ETV Bharat / state

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন সোণোৱালৰ

author img

By

Published : Feb 13, 2022, 8:41 AM IST

গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত শনিবাৰে পঞ্চকৰ্মা ব্ল’ক আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সাণোৱালে (Foundation stone Lay down at Panchakarma Centre of Excellence) । প্ৰায় ২০ কোটি টকা ব্যয়েৰে তিনিটা নতুন ভৱন নির্মাণ কৰা হ'ব আৰু ২০২৪ চনৰ ভিতৰত সম্পূর্ণ কৰা হ'ব ।

Guwahati ayurvedic college
পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন

গুৱাহাটী, 13 ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বন্দৰ-জাহাজ, পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সাণোৱালে(Union Minister Sarbananda Sonowal) শনিবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত (চি এ আৰ আই) পঞ্চকর্মা ব্ল'ক আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকর্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে(Foundation stone Lay down at Panchakarma Centre of Excellence) । ২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই ভৱনসমূহ ২০২৪ চনৰ ভিতৰত সম্পূর্ণ হৈ উঠিব । সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, জালুকবাৰীস্থিত ৰাজ্যিক আয়ুৰ্বেদিক মহাবিদ্যালয়তো (Guwahati ayurvedic college) পঞ্চকৰ্মাৰ বাবে উৎকৃষ্টতাৰ এটা কেন্দ্ৰ স্থাপন কৰা হ'ব ৷ ইয়াৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ আয়ুষ্কাস্থ্য যোজনাৰ অধীনত ৰাজ্যিক আয়ুৰ্বেদিক ফার্মাচীও উন্নীত কৰা হ'ব । এই পদক্ষেপবোৰৰ বাবে মুঠ ব্যয় হ'ব ১০ কোটি টকা আৰু ২০২৪ চনৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ হ'ব । গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান নির্মাণ হ'বলগীয়া পঞ্চকর্মা ব্ল'ক আৰু ফার্মাক'ল'জী তথা ৰাসায়ন গৱেষণাগাৰৰ ভৱন দুটা ১০ কোটি টকা ব্যয়সাপেক্ষে ২০২৪ চনৰ ভিতৰত সম্পূর্ণ হৈ উঠিব ।

লগতে পঢ়ক : Hijab controversy: মুখমন্ত্ৰীয়ে দিলে সমাজত দুই ধৰণৰ মুছলমানৰ সংজ্ঞা

পঞ্চকৰ্মাৰ নতুন ভৱনসমূহে দক্ষতা বিকাশৰ বাবে বিশ্বমানৰ প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদান কৰাত সহায় কৰিব । ফার্মাক'ল'জী আৰু ৰসায়ন গৱেষণাগাৰ ভৱনটোৱে প্ৰি-ক্লিনিকেল পৰীক্ষামূলক প্ৰক্ৰিয়া সম্পন্ন কৰাত, ঔষধৰ মানকৰণ নিশ্চিত কৰাত, যিকোনো ভেষজৰ বাবে ৰাসায়নিক পৰীক্ষা আৰু পশু সম্পর্কীয় টক্সিক'ল'জী প্ৰতিবেদন প্ৰস্তুতকৰণ আদিত সহায় কৰিব ।

উল্লেখ্য যে, এই ধৰণৰ অত্যাধুনিক সা-সুবিধাযুক্ত ই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ভৱন । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, আয়ুৰ্বেদ হৈছে শাৰীৰিক সৱলীকৰণ আৰু মানসিক উৎকর্ষ সাধনৰ চালিকা শক্তি । আমি সৌভাগ্যৱান যে, আই ধৰিত্ৰীৰ বুকুত সমৃদ্ধময় আৰু বিভিন্ন গুণসম্পন্ন ঔষধি উদ্ভিদ উপলব্ধ, যিয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৱৰ আয়ুৰ্বেদ খণ্ডত বিশাল সম্ভাৱনাৰ পথ উন্মুক্ত কৰিব পাৰে ।

পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন

তেওঁ লগতে কয় যে, আমাৰ আজিৰ এই পদক্ষেপবোৰৰ উদ্দেশ্য হৈছে আয়ুৰ্বেদৰ জৰিয়তে জনসাধাৰণৰ সুস্বাস্থ্য অটুট ৰখা আৰু শাৰীৰিক-মানসিক উৎকর্ষ সাধন কৰা । এই ব্যৱস্থাই বিশ্বখ্যাত পঞ্চকৰ্মা আৰু পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিৰ সামৰ্থ আৰু গৌৰৱ বৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী । অন্যান্য সুবিধাসমূহে প্ৰমাণ আধাৰিত চিকিৎসা বিজ্ঞানৰ সৈতে আয়ুৰ্বেদৰ গ্ৰহণযোগ্যতা অধিক বৃদ্ধি কৰিব । ভাৰতীয় চিকিৎসা পৰম্পৰাৰ এক বর্ণময় নিদর্শন আয়ুৰ্বেদৰ উত্থানৰ এই সুযোগ আমি গ্ৰহণ কৰিব লাগিব আৰু মানৱ সমাজৰ হিতৰ বাবে প্ৰয়োগ কৰিব লাগিব ।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে ।

লগতে পঢ়ক : নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত সংযোজিত হ'ব চাৰিটা জনজাতীয় ভাষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.