ETV Bharat / state

Lumding forest encroachment: অৱশেষত হোজাই আৰক্ষীৰ হাতত ভূ-মাফিয়া নজৰুল

author img

By

Published : Nov 16, 2021, 10:08 AM IST

Hojai police arrested Land mafia Najrul
হোজাই আৰক্ষীৰ জালত নজৰুলক

লামডিং বনাঞ্চলত বেদখলকাৰীক সংস্থাপন দিয়া নজৰুল এতিয়া ৰঙাঘৰৰ আলহী । ধনৰ বিনিময়ত বেদখলকাৰীক বনাঞ্চলত থাকি খেতি কৰাৰ সুবিধা কৰি দিছিল ভূ-মাফিয়া নজৰুলে । লামডিং বনাঞ্চলত (Lumding Forest) প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়ত পোহৰলৈ আহে এই তথ্য । নজৰুলৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এজন লোককো ।

হোজাই, ১৬ নৱেম্বৰ : বেদখলকাৰীৰ মুখেৰেই লামডিং সংৰক্ষিত বনাঞ্চল(Lumding reserve forest) দখলৰ আঁৰৰ ৰহস্য ফাদিল হোৱাৰ পাচতে হোজাই আৰক্ষী(Hojai Police)য়ে গ্ৰেপ্তাৰ কৰিলে ভূ-মাফিয়া নজৰুল(Land Mafia Najrul)ক । লামডিং বনাঞ্চলতে নজৰুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, নজৰুলে চৰকাৰী ভূমি(Govt land)ত ধনৰ বিনিময়ত একাংশ লোকক থাকি খেতি কৰাৰ সুবিধা কৰি দিছিল ।

নজৰুলৰ নিৰ্দেশ মানিয়েই সকলো কাম কৰিছিল এইসকল লোকে । কিন্তু এতিয়া প্ৰশাসনৰ উচ্ছেদ (Eviction)ৰ বাবে গৃহহীন হৈছে বহু পৰিয়াল । বেদখলকাৰীয়ে নিজেই প্ৰকাশ কৰিছে যে, কেনেকৈ তেওঁলোকে বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰিছিল । বনাঞ্চল থকাৰ বাবদ প্ৰতিটো পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰিছিল নজৰুলে ।

লামডিং বনাঞ্চলত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়ত পোহৰলৈ আহে এই তথ্য । ইয়াৰ পাচতে নজৰুলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই আৰক্ষী-প্ৰশাসনক নিৰ্দেশ দিয়ে ।

আৰক্ষীয়ে নজৰুলক বিচাৰি অভিযান অব্যাহত ৰাখিছিল । হোজাই আৰক্ষীয়ে নজৰুলৰ লগতে আন এজন লোককো গ্ৰেপ্তাৰ কৰিছে । কিন্তু লোকজনৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । বৰ্তমান দুয়োকে ৰখা হৈছে হোজাই আৰক্ষী থানাত ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে লামডিং বনাঞ্চলত ভূমি বেদখল (Encroachment) কৰি থকা আব্দুল কালাম(Abdul Kalam) নামৰ এজন লোকে নজৰুলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । তেওঁ কৈছিল যে, নজৰুলৰ কু-কৰ্মৰ বিষয়ে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পাচতে নজৰুলে তেওঁক প্ৰহাৰ কৰিছে । সেয়ে, প্ৰাণৰ ভয়ত তেওঁ এবছৰ ধৰি পলাই আছে ।

লগতে পঢ়ক:'Assam Agricultural University'ৰ ২০২১-২২ বৰ্ষৰ অৰিয়েন্টেশ্যন অনুষ্ঠান সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.