ETV Bharat / city

নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত সংযোজিত হ'ব চাৰিটা জনজাতীয় ভাষা

author img

By

Published : Feb 12, 2022, 8:44 PM IST

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ পাঠ্যক্ৰমত সংযোজিত হ’ব চাৰিটা জনজাতীয় ভাষা (Assam Govt to introduce 4 tribal languages from LP School level) ৷ মিচিং, ৰাভা, তিৱা আৰু দেউৰী এই চাৰিটা ভাষা সংযোজিত হ'ব পাঠ্যক্ৰমত (Mising, Rabha, Tiwa and Deori will be used as a medium of instruction) ।

assam-to-soon-introduce-four-tribal-languages-in-schools-for-classes-1-to-5
নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত সংযোজিত হ'ব চাৰিটা জনজাতীয় ভাষা

গুৱাহাটী, 12 জানুৱাৰী : অসমৰ শিক্ষাখণ্ডত সংযোজন হ'ব চাৰিটা নতুন ভাষা । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ranoj Pegu) ৱে সদৰি কৰা মতে অতি শীঘ্ৰেই পাঠ্যক্ৰমত নতুনকৈ সংযোজিত কৰা হ'ব 4 টা জনজাতীয় ভাষা (Assam Govt to introduce 4 tribal languages from LP School level) । মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষা সংযোজিত হ'ব পাঠ্যক্ৰমত (Mising, Rabha, Tiwa and Deori will be used as a medium of instruction) । প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ্যক্ৰমত এই চাৰিটা জনজাতীয় ভাষা যোগ হ'ব ৷

শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে জনোৱা মতে, জনজাতীয় লোক সকলৰ দাবী পূৰণৰ বাবেই এই চাৰিটা ভাষা পাঠ্যক্ৰমত সংযোজন কৰা হ'ব । নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত এই জনজাতীয় ভাষা চাৰিটা শিক্ষাৰ মাধ্যম হিচাবে যোগ কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, জনজাতীয় লোক সকলৰ দাবী আছিল যে নিম্ন প্ৰাথমিত স্তৰত এই ভাষা কেইটা সংযোজন হ'ব লাগে । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ইয়াৰোপৰি এই নতুন পাঠ্যক্ৰম এনেদৰে সজোৱা হ'ব যাতে ছাত্ৰ-ছাত্ৰীয়ে একে সময়তে এটা জনজাতীয় ভাষা শিকাৰ লগতে একে সমানে অসমীয়া আৰু ইংৰাজী ভাষাৰো জ্ঞান আহৰণ কৰিব পাৰে । উল্লেখ যে, ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগ আৰু আঠখন জনজাতীয় সাহিত্য সভাৰ মাজত হোৱা আলোচনাৰ অন্তত তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ।

নতুন শিক্ষা নীতি অনুসৰি পঞ্চম শ্ৰেণীলৈ মাতৃভাষাত শিক্ষাদান কৰাটো বাধ্যতামূলক । ইয়াৰ অংশ হিচাপে অসমীয়াৰ উপৰি উক্ত চাৰিটা ভাষাতো ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান হ’ব । লগতে শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, পাঠ্যক্ৰম প্ৰস্তুত আৰু উক্ত ভাষাকেইটাৰ শিক্ষক নিযুক্তিৰ বিষয়টো শিক্ষা বিভাগে পর্যবেক্ষণ কৰিব ।

লক্ষণীয় বিষয় যে, প্ৰাথমিক শিক্ষাত চাৰিটা নতুন জনজাতীয় ভাষা সংযোজন কৰাৰ দিশে অগ্ৰসৰ হোৱা শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু । একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বিহু বিষয়টো আঁতৰাই দিয়াৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে অসম চৰকাৰে । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা দুটা ঐচ্ছিক বিষয় বিহু আৰু স্বদেশ অধ্যয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যাক লৈ ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক : Assam municipal polls: পৌৰসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.