিও আচৰিত হ’ব ৷ কিয়নো মাছ বিক্ৰেতা জনৈক বিক্ৰমৰ মাছৰ দোকানত আছে প্ৰায় ১ কুইণ্টল ১০ কেজি এজনৰ এটা প্ৰকাণ্ড গৰুৱা মাছ(Huge Gorua Fish) ৷ প্ৰকাণ্ড মাছটো চোৱাৰ লগতে প্ৰকাণ্ড গৰুৱা মাছ (Giant catfish)ৰে তৃপ্তিৰে এসাজ জুতি ল’বলৈ গ্ৰাহকৰ মাজত দেখা গ’ল কৌতুহল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.