ETV Bharat / city

কয়লা মাফিয়াৰে মুখ্যমন্ত্ৰীৰ ভোজ: সংবাদমেলত সৰৱ অসম জাতীয় পৰিষদ

author img

By

Published : Feb 12, 2022, 11:01 PM IST

শেহতীয়াভাৱে দিল্লী-অসম ভ্ৰমণত বৰাক উপত্যকাৰ এগৰাকী কুখ্যাত (পলাতক) 'চুপাৰি মাফিয়া’ আবু মজুমদাৰৰ সৈতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই নৈশভোজত অংশলোৱা এখন ফটো ‘ভাইৰেল’ হোৱা প্ৰসংগত সৰৱ অসম জাতীয় পৰিষদ ৷

ajp-organise-a-press-conference-in-guwahati
কয়লা মাফিয়াৰে মুখ্যমন্ত্ৰীৰ ভোজ

গুৱাহাটী, 12 ফেব্ৰুবাৰি : " ৰাজ্যত দিশপুৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে চুপাৰি সমান্তৰালকৈ "ক'লা হীৰা" কয়লাৰ organized syndicate ৷ ইমানদিনে বিক্ষিপ্তভাৱে চলি থকা অবৈধ কয়লা ব্যৱসায়ক বৈধতাৰ চোলা পিন্ধাই কৰ্ণাটকৰ খনি কেলেংকাৰীৰ আৰ্হিত কেন্দ্ৰীভূত ব্যৱস্থাৰে দিশপুৰৰ নিয়ন্ত্ৰণলৈ অনা হৈছে" শনিবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এইদৰে মন্তব্য কৰে (AJP organise press conference in Guwahati) ।

লগতে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত গঠন হোৱা বিজেপি চৰকাৰে অবৈধ ব্যৱসায়, চিণ্ডিকেট বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল । যাৰ ফলত কয়লা, চুপাৰি, গৰু তথা অন্য সামগ্ৰী অবৈধ ব্যৱসায় তথা চিণ্ডিকেট বন্ধ হ'ব বুলি সকলোৱে আশা কৰিছিল । পিছে সম্প্ৰতি তাৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা হৈছে ৷

ইতিমধ্যে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আদি চুবুৰীয়া ৰাজ্যৰ পৰা অসমৰ মাজেৰে সৰবৰাহ হোৱা কয়লাৰ ট্ৰাকসমূহৰ ক্ষেত্ৰতো অসম চৰকাৰে একো কৰিবলগীয়া নাই বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল । শেহতীয়াভাৱে দিল্লী-অসম ভ্ৰমণত বৰাক উপত্যকাৰ এগৰাকী কুখ্যাত (পলাতক) 'চুপাৰি মাফিয়া’ আবু মজুমদাৰৰ সৈতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা , কৃষি মন্ত্ৰী অতুল বৰা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই নৈশভোজত অংশলোৱা এখন ফটো ‘ভাইৰেল’ হোৱা প্ৰসংগত ভূঞাই কয় যে, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰী প্ৰেছ বিজ্ঞপ্তি জৰিয়তে নিশ্চিত কৰিছে চুপাৰি মাফিয়া আবু মজুমদাৰক তেওঁ ফালৰ পৰা আমন্ত্ৰিত নাছিল । অসমৰ মুখ্যমন্ত্ৰী ফালৰ পৰা তেওঁ উপস্থিত আছিল ।

কাছাৰ আৰক্ষীয়ে সন্ধান কৰি থকা এগৰাকী পলাতক অপৰাধী সৈতে মুখ্যমন্ত্ৰীয়ে নৈশভোজত ভাগ লোৱাটো স্বাভাবিকভাৱেই ৰহস্যজনক বুলিও মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে । লগতে এই কথাই চিণ্ডিকেটৰ সৈতে দিশপুৰৰ প্ৰত্যক্ষ সম্পৰ্ক থকা ইংগিত দিয়ে বুলি উল্লেখ কৰে । তদুপৰি সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক এই নৈশভোজৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় অসম জাতীয় পৰিষদে ।

