ETV Bharat / state

লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত গৰ্ভৱতী মহিলাৰ মৃত্যু

author img

By

Published : Feb 13, 2022, 10:10 AM IST

died of a pregnant woman evicted from Lumding reserve forest
লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু

জানজুৰ আশ্ৰয় শিৱিৰত ৮ মহীয়া গৰ্ভৱতী মহিলাৰ মৃত্যু(Died of a pregnant woman evicted from Lumding reserve forest) । লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত হৈ জানজুৰ শিৱিৰত আশ্ৰয় লৈছিল মহিলাগৰাকীয়ে ৷ জানজুৰ পৰা লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ অনা পথত মৃত্যু হয় গৰ্ভৱতী মহিলাগৰাকীৰ ।

হোজাই, 13 ফেব্ৰুৱাৰী : লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ(Eviction Drive Carried Out In Lumding Reserve Forest) পাছত প্ৰশাসনে আশ্ৰয় প্ৰদান কৰিছে যদিও শিবিৰত পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰে ভিতৰত শিশু, গৰ্ভৱতী মহিলাসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ এনে সময়তে পৰিপুষ্টিৰ অভাৱত মৃত্যুক সাৱতি ল'বলগীয়া হ'ল লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত তথা জানজুৰ আশ্ৰয় শিৱিৰত আশ্ৰয় লৈ থকা এগৰাকী ৮ মহীয়া গৰ্ভৱতী মহিলাই(Died of a pregnant woman evicted from Lumding reserve forest) ৷

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হোজাই বন বিভাগে জিলা প্ৰশাসনৰ সহযোগত নৱেম্বৰ মাহত লামডিং বনাঞ্চলৰ চৰকাৰী ভূমিত বসবাস কৰি থকা লোকসকলক কৰিছিল উচ্ছেদ(Assam government evicts residents from Lumding reserve forest) । উক্ত উচ্ছেদিত লোকসকলৰ কিছু লোকক প্ৰশাসনে নখুটীৰ জানজুত আৰু আন কিছু লোকক চাংমাজিত সংস্থাপন দিছিল । বৰ্তমান এই উচ্ছেদিত লোকসকলে হোজাই জিলা প্ৰশাসন তথা চৰকাৰে শিবিৰত পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৷

লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু

নখুটীৰ জানজুৰ শিবিৰত আশ্ৰয় লৈ থকা আশ্বীনা বেগম নামৰ গৰ্ভৱতী মহিলাগৰাকীৰ চিকিৎসা তথা যাতায়তৰ অভাৱতে শনিবাৰে মৃত্যু হোৱাৰ অভিযোগ কৰে স্থানীয় লোকৰ লগতে হোজাই জিলা আমছুৱে । আমছুৰ হোজাই জিলা সমিতিৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইনে লামডিং বনাঞ্চলত উচ্ছেদ চলাই চৰকাৰে সংখ্যালঘু লোকসকলক নিৰ্যাতন চলোৱাৰ লগতে নিঃশেষ কৰাৰ যি পৰিকল্পনা আছিল, সেই মনোকামনা পূৰণ হৈছে বুলি অভিযোগ কৰে ।

জানজু আৰু চাংমাজিৰ আশ্ৰয় শিবিৰত বৰ্তমানলৈ সৰ্বমুঠ ৫ জন লোকৰ মৃত্যু হৈছে ৷ হোজাই জিলাৰ আমছুৱে এই আশ্ৰয় শিবিৰত চিকিৎসাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা প্ৰদানৰ দাবী জনাইছে চৰকাৰ তথা প্ৰশাসনক ৷

লগতে পঢ়ক : Lumding Eviction : লামডিঙৰ 400 টা উচ্ছেদিত পৰিয়ালক চাংমাজি ৰিজাৰ্ভলৈ স্থানান্তৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.