DU Ragging Update: ৰেগিঙেৰে জড়িত কোনো সাৰি যাব নোৱাৰিব: বিশ্বজিৎ পেগু

author img

By

Published : Dec 5, 2022, 11:50 AM IST

DU Ragging Update

ক্ৰমাৎ সুস্থ হৈ উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ ঘটনাৰ ভুক্তোভোগী আনন্দ শৰ্মা (DU ragging incident) ৷ অতি কম দিনৰ ভিতৰতে আনন্দ শৰ্মা পূৰ্বৰ দৰে সুস্থ হৈ উঠিব ৷ আনহাতে, ঘটনাৰে জড়িত সকলৰ ওপৰত লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ সংবাদমাধ্যৰ আগত এই কথা সদৰি কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

ডিব্ৰুগড়, 5 ডিচেম্বৰ: ক্ৰমাৎ সুস্থ হৈ উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ ঘটনাৰ ভুক্তোভোগী আনন্দ শৰ্মা (DU ragging incident) ৷ চিকিৎসকৰ সহযোগত বিচনাত বহি হাত ভৰি ল’ৰাব পৰাৰ লগতে অলপ খোজ কাঢ়িব পৰিছে আনন্দ শৰ্মাই (DU ragging victim Anand Sarma) ৷ ডিব্ৰুগড়ত সংবাদমাধ্যমৰ আগত এই কথা অৱগত কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে (DC Biswajit Pegu) ৷

অতি কম দিনৰ ভিতৰতে আনন্দ শৰ্মা পূৰ্বৰ দৰে সুস্থ হৈ উঠিব বুলিও মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷ আনহাতে, বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ল আনন্দ শৰ্মাৰ ৷ উল্লেখ্য যে, ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই অতিক্ৰম কৰিলে 8টা দিন (DU ragging update)৷

আনহাতে সোমবাৰে লেখাপানী থানাত ঘটনাৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে আত্মসমৰ্পণ কৰাৰ পিছতেই আটক কৰিছে ডিব্ৰুগড় সদৰ আৰক্ষীয়ে(DU Rahul Chetry arrested) ৷

ৰেগিঙেৰে জড়িত কোনো সাৰি যাব নোৱাৰিব: বিশ্বজিৎ পেগু

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ মন্তব্য, ‘‘ৰেগিঙৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলি আছে, ইতিমধ্যেই 6 জন ছাত্ৰক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ ঘটনাৰে জড়িত সকলো অভিযুক্তই আহিব তদন্তৰ আঁওতালৈ’’(DU ragging case investigation)৷

লগতে আনন্দ শৰ্মা সুস্থ হৈ উঠিলে তেওঁৰো ভাষ্য গ্ৰহণ কৰা হ’ব বুলি সংবাদমাধ্যৰ আগত সদৰি কৰিছে জিলা উপায়ুক্তগৰাকীয়ে(DU Anand Sarma) ৷ কেৱল সিমানেই নহয়, যি সকল ছাত্ৰই এই ঘটনা সংঘটিত কৰিলে তেওঁলোক কোনেৱেই সাৰি যাব নোৱাৰিব বুলি স্পষ্টকৈ ঘোষণা কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

লগতে পঢ়ক: হাতত হেণ্ডকাফ লগাই ৰাহুল চেত্ৰীক চোঁচৰাই নিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.