আনহাতে সংবাদমেলত দলৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় যে, অসমত ব্ৰিটিছৰ দিন পৰাই কয়লা উৎপাদন হৈ আহিছে । মাকুম, নামদাং, বৰগোলাই, লিডু, টিপং, দিল্লি-জয়পুৰ আদি ঠাই কয়লা খনিসমূহৰ পৰা Coal India Ltd ৰ তত্ত্বাৱধানত কয়লা আহৰণ আৰু বিক্ৰী চলি আছে ।

কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পৰা বিগত কিছু বছৰ ধৰি অবৈধভাৱে কয়লা আহৰণ কৰি বিক্ৰী আৰু ব্যৱসায় চলাই থকা হৈছিল । এই বিষয়ে সংবাদ মাধ্যমত সমালোচনা আৰু দল-সংগঠনৰ প্ৰতিবাদ হোৱাৰ পিছত চৰকাৰে কয়লাজান আৰু গৰমপানী কয়লাক্ষেত্ৰ দুখন নিলামত আৱন্তন দিয়াৰ সিদ্ধান্ত লয় বুলি উল্লেখ কৰে প্ৰচাৰ সম্পাদকগৰাকীয়ে ।

ইয়াৰোপৰি, AMDC য়ে কয়লাজান কয়লাক্ষেত্ৰ 81 শতাংশ আৰু গৰমপানী কয়লাক্ষেত্ৰ 288 শতাংশ ৰাজহ ভাগ (revenue sharing) মডেলত আৱন্টন লাভ কৰিছে । সেয়ে একেটা নিলামত অন্য কয়লাখনি আবন্টন পোৱা প্ৰতিষ্ঠানে 8 ৰ পৰা 18 শতাংশ revenue sharing আৱন্টন পোৱাৰ কথা উল্লেখ কৰা হৈছে । তেন্তে AMDC ৰ revenue sharing 81 শতাংশ আৰু 288 শতাংশ আস্বাভাৱিকভাৱে উচ্চ নহয়নে ? এই বুলি প্ৰশ্ন কৰে প্ৰচাৰ সম্পাদকগৰাকীয়ে ৷

AMDC ৰ চমকপ্ৰদ ৰাজহ বিতৰণৰ হাৰ অনুসৰি কয়লা উত্তোলনৰ বিনিময়ত লাভতকৈ অধিক ধন চৰকাৰক আদায় দিব লাগিব । অর্থাৎ যদি 100 টকাৰ কয়লা উত্তোলন কৰা হয়, তেনেহ'লে AMIC এ চৰকাৰক ৰাজহৰ অংশ আদায় দিব লাগিব কয়লাজানও 81 টকা আৰু গৰম পানীত 288.25 টকা । 100 টকাৰ কয়লা উত্তোলন কৰি 288.25 টকা চৰকাৰক দিবলগা হ'লে AMDC-এ বাকী 188 টকা ক'ৰ পৰা উপাৰ্জন কৰিব বুলি প্ৰশ্ন কৰে সম্পাদকগৰাকীয়ে ।

ইতিমধ্যে অসম জাতীয় পৰিষদে এই সমগ্ৰ বিষয়টো অৱগত কৰি লগতে আইন, নীতি-নিয়ম অনুসৰি কাৰ্য সম্পাদনৰ ব্যবস্থা কৰিবলৈ অসমৰ ৰাজ্যপাল আৰু মুখ্যসচিবলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষক অৱগত কৰোৱা হ'ব সংবাদ মাধ্যমৰ আগত অৱগত কৰে দলটোৱে ৷

লগতে পঢ়ক : Hijab controversy: মুখমন্ত্ৰীয়ে দিলে সমাজত দুই ধৰণৰ মুছলমানৰ সংজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.