ETV Bharat / state

Nagaon Police: আনন্দ মিশ্রবিহীন নগাঁৱত অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান

author img

By

Published : Feb 12, 2022, 9:33 PM IST

বহু অপৰাধীক নাকী লগাই নগাঁৱৰ পৰা বদলি হ’ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ বহুতে আশংকা কৰিছিল নগাঁও পুনৰ হৈ পৰিব অপৰাধীৰ ৰম্যভূমি ৷ পিছে আনন্দ মিশ্ৰবিহীন নগাঁৱত এতিয়াও অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান (Nagaon police continues to operation against crime) ৷ য’ত বিশেষ ভুমিকা গ্ৰহণ কৰিছে SI জোনমণি ৰাভাই ৷

SI Junmoni Rabha
আনন্দ মিশ্রবিহীন নগাঁৱত অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান

নগাঁও, 12 ফেৱ্ৰুৱাৰী: আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বদলিৰ পিছতো অপৰাধৰ বিৰুদ্ধে থমকি ৰোৱা নাই নগাঁও আৰক্ষী । আনন্দ মিশ্ৰৰ বদলিৰ পিছত প্ৰথমটো বৃহৎ সফলতা নগাঁও আৰক্ষীৰ । এছ আই জোনমণি ৰাভাৰ নেতৃত্বত উৎখাত নাৰীদেহ ব্যৱসায়ী চক্ৰ । অসংযত অৱস্থাত আটক যুৱতী, জব্দ ড্ৰাগছ, অপত্তিজনক সামগ্ৰী ।

সকলো প্ৰকাৰৰ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে বহুকেইটা অভিযান চলাই সফলতা লাভ কৰা আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ বদলিক লৈ উদ্বিগ্ন হৈ পৰিছিল একাংশ । বহুতৰ মনত উত্থাপন হৈছিল এটা প্ৰশ্ন । নগাঁৱত পুনৰ বৃদ্ধি পাব নেকি অপৰাধৰ সংখ্যা ? পিছে আনন্দ মিশ্ৰবিহীন নগাঁও আৰক্ষীক সবল নেতৃত্ব দিছে SI জোনমণি ৰাভাই ৷ বৃহস্পতিবাৰে পুৱাই নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে ধ্ৰুৱ বৰাক দায়িত্ব অৰ্পণ কৰি বিদায় ল’লে আই পি এছ বিষয়া আনন্দ মিশ্ৰই । চৰকাৰী নিৰ্দেশ অনুযায়ী নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছে পূৰ্বে বহুকেইটা অভিযানৰ নেতৃত্ব বহন কৰা এইজন ধ্ৰুৱ বৰা । বৃহস্পতিবাৰে আনন্দ মিশ্ৰই নগাঁৱৰ দায়িত্ব এৰি যোৱাৰ এটা দিন পিছতেই নগাঁও আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা (Nagaon police continues to operation against crime) । বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱৰ মাজৰআটিত অভিযান চলালে নগাঁও আৰক্ষীৰ মহিলা শাখাই ৷ নেতৃত্বত জোনমণি ৰাভা ৷

আনন্দ মিশ্রবিহীন নগাঁৱত অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান

কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হোৱা এগৰাকী বিধায়কৰ সৈতে টেলিফোনিক বাৰ্তালাপত নিজৰ সাহসিকতাৰ পৰিচয় দিয়া এইগৰাকীয়েই এছ আই জোনমণি ৰাভা । নগাঁও আৰক্ষীৰ মহিলা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত চলা অভিযানত উৎখাত হয় দীৰ্ঘদিনে নগাঁৱৰ মাজৰআটিত চলি অহা এটা নাৰীদেহ ব্যৱসায়ী চক্ৰ । আৰক্ষী অভিযানত অসংযত অৱস্থাত উদ্ধাৰ হয় যুৱতী, মহিলা । এছ আই জোনমণি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে এজন যুৱকসহ আটক কৰিবলৈ সক্ষম হয় চাৰিগৰাকী যুৱতীক । এটা ভাড়াঘৰৰ পৰা আৰক্ষীৰ দলটোৱে যুৱক-যুৱতীক আটক কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বহু অপত্তিজনক সামগ্ৰী ।

মাজৰআঁটিত দীৰ্ঘদিন ধৰি এটা ভাড়াঘৰ লৈ বিকি আহমেদ আৰু নাথ উপাধিৰ এগৰাকী মহিলাই চলাই আহিছিল নাৰীদেহৰ ৰমৰমীয়া বেহা ৷ কিন্তু আনন্দ মিশ্ৰবিহীন নগাঁও আৰক্ষীৰ তৎপৰতাত উৎখাত হ'ল দীর্ঘদিনে চলি অহা নাৰীদেহ ব্যৱসায় চক্ৰটো ।

আনহাতে শনিবাৰেও নগাঁও আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ চাৰিজনকৈ সৰবৰহাকাৰীক আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে শনিবাৰে অভিযান চলায় নাৰামাৰী অঞ্চলত । ড্ৰাগছসহ আটক কৰা হয় ছাহজাহান আলী, ফিৰদুছ ইছলাম, ইনামূল হক,জাহানাৰা বেগম আৰু ফৰিদা বেগমক ৷ এইদৰেই আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ বদলিৰ পিছতো নগাঁও আৰক্ষীয়ে অব্যাহত ৰখা অভিযানে পুনৰ কম্পিত কৰি তুলিছে নগাঁৱৰ আন্ধাৰ জগতক ।

লগতে পঢ়ক: IPS Anand Mishra: সম্বৰ্ধনাৰে যোগদান কৰি প্ৰতিবাদেৰে বদলি হ'ল আনন্দ মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.