Drones to deliver drugs : মেঘালয়ৰ দূৰৱৰ্তী অঞ্চলৰ স্বাস্থ্য সেৱাত ব্যৱহাৰ হ'ব ড্ৰোণ

author img

By

Published : Dec 5, 2022, 11:21 AM IST

Meghalaya

মেঘালয়বাসীৰ বাবে সুখবৰ । ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলসমূহলৈ ড্ৰোণৰ জৰিয়তে ঔষধ, ভেকছিন আদি প্ৰেৰণ কৰা হ'ব । এই প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে জেংজালৰ মহকুমা চিকিৎসালয়ত ড্ৰোণ ষ্টেচন নিৰ্মাণ কৰা হৈছে (Jengjal drone station)। সোমবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই ড্ৰোণ ষ্টেচন ।

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এখন পাহাৰীয়া ৰাজ্য মেঘালয় । পাহাৰীয়া ৰাজ্যখনৰ বাট-পথ আদিও সুগম নহয় । কিছুমান স্থানত বসতি আছে যদিও নাই বাট-পথ । সেই অঞ্চলসমূহলৈ মানুহবোৰে কেৱল খোজকাঢ়িহে যাব পাৰে । তেনে পৰিস্থিতিত সেই অঞ্চলৰ লোকসকল চিকিৎসা সেৱা আৰু অন্যান্য সেৱাসমূহৰ পৰা বঞ্চিত হৈছে ।

এই ধৰণৰ এক অঞ্চল হৈছে পশ্চিম গাৰো পাহাৰ জিলাৰ পেডেলডোবা । উক্ত অঞ্চলটোত পেডেলডোবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে যদিও কেন্দ্ৰটোলৈ ঔষধ-পাতি প্ৰেৰণত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৫ টা উপ-কেন্দ্ৰও আছে । সেইবোৰলৈও যাতায়তৰ পৰ্যাপ্ত সুবিধা নাই । ফলস্বৰূপে স্বাস্থ্য বিভাগে চিকিৎসা সামগ্ৰী আৰু ঔষধ প্ৰেৰণ কৰাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে ।

অৱশ্যে এই পৰিৱেশ সোমবাৰৰ পৰা সলনি হোৱাৰ সম্ভাৱনা আছে । কিয়নো ড্ৰোণৰ জৰিয়তে পেডেলডোবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই লাভ কৰিব ঔষধ, ভেকছিন আৰু অন্যান্য স্বাস্থ্যসেৱাৰ সামগ্ৰী (Drones to deliver drugs to Meghalaya)। ভাৰ্টিপ্লেন X3 নামৰ বিশেষ ড্ৰোণৰ জৰিয়তে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোলৈ প্ৰেৰণ কৰা হ'ব স্বাস্থ্যসেৱাৰ সামগ্ৰীসমূহ (Vertiplane x3 to carry medicine to Pedaldoba) ।

ইতিমধ্যে এই ক্ষেত্ৰত সুবিধা হোৱাকৈ পেডেলডোবাৰ পৰা প্ৰায় ৬৯ কিলোমিটাৰ আৰু তুৰাৰ পৰা ৩২ কিলোমিটাৰ দূৰত জেংজালৰ মহকুমা চিকিৎসালয়ত ভাৰতৰ প্ৰথমটো ড্ৰোণ ষ্টেচন নিৰ্মাণ কৰা হৈছে (Drone station in Jengjal Meghalaya)। জেংজাল হৈছে জিলা সদৰ আৰু মেঘালয়ৰ পশ্চিম অংশৰ সৰ্ববৃহৎ চহৰ ।

এই সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী জেমছ পি কে চাংমাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ জনোৱা মতে, মেঘালয় চৰকাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰা উদাৰকৃত ড্ৰোণ নিয়ম ২০২১ক অনুসৰণ কৰি পৰিবহণৰ এক নতুন যুগৰ সূচনা কৰাৰ সিদ্ধান্ত লৈছে । ৰাজ্যখনৰ দুৰ্গম ভূখণ্ড আৰু প্ৰত্যাহ্বানপূৰ্ণ যাতায়াত ব্যৱস্থাৰ বাবে চৰকাৰে ৰাজহুৱা স্বাস্থ্য ল’জিষ্টিকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সেই অনুসৰি এটা পাইলট প্ৰজেক্ট হাতত লোৱা হৈছিল আৰু ২০২১ চনৰ ২৬ নৱেম্বৰত ৰাজ্যখনৰ পশ্চিম খাচী পাহাৰ জিলাৰ এখন অসামৰিক চিকিৎসালয়ৰ পৰা দুটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ড্ৰোণ উৰোৱা হৈছিল । অতি দুৰ্গম অঞ্চলত আছে এই PHC কেইটা ।

