ETV Bharat / city

Assam municipal polls: পৌৰসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা

author img

By

Published : Feb 12, 2022, 7:16 PM IST

আগন্তুক পৌৰসভা নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু বিজেপি ৷ কিন্তু কৰবাত ক'ৰবাত অগপ আৰু বিজেপিৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা হ'ব বুলি গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ কমপ্লেক্সত শনিবাৰে অনুষ্ঠিত আগন্তুক পৌৰসভা নিৰ্বাচনক লৈ অনুষ্ঠিত হোৱা বিজেপিৰ প্ৰস্তুতি সভা (Municipal Election Preparation Meeting of BJP) ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে ।

municipal-election-preparation-meeting-of-bjp
পৌৰসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা

গুৱাহাটী, 12 ফেব্ৰুৱাৰী: আগন্তুক পৌৰসভা নিৰ্বাচনত বিজেপিৰ সৈতে অগপই লগ হৈ যুঁজ দিব ৷ কিন্তু কৰবাত ক'ৰবাত অগপ আৰু বিজেপিৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা হ'ব বুলি গুৱাহাটী মাছখোৱাৰ আই টি এ কমপ্লেক্সত শনিবাৰে অনুষ্ঠিত আগন্তুক পৌৰসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰস্তুতি সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে (AGP-BJP friendly contest) । এনে পৰিপ্ৰেক্ষিতত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰিবলৈ দলীয় কৰ্মকৰ্তাক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

AGPৰ প্ৰফুল্ল মহন্তৰ দিনৰ কথাক লৈ সমালোচনা কৰি ৰাজ্যৰ ৰাজনীতিত ভালদৰে চলি থকা AGP-BJP ৰ মিত্ৰতাত আঁচোৰ নেপেলাবলৈ কৰ্মকৰ্তাসকলক অনুৰোধ জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এপ্ৰিলৰ পিছত পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি হ'ব । এটা বছৰ সাংগাঠনিক কামত মনোনিৱেশ কৰিব লাগিব । বিজেপিৰ কৰ্মকৰ্তাসকলৰ বাবে এই বছৰটো গুৰুত্বপূৰ্ণ হ'ব । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় প্ৰতীক ব্যৱহাৰ নকৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

পৌৰসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা

এতিয়াৰে পৰা পঞ্চায়তত এলেকাত কোনো পঞ্চায়তৰ সভাপতিৰ পৰা Trade licence ল'ব নালাগে । মাত্ৰ সুৰা দোকানৰ বাবে পঞ্চায়তৰ সভাপতিৰ পৰা Trade licence ল'ব লাগিব । নিৰ্বাচনক দুৰ্বল বুলি নাভাবিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্মকৰ্তাসকলক আহ্বান জনায় । পৌৰ সভা নিৰ্বাচনত বিজেপিৰ জয়ৰ লক্ষ্য 100 শতাংশ । তদুপৰি নিৰ্বাচনত বেছিভোটত জয় হ'ব লাগিব । সেইবাবে নিৰ্বাচনক গুৰুত্বসহকাৰে লোৱাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । এইবাৰ বিজেপিৰ পৌৰ সভাৰ নিৰ্বাচনৰ ইস্তাহাৰ দুখন হ'ব । এখন ৰাজ্যিক আৰু আনখন জিলা বা স্থানীয় পৌৰসভাৰ পৰ্যায়ৰ ।

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীৰ অত্যাধিক ফটো লগাব নালাগে । এইবোৰ কৰিলে মোৰ লাজ লাগে । মোক আপোনালোকৰ হদয়ত স্থান দিলে হ'ব । গুৱাহাটী মাছখোৱাৰ আই টি এ কমপ্লেক্সত অনুষ্ঠিত এই সভাত বিজেপিৰ সভাপতি ভৱেশ কলিতা (MLA Bhabesh Kalita at Guwahati), বিজেপিৰ ৰাজ্যিক সাংগাঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, নগৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘল আৰু পল্লৱলোচন দাস আদি উপস্থিত থাকে ।

লগতে পঢ়ক : জনপ্ৰতিনিধিৰ বিলাসিতাৰ বাবে ৩৫ লাখ টকা ব্যয়ৰে ৫খন গ'ল্ফ কাৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.