ETV Bharat / state

Har Ghar Dastak in Barpeta: ভেকচিন দিব গৈ অপ্ৰীতিকৰ পৰিস্থিতিত চিকিৎসকৰ দল

author img

By

Published : Dec 3, 2021, 4:33 PM IST

পাঁচ ডিচেম্বৰৰ ভিতৰত ক’ভিড ভেকচিনৰ প্ৰথম পালিৰে সকলোকে সাঙুৰি লোৱা লক্ষ্য ৰাজ্যৰ স্বাস্থ্য বিভাগ(Har Ghar Dastak vaccinating campaign launched in Assam)ৰ । পিছে ভেকচিন দিবলৈ যোৱা চিকিৎসক, যুটীয়া সঞ্চালক আৰু স্বাস্থ্যকৰ্মীৰ ঠায়ে ঠায়ে হৈছে লটি ঘটি । ভেকচিন দিবলৈ গৈ বহু ঠাইত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে স্বাস্থ্য বিষয়া, চিকিৎসকৰ দল । এনে এক ঘটনা সংঘটিত হৈছে সৰ্থেবাৰীৰ বেলবাৰীত ৷

har ghar dastak vaccination campaign in barpeta
অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন স্বাস্থ্যবিষয়া-চিকিৎসকৰ দল

বৰপেটা ৩ ডিচেম্বৰ : বৰপেটা জিলাৰ সাৰ্থেবাৰীত ক’ভিড ভেকচিন নোলোৱা লোকৰ ঘৰে ঘৰে উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী । এতিয়াও একাংশ লোকে ইচ্ছাকৃতভাৱে লোৱা নাই ভেকচিন । যাৰ বাবে স্বাস্থ্য বিষয়া, চিকিৎসকৰ দলে হৰ ঘৰ দস্তক অভিযান(Har Ghar Dastak Campaign)ৰ অধীনত এনে লোকৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ মাজত ভেকচিনৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে ভেকচিন প্ৰদান কৰিছে ৷

har ghar dastak vaccination campaign in barpeta
ক’ভিড ভেকচিনেছন

পিছে বৰপেটাৰ সৰ্থেবাৰীৰ বেলবাৰীত ভেকচিন দিবলৈ গৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল যুটীয়া সঞ্চালকৰ লগতে চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটা দল । সৰ্থেবাৰীৰ বেলবাৰীৰ ৰাজেন শীলৰ পৰিয়ালে এতিয়াও লোৱা নাই ভেকচিন । যাৰ বাবে শুকুৰবাৰে ৰাজেন শীলৰ বাসগৃহত উপস্থিত হৈছিল বৰপেটা জিলাৰ যুটীয়া সঞ্চালক, সৰুক্ষেত্ৰী ত্ৰিশখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ প্ৰণৱজোতি দাসসহ স্বাস্থ্যকৰ্মীৰ দল ।

অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন স্বাস্থ্যবিষয়া-চিকিৎসকৰ দল

চিকিৎসকৰ দল দেখি ক্ৰোধান্বিত হৈ পৰে ৰাজেন শীলৰ । ৰাজেন শীলে যুটীয়া সঞ্চালকৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হোৱাৰ লগতে দুঃব্যৱহাৰ কৰে যুটীয়া সঞ্চালকৰ লগতে চিকিৎসা কৰ্মীৰ দলটোক । পিছত অতিৰিক্ত উপায়ুক্ত লাচিত দাস ঘটনাস্থলীত উপস্থিত হৈ ৰাজেন শীল আৰু পৰিয়ালটোক বুজাই বঢ়াই ভেকচিন ল’বলৈ মান্তি কৰে ৷

লগতে পঢ়ক : কলিয়াবৰত ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ গৈ প্ৰশাসনৰ লোকৰ অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.