'Assam Agricultural University'ৰ ২০২১-২২ বৰ্ষৰ অৰিয়েন্টেশ্যন অনুষ্ঠান সম্পন্ন

author img

By

Published : Nov 16, 2021, 8:43 AM IST

admission-to-assam-agricultural-university

সোমবাৰে অনুষ্ঠিত হৈ যায় অসম কৃষি বিশ্ববিদ্যালয়ৰ (Assam Agricultural University) ২০২১- ২২ বৰ্ষত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকল অৰিয়েন্টেশ্যন ৷ এই অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি বিভিন্ন উপদেশ দিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ৷

যোৰহাট ,16 নৱেম্বৰ : সোমবাৰে অনুষ্ঠিত হ'ল অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ ২০২১- ২২ বৰ্ষত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকল অৰিয়েন্টেশ্যন অনুষ্ঠান । এই অনুষ্ঠানত নৱাগত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ৷ বিশ্ববিদ্যালয়ৰ ড৹ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ৷

নিজ ভাষণত উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই কয়, ‘ভৱিষ্যত জীৱনৰ বাবে ব্যুৎপত্তি অৰ্জন কৰিবলৈ নতুন ধৰণৰ চিন্তা চৰ্চা আৰু নিজৰ উৰ্বৰ চিন্তাধাৰাক সঠিক ৰূপত আগবঢ়াই নি শিক্ষাৰ্থীসকলে নিজকে সম্পূৰ্ণ প্ৰস্তুত কৰিব লাগিব । প্ৰতিক্ষণতে নতুন নতুন ধাৰণা সমুহৰ সৈতে নিজকে আগুৱাই নিয়াৰ বাবে নিজস্ব আদৰ্শগত ধাৰণাকো গঢ় দিব লাগিব । সংগ্ৰামবিহীন জীৱন উপভোগ্য নহয় । সংগ্ৰাম অবিহনে জীৱনেই অসম্পূৰ্ণ । সেয়ে সংগ্ৰামৰ সৈতে মোকাবিলা কৰি জীৱন উপভোগ কৰি আগুৱাব লাগে । কাৰণ প্ৰত্যেক সমস্যাৰে সমাধান আছে ৷’

admission-to-assam-agricultural-university
'Assam Agricultural University'ৰ নামভৰ্তি

সমান্তৰালভাৱে, আচৰণগতভাৱেও সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগে । ব্যৱহাৰিক দিশেৰে নিজকে প্ৰস্তুত কৰি নিজকে সুখী অনুভৱ কৰি সামগ্ৰিকভাৱে অৰ্থপূৰ্ণ জীৱনৰ অধিকাৰী হ'বলৈ যত্ন কৰিব লাগিব । অৰ্থপূৰ্ণ জীৱন মানে কিন্তু ধনী হোৱা বা উচ্চ শিক্ষিত হোৱা বা পাৰফেক্ট হোৱাটো নুবুজায় । নিজৰ দৃঢ়তা , সততা আদি গুণেৰে সৈতে আনৰ বাবেও উৎসৰ্গিত মনোভাৱেৰে আনৰ বাবেও কিবা এটা কৰাৰ মানসিকতাৰে সুখী হ’ব লাগিব বুলিও কয় উপাচাৰ্য গৰাকীয়ে ৷

লগতে আনতকৈ কেনেকৈ পৃথককৈ গঢ় দিব পাৰি তাৰ বাবে যত্ন কৰাৰ লগতে সহ পাঠ্যক্ৰমিক বিষয় সমুহকো গুৰুত্ব দি ভৱিষ্যতৰ বাবে নিজকে সাজু কৰিব লাগিব । প্ৰান্তীয় এলেকা বা পৰিয়ালৰ পৰিচয়ৰ দৰে বিষয়বোৰ একাষৰীয়া কৰি নিজকে গঢ়ি তুলিবলৈ যত্নবান হ’ব লাগিব বুলি শিক্ষাৰ্থীসকলক উপদেশ দিয়ে উপাচাৰ্যগৰাকীয়ে ৷

এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড৹ জয়ন্ত ডেকা , সামূহিক বিজ্ঞানগুৰু ড৹ প্ৰণতি দাস, পঞ্জীয়ক তপন গোহাঁইৰ লগতে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল, সহযোগী বিজ্ঞানগুৰু, বিভাগীয় মুৰব্বী আৰু বিভাগীয় অধ্যাপক সকলো উপস্থিত থাকে ।

লগতে পঢ়ক : গুপ্তধনৰ সন্ধান : কি হ’ল Hollywood মাৰ্কা সন্ধানকাৰীৰ বিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.