ETV Bharat / state

Lumding Eviction : লামডিঙৰ 400 টা উচ্ছেদিত পৰিয়ালক চাংমাজি ৰিজাৰ্ভলৈ স্থানান্তৰণ

author img

By

Published : Nov 24, 2021, 3:02 PM IST

evicted families shifted to changmaji reserve
লামডিঙৰ 400 টা উচ্ছেদিত পৰিয়ালক চাংমাজি ৰিজাৰ্ভলৈ স্থানান্তৰণ

লামডিং সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদ অভিযান (Lumding Eviction)ৰ ফলত গৃহহাৰা হোৱা 400 টা পৰিয়ালক অস্থায়ীভাৱে স্থানান্তৰিত কৰা হৈছে ডবকাৰ চাংমাজি ৰিজাৰ্ভলৈ (Changmaji Reserve) ৷ প্ৰায় 140 টা চাকমা আৰু গাৰু পৰিয়ালক নখুটিৰ জানজু ডেকাবস্তিত অস্থায়ীভাৱে সংস্থাপন কৰাৰ বিপৰীতে সংখ্যালঘু সম্প্ৰদায়ৰ পৰিয়ালক চাংমাজি ৰিজাৰ্ভত আশ্ৰয়ৰ সুবিধা প্ৰদান কৰা হৈছে ৷

হোজাই, 24 নৱেম্বৰ : হোজাই জিলাৰ ডবকাৰ চাংমাজি ৰিজাৰ্ভলৈ অস্থায়ীভাৱে স্থানান্তৰিত কৰা হৈছে লামডিং উচ্ছেদ অভিযান (Lumding Eviction)ত গৃহহাৰা হোৱা পৰিয়ালক ৷ মঙলবাৰে পুৱাৰ ভাগত মুঠ 400 টা উচ্ছেদিত পৰিয়ালক ডবকাস্থিত এই চাংমাজি ৰিজাৰ্ভ (Changmaji Reserve)লৈ স্থানান্তৰিত কৰা হয় ৷

লামডিং সংৰক্ষিত বনাঞ্চল (Lumding Reserve Forest)ৰ পৰা উচ্ছেদিত প্ৰায় 140 টা চাকমা আৰু গাৰু পৰিয়ালক নখুটিৰ জানজু ডেকাবস্তিত অস্থায়ীভাৱে সংস্থাপন দিয়াৰ বিপৰীতে সংখ্যালঘু সম্প্ৰদায়ৰ পৰিয়ালক চাংমাজি ৰিজাৰ্ভত আশ্ৰয়ৰ সুবিধা প্ৰদান কৰা হয় ৷ কিন্তু উচ্ছেদিত লামডিং সমষ্টিৰ কিছু সংখ্যক লোক এতিয়াও লামডিঙতে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

লামডিঙৰ 400 টা উচ্ছেদিত পৰিয়ালক চাংমাজি ৰিজাৰ্ভলৈ স্থানান্তৰণ

ইফালে উচ্ছেদিত লোকসকলক বিগত দিনত অবৈধ বাংলাদেশী আৰু অপৰাধী বুলি মন্তব্য কৰা হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱক তীব্ৰ সমালোচনা কৰে একাংশ দল-সংগঠনৰ প্ৰতিনিধিবৰ্গই ৷ চাংমাজিত আশ্ৰয় গ্ৰহণ কৰা লোকসকল অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত তীব্ৰ সংকটৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷

অৱশ্যে বৰ্তমানেও চাংমাজিত আশ্ৰয় গ্ৰহণ কৰা উচ্ছেদিত লোকসকলক বিশুদ্ধ খোৱাপানী আৰু শৌচাগাৰৰ ব্যৱস্থা কৰি দিয়া নাই জিলা প্ৰশাসনে ৷ ইয়াৰ ফলস্বৰূপে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে উচ্ছেদিত লোকসকলে ৷

লগতে পঢ়ক : Lumding forest encroachment: অৱশেষত হোজাই আৰক্ষীৰ হাতত ভূ-মাফিয়া নজৰুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.