DU ragging case : ৰাহুল চেত্ৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আহ্বান আনন্দ শৰ্মাৰ আত্মীয়ৰ

author img

By

Published : Dec 5, 2022, 1:08 PM IST

DU ragging case
ৰাহুল ছেত্ৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আহ্বান আনন্দ শৰ্মাৰ আত্মীয়ৰ ()

ৰাহুল চেত্ৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীয়ে (Parents of Anand Sharma React on surrender of Rahul Chetry) ৷ আনন্দ শৰ্মাৰ দৰে ৰেগিঙৰ ঘটনা যাতে কাৰো লগত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান আনন্দ শৰ্মাৰ মাতৃৰ ৷

ডিব্ৰুগড়, 5 ডিচেম্বৰ : ‘‘আৰক্ষী তথা প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে ৷ প্ৰশাসনৰ হেঁচাৰ বাবেই আজি ৰাহুল চেত্ৰীয়ে আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ল ৷ ৰাহুল চেত্ৰীয়ে দোষী নহয় বুলি নিজকে কৈছে ৷ যদি তেওঁ দোষী নাছিল আৰম্ভণিতে কিয় আত্মসমৰ্পন নকৰিলে ?’’ ৰাহুল চেত্ৰীৰ আত্মসমৰ্পনৰ পাচতে এনেদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আনন্দ শৰ্মাৰ ভগ্নীয়ে (Parents of Anand Sharma React on surrender of Rahul Chetry) ৷

উল্লেখ্য যে, সোমবাৰে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে (DU ragging incident) ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰাবাসত সংঘটিত হোৱা ৰেগিঙৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল ৰাহুল চেত্ৰী (Dibrugarh University Ragging) ৷ তেতিয়াৰে পৰা ৰাহুলক বিচাৰি অভিযান অব্যাহত ৰাখিছিল ডিব্ৰুগড় আৰক্ষীয়ে ৷

ৰাহুল ছেত্ৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আহ্বান আনন্দ শৰ্মাৰ আত্মীয়ৰ

অৱশেষত সোমবাৰে লেখাপানী থানাত আত্মসমৰ্পণ কৰে ৰাহুল চেত্ৰীয়ে (Rahul Chetry Surrendered) ৷

লগতে পঢ়ক : DU ragging update: হাতত হেণ্ডকাফ লগাই ৰাহুল চেত্ৰীক চোঁচৰাই নিলে আৰক্ষীয়ে

আত্মসমৰ্পণৰ পিছতেই ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লয় ৰাহুল চেত্ৰীক (Dibrugarh Police) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণৰ পাচতে স্বস্তিৰ নিশ্বাস এৰিছে আনন্দ শৰ্মাৰ পৰিয়ালবৰ্গই ৷

এই ৰেগিংকাণ্ডৰ লগত জড়িত থকা দোষী কেইটাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীয়ে । আনন্দ শৰ্মাৰ দৰে ৰেগিঙৰ ঘটনা যাতে কাৰো লগত নহয়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে আনন্দ শৰ্মাৰ মাতৃয়ে ।

তথ্য অনুসৰি, বৰ্তমান পৰ্যন্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ লগত জড়িত ৰাহুল চেত্ৰীসহ মুঠ 7 জনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । ৰেগিঙৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলি আছে ৷ ঘটনাৰে জড়িত সকলো অভিযুক্তকে তদন্তৰ আঁওতালৈ অনা হ’ব বুলি সদৰী কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ (DU ragging case investigation)৷

লগতে পঢ়ক : DU Ragging Update: ৰেগিঙেৰে জড়িত কোনো সাৰি যাব নোৱাৰিব: বিশ্বজিৎ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.