Assam secretariat water supply: অসম সচিবালয়ৰ পানীৰ খৰচ দিব লাগিব জনতাই

author img

By

Published : Dec 5, 2022, 2:00 PM IST

Updated : Dec 5, 2022, 2:26 PM IST

Assam secretariat

অসম সচিবালয়ত খোৱা পানীৰ বাবে একুৱাগাৰ্ডৰ ব্যৱস্থা আছে যদিও 5 টা কোম্পানীৰ পৰা উৎপাদিত খোৱাপানীৰ বাবে নিবিদা আহ্বান কৰা হৈছে ৷ এবছৰীয়া চুক্তি কৰি তাৰ বাবে আবণ্টন দিয়া হ’ব ঠিকা ৷ সচিবালয়ত লাগে 20 লিটাৰৰ 324 টা জাৰ, 500 মিলি লিটাৰৰ 19008 টা বটল আৰু 250 মিলি লিটাৰৰ 17568 টা বটল ৷ আনহাতে নিবিদা দাখিলৰ শেষ তাৰিখ হৈছে 17 ডিচেম্বৰ ৷ এই পানী সচিবালয়লৈ অহাৰ বিনিময়ত খৰচ হোৱা ধন ৰাশি ভৰিব লাগিব সাধাৰণ জনতাই ৷

নিউজ ডেস্ক, 5ডিচেম্বৰ: চৰকাৰ আহিল, চৰকাৰ গ’ল ৷ কিন্তু কোনো এখন চৰকাৰৰ দিনতেই আজিলৈকে সমাধান নহ’ল গুৱাহাটী মহানগৰীৰৰ খোৱা পানীৰ সমস্যা(Guwahati drinking water crisis) ৷ শেহতীয়াকৈ গুৱাহাটীৰ খোৱা পানী সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি গুৱাহাটী পৌৰ নিগম গঠন কৰিলে বিজেপিয়ে ৷ কিন্তু তাৰ পিছতো সমাধান নহ’ল সমস্যাৰ৷ মহানগৰবাসীৰ খোৱা পানীৰ সমস্যা যেন চৰকাৰৰ বাবে খীৰতী গাইতহে পৰিণতি হৈছে ৷

বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ জনতাৰ ওপৰত চৰকাৰে জাপি দিছে ইটোৰ পিছত সিটো কৰৰ বোজা ৷ এইবাৰ আপুনি সাজু হওক মুখ্যমন্ত্ৰীৰ সচিবালয়ত পানী যোগানৰ নামত ব্যয় হোৱা ধনৰ বাবদ কৰ দিবলৈ (Cost of water in the Assam Secretariat ) ৷ কাৰণ সচিবালয়ত খোৱা পানীৰ বাবে আহ্বান কৰাৰ হৈছে 5টা কোম্পানীৰ নিবিদা ৷

উল্লেখ্য যে, সচিবালয়ত খোৱা পানীৰ বাবে একুৱাগাৰ্ডৰ ব্যৱস্থা আছে যদিও 5 টা কোম্পানীৰ উৎপাদিত খোৱাপানীৰ বাবে নিবিদা আহ্বান কৰা হৈছে ৷ এবছৰীয়া চুক্তি কৰি তাৰ বাবে আৱণ্টন দিয়া হ’ব ঠিকা ৷ সচিবালয়ত লাগে 20 লিটাৰৰ 324টা জাৰ, 500মিলি লিটাৰৰ 19008টা বটল আৰু 250মিলি লিটাৰৰ 17568টা বটল ৷ আনহাতে নিবিদা দাখিলৰ শেষ তাৰিখ হৈছে 17 ডিচেম্বৰ ৷ এই পানী সচিবালয়লৈ অহাৰ বিনিময়ত খৰচ হোৱা ধন ৰাশি ভৰিব লাগিব সাধাৰণ জনতাই ৷

উল্লেখ্য যে, গুৱাহাটীত পানী যোগানৰ নামত সংঘটিত হৈছিল বিয়াগোম লুই বাৰ্জাৰ কেলেংকাৰী (Louis Berger Scam)৷ য’ত নাম সাঙোৰ খাইছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰো(CM Himanta Biswa Sarma)৷ কিন্তু আজি 17 বছৰে সেই কেলেংকাৰীৰ তদন্ত কেৱল তদন্ত হৈয়ে থাকিল ৷ সম্প্ৰতি চলি থকা জাইকা পানী যোগান আঁচনিও বিফল ৷

যি সময়ত মহানগৰবাসীক এটুপি বিশুদ্ধি খোৱা পানী যোগান ধৰাত চৰকাৰ ব্যৰ্থ হৈছে তেনে সময়তে আকৌ সচিবালয়ত খোৱা পানীৰ বাবে সকলো সুবিধা থকাৰ পিছতো অন্যান্য কোম্পানীৰ পৰা আহ্বান কৰা হৈছে ৷ এফালে ঋণৰ বুজাত পোত গৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ ৷ তাৰ পিছতো ৰাইজৰ ধন অপচয়েৰে লাগ-বিলাস কৰাত ব্যস্ত চৰকাৰ-বাহাদুৰ ৷

লগতে পঢ়ক:পুনৰ ১২টা চিতাক আদৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ভাৰতৰ

Last Updated :Dec 5, 2022, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.