ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 5, 2022, 2:55 PM IST

TOP 10 AT 3 PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam secretariat water supply: অসম সচিবালয়ৰ পানীৰ খৰচ দিব লাগিব জনতাই

অসম সচিবালয়ত খোৱা পানীৰ বাবে একুৱাগাৰ্ডৰ ব্যৱস্থা আছে যদিও 5 টা কোম্পানীৰ পৰা উৎপাদিত খোৱাপানীৰ বাবে নিবিদা আহ্বান কৰা হৈছে ৷ এবছৰীয়া চুক্তি কৰি তাৰ বাবে আবণ্টন দিয়া হ’ব ঠিকা ৷ সচিবালয়ত লাগে 20 লিটাৰৰ 324 টা জাৰ, 500 মিলি লিটাৰৰ 19008 টা বটল আৰু 250 মিলি লিটাৰৰ 17568 টা বটল ৷ আনহাতে নিবিদা দাখিলৰ শেষ তাৰিখ হৈছে 17 ডিচেম্বৰ ৷ এই পানী সচিবালয়লৈ অহাৰ বিনিময়ত খৰচ হোৱা ধন ৰাশি ভৰিব লাগিব সাধাৰণ জনতাই ৷

DU Ragging Update: ৰাহুলক জেৰা চলাবলৈ ডিব্ৰুগড়ত উপস্থিত DIG জিৎমল দলে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙকাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণৰ পাছতে ডিব্ৰুগড় সদৰ থানাত উপস্থিত উজনি অসমৰ DIG জিৎমল দলে(DU ragging incident) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ ঘটনাৰ 8 দিনৰ পাছত সোমবাৰে আত্মসমৰ্পণ কৰে ৰাহুল চেত্ৰীয়ে (Rahul Chetry surrendered) ৷ ইয়াৰ পাছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী । ৰাহুল চেত্ৰীক জেৰা চলাবলৈ ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছে উজনি অসমৰ DIG জিৎমল দলে (DU ragging case investigation)। DIGগৰাকীৰ মন্তব্য, ‘‘ৰেগিংকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া সঠিক ৰূপত আগবঢ়িছে, কোনো দোষীয়েই সাৰি যাব নোৱাৰিব’’ (DIG Jitmol Doley)।

Prime accused of DU ragging: অৱশেষত লেখাপানী থানাত আত্মসমৰ্পণ কৰিলে ৰাহুল চেত্ৰীয়ে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ (DU ragging incident) ৷ লেখাপানী থানাত আত্মসমৰ্পণ ৰাহুল চেত্ৰীৰ (Rahul Chetry Surrendered) ৷ আনন্দ শৰ্মাৰ ৰেগিঙেৰে জড়িত আছিল ৰাহুল চেত্ৰী ৷ কিছু দিন ধৰি পলাতক অৱস্থাত আছিল ৰাহুল চেত্ৰী ৷ ইতিমধ্যেই ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে ৰাহুল চেত্ৰীক (DU ragging prime accused) ৷

World Soil Day 2022: বিশ্ব ভূমি দিৱস আৰু ইয়াৰ তাৎপৰ্য

প্ৰতিবছৰে ৫ ডিচেম্বৰত খাদ্য আৰু কৃষি সংস্থাই জনসংখ্যা বৃদ্ধিৰ বাবে মাটিৰ খহনীয়া হ্ৰাস কৰাৰ দিশত কাম কৰাৰ বাবে, উৰ্বৰ মাটিৰ প্ৰতি আৰু সম্পদ হিচাপে মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ‘বিশ্ব মাটি দিৱস’ উদযাপন কৰি আহিছে । জানো আহক ইয়াৰ ইতিহাস তাৎপৰ্য আৰু দিনটোৰ বিষয়বস্তু ৷

DU ragging case : ৰাহুল চেত্ৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আহ্বান আনন্দ শৰ্মাৰ আত্মীয়ৰ

ৰাহুল চেত্ৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীয়ে (Parents of Anand Sharma React on surrender of Rahul Chetry) ৷ আনন্দ শৰ্মাৰ দৰে ৰেগিঙৰ ঘটনা যাতে কাৰো লগত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান আনন্দ শৰ্মাৰ মাতৃৰ ৷

Road accident: ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিজনে

লখিমপুৰৰ হাৰমতিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Lakhimpur) । দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী স্কুটী আৰোহীৰ লগতে এগৰাকী মেজিক আৰোহীৰ (Three died in road accident in lakhimpur) ।

Gujrat Assembly Election 2022: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ

আজি অনুষ্ঠিত হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ(Gujrat election phase2) ৷ গুজৰাট বিধানসভাৰ 14 খন জিলাৰ মুঠ 93টা সমষ্টিৰ বাবে পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হৈছে ভোট গ্ৰহণ (Gujrat assembly election) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহমেদাবাদৰ Nishan Public school ত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ (PM Modi cast his vote) ৷ উল্লেখ্য যে, 1 ডিচেম্বৰত অনুষ্ঠিত হৈছিল গুজৰাট বিধানসভাৰ মুঠ 182টা সমষ্টিৰ 89টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ আনহাতে 8 ডিচেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল ৷ 27বছৰে গুজৰাট শাসন কৰা বিজেপিয়ে পূৰ্বৰ দৰে নিজৰ ধাৰা বজায় ৰাখিব পাৰিবনে তাৰ প্ৰতি দৃষ্টি নিবদ্ধ আছে দেশবাসীৰ ৷ কাৰণ এইবাৰ নিৰ্বাচনত বিজেপিৰ মূল প্ৰতিদ্বন্দি হিচাপে থিয় দিছে আম আদমী পাৰ্টী(Gujrat AAP)৷

ULFA(I) Press Release: আলফা(স্বা:)ৰ সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু

আলফা(স্বা:)ৰ সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু(ULFA I member) ৷ আলফা(স্বা:)ৰ 86নং গোটৰ নবাগত সদস্য আছিল যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম ৷ যোৱা কিছু দিন ধৰি একাধিক জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাইভেট দীপক অসম ৷

Prime accused of DU ragging: অৱশেষত লেখাপানী থানাত আত্মসমৰ্পণ কৰিলে ৰাহুল চেত্ৰীয়ে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ (DU ragging incident) ৷ লেখাপানী থানাত আত্মসমৰ্পণ ৰাহুল চেত্ৰীৰ (Rahul Chetry Surrendered) ৷ আনন্দ শৰ্মাৰ ৰেগিঙেৰে জড়িত আছিল ৰাহুল চেত্ৰী ৷ কিছু দিন ধৰি পলাতক অৱস্থাত আছিল ৰাহুল চেত্ৰী ৷ ইতিমধ্যেই ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে ৰাহুল চেত্ৰীক (DU ragging prime accused) ৷

Drones to deliver drugs : মেঘালয়ৰ দূৰৱৰ্তী অঞ্চলৰ স্বাস্থ্য সেৱাত ব্যৱহাৰ হ'ব ড্ৰোণ

মেঘালয়বাসীৰ বাবে সুখবৰ । ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলসমূহলৈ ড্ৰোণৰ জৰিয়তে ঔষধ, ভেকছিন আদি প্ৰেৰণ কৰা হ'ব । এই প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে জেংজালৰ মহকুমা চিকিৎসালয়ত ড্ৰোণ ষ্টেচন নিৰ্মাণ কৰা হৈছে (Jengjal drone station)। সোমবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই ড্ৰোণ ষ্টেচন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.