DU Ragging Update: ৰাহুলক জেৰা চলাবলৈ ডিব্ৰুগড়ত উপস্থিত DIG জিৎমল দলে

By

Published : Dec 5, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙকাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণৰ পাছতে ডিব্ৰুগড় সদৰ থানাত উপস্থিত উজনি অসমৰ DIG জিৎমল দলে(DU ragging incident) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ ঘটনাৰ 8 দিনৰ পাছত সোমবাৰে আত্মসমৰ্পণ কৰে ৰাহুল চেত্ৰীয়ে (Rahul Chetry surrendered) ৷ ইয়াৰ পাছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী । ৰাহুল চেত্ৰীক জেৰা চলাবলৈ ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছে উজনি অসমৰ DIG জিৎমল দলে (DU ragging case investigation)। DIGগৰাকীৰ মন্তব্য, ‘‘ৰেগিংকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া সঠিক ৰূপত আগবঢ়িছে, কোনো দোষীয়েই সাৰি যাব নোৱাৰিব’’ (DIG Jitmol Doley)। তদন্তৰ শেষত দোষীক উচিত শাস্তি প্ৰদান কৰা হ’ব বুলিও মন্তব্য কৰে উজনি অসমৰ DIG গৰাকীয়ে ৷ উল্লেখ্য যে, আজি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পিছতেই ৰাহুল চেত্ৰীক আদালতত হাজিৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.