ETV Bharat / state

11 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Feb 13, 2022, 11:03 AM IST

11 বজাৰ সংবাদ শীৰ্ষ
11 বজাৰ সংবাদ শীৰ্ষ

11 বজাৰ সংবাদ শীৰ্ষ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন সোণোৱালৰ

গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত শনিবাৰে পঞ্চকৰ্মা ব্ল’ক আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সাণোৱালে (Foundation stone Lay down at Panchakarma Centre of Excellence) । প্ৰায় ২০ কোটি টকা ব্যয়েৰে তিনিটা নতুন ভৱন নির্মাণ কৰা হ'ব আৰু ২০২৪ চনৰ ভিতৰত সম্পূর্ণ কৰা হ'ব ।

লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত গৰ্ভৱতী মহিলাৰ মৃত্যু

জানজুৰ আশ্ৰয় শিৱিৰত ৮ মহীয়া গৰ্ভৱতী মহিলাৰ মৃত্যু(Died of a pregnant woman evicted from Lumding reserve forest) । লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত হৈ জানজুৰ শিৱিৰত আশ্ৰয় লৈছিল মহিলাগৰাকীয়ে ৷ জানজুৰ পৰা লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ অনা পথত মৃত্যু হয় গৰ্ভৱতী মহিলাগৰাকীৰ ।

ৰাজনৈতিক দলৰ হৈ গীত পৰিৱেশন নকৰে জুবিনে

গোৱালপাৰাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ছেভেন ছিষ্টাৰ হাস্পাতাল আৰু গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটো শনিবাৰে মুকলি কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে(Zuben Garg inaugurate a new hospital and labotory) ৷ ভৱনটোৰ উদ্বোধনৰ পিছতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত শিল্পীগৰাকীয়ে এইবেলি বিহুত সীমিত সংখ্যক মঞ্চত গীত পৰিবেশন কৰাৰ কথা জানিবলৈ দিয়ে ৷

ভৱানীপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন চতুৰ্থ সংখ্যক পহুমাৰা মহোৎসৱ

সৃষ্টি-কৃষ্টি-সম্প্ৰীতি আৰু একতাৰ এনাজৰীৰে বজালীৰ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে চতুৰ্থ সংখ্যক পহুমাৰা মহোৎসৱ (Pahumara Mahotsav held in Bhabanipur) ।

কয়লা মাফিয়াৰে মুখ্যমন্ত্ৰীৰ ভোজ: সংবাদমেলত সৰৱ অসম জাতীয় পৰিষদ

শেহতীয়াভাৱে দিল্লী-অসম ভ্ৰমণত বৰাক উপত্যকাৰ এগৰাকী কুখ্যাত (পলাতক) 'চুপাৰি মাফিয়া’ আবু মজুমদাৰৰ সৈতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই নৈশভোজত অংশলোৱা এখন ফটো ‘ভাইৰেল’ হোৱা প্ৰসংগত সৰৱ অসম জাতীয় পৰিষদ ৷

Assam CMs controversial remarks about Rahul: মুখ্যমন্ত্ৰীৰ ফটোত চিঞাহী সানি কংগ্ৰেছৰ প্ৰতিবাদ

শিৱসাগৰ নগৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ (Youth congress protest in Sivasagar)। শিৱসাগৰত জিলা যুৱ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্ত । প্ৰথমে শিৱসাগৰ নগৰৰ পৰিবহণ তিনিআলিৰ এক ৰাজহুৱা হৰ্ডিঙত থকা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত সভাপতি অংকিতাই ক’লা চিয়াঁহী সানি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দিয়ে ।

Nagaon Police: আনন্দ মিশ্রবিহীন নগাঁৱত অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান

বহু অপৰাধীক নাকী লগাই নগাঁৱৰ পৰা বদলি হ’ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ বহুতে আশংকা কৰিছিল নগাঁও পুনৰ হৈ পৰিব অপৰাধীৰ ৰম্যভূমি ৷ পিছে আনন্দ মিশ্ৰবিহীন নগাঁৱত এতিয়াও অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান (Nagaon police continues to operation against crime) ৷ য’ত বিশেষ ভুমিকা গ্ৰহণ কৰিছে SI জোনমণি ৰাভাই ৷

নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত সংযোজিত হ'ব চাৰিটা জনজাতীয় ভাষা

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ পাঠ্যক্ৰমত সংযোজিত হ’ব চাৰিটা জনজাতীয় ভাষা (Assam Govt to introduce 4 tribal languages from LP School level) ৷ মিচিং, ৰাভা, তিৱা আৰু দেউৰী এই চাৰিটা ভাষা সংযোজিত হ'ব পাঠ্যক্ৰমত (Mising, Rabha, Tiwa and Deori will be used as a medium of instruction) ।

অধিক পানীপানৰ ফলতেই বিজেপিৰ সভাত সোমালগৈ শ্বেৰমান আলী

বিজেপিৰ সভালৈ যোৱা নাছিল বিধায়ক শ্বেৰমান আলী ৷ প্ৰস্ৰাৱাগাৰলৈহে গৈছিল ৷ পুৱা প্ৰায় চাৰি লিটাৰ পানী খোৱাৰ বাবেই সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হয় শ্বেৰমান আলিয়ে ৷ সেই সময়ত তাত বিজেপিৰ সভা হৈ থকাটো জ্ঞাত নাছিল শ্বেৰমান আলিৰ ৷ তাৰোপৰি শ্বেৰমান আলিৰ সৈতে বিজেপিৰ সৈতে তেওঁৰ নীতি-আদৰ্শ সম্পূৰ্ণ পৃথক । এনে বহু কথাৰে স্পষ্টিকৰণ দিলে শ্বেৰমান আলিয়ে (Sherman Ali reaction) ৷

Cattle smuggling: ভাৰত-বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত

বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিম বংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত কিছুদিন পূৰ্বে বহু সংখ্যক চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে শনিবাৰে পুনৰ বি এছ এফে পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ কোচবিহাৰৰ বালাভুট নামৰ সীমান্তত থকা গাঁৱত চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰিছে (BSF has arrested a cattle smuggler) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.