ETV Bharat / city

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 14, 2022, 7:07 PM IST

Top Ten News
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়াৰ 7 বজাৰ শীৰ্ষ সংবাদসমূহ চাও আহক...

Guwahati Bikaner Express Derail : মৃতকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত পশ্চিমবংগৰ মাইনাগুড়িৰ দোমোহনীত লাইনচ্যুত হোৱা গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি পালে । এন ডি আৰ এফৰ এগৰাকী বিষয়া শিবু মণ্ডলে সদৰি কৰিছে এই তথ্য ৷ ইফালে এন ডি আৰ এফৰ লগতে এছ এছ বি আৰু বি এছ এফৰ জোৱানসকলে চলাই আছে উদ্ধাৰ অভিযান

Anand Mishra positive : ক’ভিডত আক্ৰান্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ক'ভিড-১৯ ত আক্ৰান্ত হ'ল SP আনন্দ মিশ্ৰ (Sp Anand Mishra tested covid positive) । নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাও আক্ৰান্ত ক'ভিডত (Nagaon additional SP Niropam Hazarika tested covid positive)।

UP polls 2022 : 172 খন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিলে গেৰুৱা দলে, লগত থাকিব নতুন মিত্ৰদল

বিজেপিয়ে ১৭২ জন প্ৰাৰ্থী চূড়ান্ত কৰি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে (BJP finalises nominees for 172 seats in UP polls) ৷ দলীয় নেতাসকলেও প্ৰদৰ্শন কৰিছে দলৰ বিজয়ৰ ওপৰত প্ৰচূৰ আত্মবিশ্বাস । জানো আহক দেশৰ সৰ্বাধিক বিধানসভা আসন থকা ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে কি ৰণকৌশল হ’ব গেৰুৱা দলটোৰ ৷

Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 2,64,202 গৰাকী

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 2,64,202 গৰাকী লোক (India reports 2,64,202 new covid cases in last 24 hours) ৷ শুকুৰবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷

Bihu at APBN camp: নৱম অসম আৰক্ষী বাহিনীৰ মুখ‍্য চাউনিত ভোগালী বিহু উদযাপন

অসমীয়াই আজি উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু ৷ তাৰ মাজতে কৰ্তব্যৰ খাতিৰত পৰিয়ালৰ লগত বিহু উদযাপনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে জৰুৰীকালীন সেৱাৰ লগত জৰিত লোকসকল ৷ সেইবাবেই বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনিত বাহিনীটোৰ অধিনায়ক মানৱেন্দ্ৰ ৰায়ে গ্ৰহণ কৰিলে এক ব্য়তিক্ৰমী পদক্ষেপ (Bihu celebration at APBN camp) ৷

ভোগালী বিহু উদযাপন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

সমগ্ৰ ৰাজ্যবাসীৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উদযাপন কৰিলে অসমীয়াৰ বাপতি-সাহোন ভোগালী বিহুটি (Minister Sarbananda Sonowal celebrating Bhogali Bihu at Dibrugarh) ৷ ভোগালী বিহুৰ এই দিনটোৰ পুৱাৰ ভাগে ডিব্ৰুগড়স্থিত নিজা বাসভৱনত অসমীয়াৰ জাতীয় পৰম্পৰা অনুসৰি মেজি জ্বলাই শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ সুদৃঢ় হোৱাৰ কামনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত ২০২২ বৰ্ষৰ সদৌ অসম ভাওনা সমাৰোহ

19 জানুৱাৰীৰ পৰা 15 দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হ’বলগীয়া ২০২২ চনৰ ভাওনা সমাৰোহ বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে (15 days bhaona samaroh in Majuli postponed) | সংবাদ মাধ্যমৰ যোগেদি আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে সদৰা কৰে এই কথা(Aaauniaati bhaona samaroh Majuli) ৷ সম্প্ৰতি ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জনালে সত্ৰাধিকাৰ গৰাকীয়ে ৷

Covid cases increase at Dhubri : এতিয়াৰে পৰা ভেকচিন নোলোৱা সকলৰ বাবে বন্ধ ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক'ৰণা মহামাৰীয়ে (Covid cases increase in Dhubri) । বৃহস্পতিবাৰে ধুবুৰীত প্ৰায় 72 জন লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশৰ বাবে কৰাব লাগিব ক'ভিড টেষ্ট ৷ দেখুৱাব লাগিব ক'ভিড ভেকচিনৰ প্ৰমাণপত্ৰ ৷ নহ'লে প্ৰৱেশ নিষেধ উপায়ুক্তৰ কাৰ্যালয়ত ৷

অপহৰণৰ নাটক ৰচি ৰঙাঘৰৰ আলহী হ’ল যুৱতীসহ দুই বন্ধু

হিন্দী চিনেমাৰ কায়দাৰে অপহৰণৰ নাটক ৰচি ৰঙাঘৰৰ আলহী হ’ল এগৰাকী যুৱতীসহ দুজন যুৱক(Girl arrested for faking her own kidnapping) ৷ দুই বন্ধুৰ সৈতে মিলি অপহৰণৰ এখন নাটক ৰচিছিল ধুবুৰীৰ কলেজৰোডৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা যুৱতীগৰাকীয়ে ৷

এনকাউন্টাৰত মৰাতকৈ নিজে নিজে ড্ৰাগছ এৰাই ভাল : নিচা মুক্তি কেন্দ্ৰত ভিৰ নিচাসক্ত যুৱকৰ

বিশ্বনাথ আৰক্ষীৰ এনকাউন্টাৰৰ ভয়ত নিজে নিজে ড্ৰাগছ আসক্ত ভৰ্তি হৈছে নিচা মুক্তি কেন্দ্ৰত (Drug addict went for rehab in fear of police)। নিচা মুক্তি কেন্দ্ৰৰ যুৱকৰ অকপট স্বীকাৰোক্তি আৰক্ষীৰ এনকাউন্টাৰ হোৱাতকৈ নিচা মুক্তি কেন্দ্ৰত নিজকে সংশোধন কৰা ভাল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.