প্ৰথম প্ৰচেষ্টাত সফল হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে জেংজাল ড্ৰোণ ষ্টেচনৰ ওপৰত কাম কৰিবলৈ সিদ্ধান্ত । যিটো সোমবাৰে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই উদ্বোধন কৰিব (Meghalaya CM inaugurates drone station in Jengjal)। কাৰ্যকৰী হোৱাৰ পাছত, ড্ৰোণ ষ্টেচনটোৱে ৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সকলো গ্ৰাম্য স্বাস্থ্যসেৱা সুবিধাৰ বাবে পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে অসম-মেঘালয় সীমান্তৱৰ্তী পেডেলডোবা পশ্চিম গাৰো পাহাৰ জিলাৰ আটাইতকৈ দূৰৱৰ্তী অঞ্চলসমূহৰ ভিতৰত অন্যতম । পেডেলডোবাৰ এগৰাকী চিকিৎসাকৰ্মীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৫৫ খন গাঁৱৰ ১৮,৫৯৯ গৰাকী লোকক অধিক উন্নত সেৱা আগবঢ়োৱাৰ বাবে ড্ৰোণ বিতৰণ প্ৰণালীৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে । মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ জেংজাল মহকুমা চিকিৎসালয়ত নৱনিৰ্মিত ড্ৰোণ ষ্টেচনত চিকিৎসা সামগ্ৰী প্ৰদানৰ বাবে এখন ভাৰ্টিপ্লেন X3 ড্ৰোণৰ জৰিয়তে পৰীক্ষাও কৰা হৈছে । জানিব পৰা মতে উক্ত অঞ্চলটোত থকা ৫৫ খন গাঁৱৰ ভিতৰত ৭ খন গাঁৱলৈ কেৱল খোজকাঢ়িহে যাব পাৰি ।

মেঘালয়ৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে ড্ৰোণ ষ্টেচনটোৱে প্ৰাৰম্ভিক এবছৰত দূৰৱৰ্তী স্বাস্থ্যসেৱা কেন্দ্ৰসমূহলৈ ভেকছিন, ঔষধ, ৰোগ নিৰ্ণয়ৰ নমুনা, তেজৰ ইউনিট আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ নিয়মীয়া আৰু জৰুৰীকালীন বিতৰণ চলাব । ড্ৰোণ ষ্টেচনটোৱে ২৫ টা পিএইচচিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব ৷ ইয়াৰে ৫ টা পিএইচচি, ষ্টেচন আৰম্ভ হোৱাৰ ঠিক পাছতে সেৱা আৰম্ভ কৰাৰ বাবে প্ৰথম পৰ্যায়ৰ বাবে চিনাক্ত কৰা হৈছে ৷ বাকী অঞ্চলসমূহলৈ পুনৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছতহে সেৱা আগবঢ়োৱা হ'ব ।

চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিদিনে ৫ৰ পৰা ৮ খন ড্ৰোণ বিমান পৰিচালনা কৰা হ'ব । বিষয়াসকলে লগতে কয় যে ৰাজ্যখনৰ আন ঠাইত কৌশলগত স্থানত একে ধৰণৰ ড্ৰোণ ষ্টেচন স্থাপন কৰাৰ পৰিকল্পনা আছে । মুখ্যতঃ মেঘালয়ৰ গ্ৰাম্য অঞ্চলত বাস কৰা ৭৯ শতাংশ লোকৰ সুবিধাৰ্থে এই পদক্ষেপ লোৱা হৈছে ।

লগতে পঢ়ক : Lalu kidney transplant : ছিংগাপুৰত হ'ব লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.