ভৱানীপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন চতুৰ্থ সংখ্যক পহুমাৰা মহোৎসৱ

By

Published : Feb 13, 2022, 9:00 AM IST

Updated : Feb 3, 2023, 8:11 PM IST

thumbnail

সৃষ্টি-কৃষ্টি-সম্প্ৰীতি আৰু একতাৰ এনাজৰীৰে বজালীৰ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে চতুৰ্থ সংখ্যক পহুমাৰা মহোৎসৱ (Pahumara Mahotsav held in Bhabanipur) । সাহিত্য-সংস্কৃতিক বিশেষ প্ৰাধান্য দি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আয়োজিত পহুমাৰা মহোৎসৱৰ বাকৰিত শনিবাৰে সন্ধিয়া বজালীৰ উদীয়মান লেখক সঞ্জীৱ সাগৰ দাসৰ সম্পাদনাত ভৱানীপুৰৰ স্বেচ্ছাসেৱী সংগঠন 'হেপী ক্লাৱ'ৰ কাব্য-সংকলন 'নিম' উন্মোচন কৰা হয় । সংকলনখন উন্মোচন কৰে বিশিষ্ট কবি-আবৃত্তিকাৰ পীযূষ পাঠকে । ১৩ ফেব্ৰুৱাৰীলৈ আয়োজিত পহুমাৰা মহোৎসৱত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰে ৷

Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.