ETV Bharat / state

APDCLৰ নাম লৈ প্ৰৱঞ্চকে গ্ৰাহকৰ পৰা লুটিছে ধন

author img

By

Published : Dec 3, 2021, 5:39 PM IST

APDCLৰ নাম লৈ আবিৰ্ভাৱ ঘটিল প্ৰৱঞ্চকৰ(Fraud in the name of APDCL) ৷ APDCL ত কৰ্মৰত বুলি ভূৱা পৰিচয় পত্ৰ দেখুৱাই বিল নিদিলে বিদ্যুৎ সংযোগ বিছিন্ন কৰি দিব বুলি ভাবুকি দি ৰাইজৰ পৰা টকা সৰকালে যুৱকে ৷ ভাবুকি দিয়েই সন্তুষ্ট নাথাকি দুই এঘৰৰ বিদ্যুৎ সংযোগো বিছিন্ন কৰি দিছিল যুৱক জনে ৷ সবিশেষ জানো আহক ৷

fake-apdcl-employee-in-jorhat
কেনেকৈ APDCLৰ নাম লৈ বিদ্যুত সংযোগ বিছিন্ন কৰিলে প্ৰৱঞ্চকে

যোৰহাট, 3 ডিচেম্বৰ : ৰাজ্যত চৌদিশে চলি আছে প্ৰৱঞ্চক, প্ৰতাৰকৰ উপদ্ৰৱ ৷ ক’ৰবাত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি কোনো নিবনুৱাক ঠগিছে, আন ক’ৰবাত নানানটা আভুৱা ভৰা কথাৰে আ-অলংকাৰ লুটি-পুটি নিছে প্ৰৱঞ্চকে ৷ মুঠৰ ওপৰত প্ৰতাৰক প্ৰৱঞ্চকৰ জালক পৰি হাহাকাৰ কৰিছে ৰাজ্যবাসীয়ে ৷ এইবাৰ APDCLৰ নাম লৈ আবিৰ্ভাৱ ঘটিল প্ৰৱঞ্চকৰ ৷ যোৰহাটত APDCLৰ কৰ্মচাৰী বুলি কৈ ৰাইজৰ মূৰত ৰামটাঙোন সোধালে এজন যুৱকে(Fake APDCL employee in Jorhat) ৷

স্মার্ট মিটাৰ লগোৱাৰ নামত প্ৰায় ৪৫,০০০ ৰো অধিক টকা লৈ ৰাইজক প্ৰবঞ্চনা কৰিলে এজন যুৱকে । APDCL ত কৰ্মৰত বুলি ভূৱা পৰিচয় পত্ৰ দেখুৱাই বিল নিদিলে বিদ্যুৎ সংযোগ বিছিন্ন কৰি দিব বুলি ভাবুকি দি ৰাইজৰ পৰা টকা সৰকালে যুৱকজনে(Fraudulent activity in the name of APDCL in Jorhat) ৷ জানিব পৰা মতে, মাজুলীৰ এই যুৱকজনৰ নাম গৌতম বৰা ৷ অভিযোগ অনুসৰি ভাবুকি দিয়েই সন্তুষ্ট নাথাকি দুই এঘৰৰ বিদ্যুৎ সংযোগ বিছিন্ন কৰিও দিছিল গৌতমে ।

কেনেকৈ APDCLৰ নাম লৈ বিদ্যুত সংযোগ বিছিন্ন কৰিলে প্ৰৱঞ্চকে

এই ক্ষেত্ৰত ৰাইজে যোৰহাটৰ বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ত খবৰ কৰাত এই কথা পোহৰলৈ আহে যে, প্ৰকৃততে তেওঁ APDCL ৰ কৰ্মী নাছিল । ইয়াৰ পিছতে, যোৰহাটৰ বিদ্যুৎ বিভাগৰ SDO ই এই ঘটনাৰ সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে(FIR against Fake APDCL employee ) । উল্লেখযোগ্য যে, প্ৰবঞ্চনাৰ বলি হোৱা লোকসকলে সম্প্ৰতি মুখ্যমন্ত্ৰীৰ লগতে বিদ্যুৎ বিভাগৰ মন্ত্ৰী বিমল বৰাকো এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিবৰ বাবে অনুৰোধ জনাইছে ।

লগতে পঢ়ক : Traffic Rules Violation in Dibrugarh : আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ডিব্ৰুগড় পৰিবহন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.