ETV Bharat / state

Cattle smuggling: ভাৰত-বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত

author img

By

Published : Feb 12, 2022, 10:44 PM IST

বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিম বংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত কিছুদিন পূৰ্বে বহু সংখ্যক চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে শনিবাৰে পুনৰ বি এছ এফে পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ কোচবিহাৰৰ বালাভুট নামৰ সীমান্তত থকা গাঁৱত চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰিছে (BSF has arrested a cattle smuggler) ৷

Cattle smuggling
ভাৰত-বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত

গুৱাহাটী, 12 ফেব্ৰুৱাৰী: ভাৰত আৰু বাংলাদেশ সীমান্তত বিশেষকৈ অসম আৰু পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰাং ব্যৱসায়ী বিশেষকৈ অবৈধ কাৰ্যকলাপৰ ঘটনা (Cattle smuggling continues unabated along Indo-Bangla border) । বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিম বংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত কিছুদিন পূৰ্বে বহু সংখ্যক চোৰাং গৰুসহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে শনিবাৰে পুনৰ বি এছ এফে পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ কোচবিহাৰৰ বালাভুট নামৰ সীমান্তত থকা গাঁৱত চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰিছে (BSF has arrested a cattle smuggler) ।

ধৃত গৰুৰ চোৰাং সৰবৰাহকাৰীজন ধুবুৰীৰ ফুলচান্দ মোলান(৩০) । বি এছ এফে ফুলচান্দ মোলানৰ পৰা দুটা গৰু জব্দ কৰিছে । ফুলচান্দ মোলানে গৰুকেইটা বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰা অৱস্থাত বি এছ এফৰ দলে ধৰা পেলায় ।

লগতে পঢ়ক: তেজপুৰৰ পৰা নতুন দিল্লীলৈ নিয়া হ’ল অৰুণাচলত নিহত বীৰ জোৱানৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.