Guwahati Bikaner Express Derail : মৃতকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

By

Published : Jan 14, 2022, 9:38 AM IST

thumbnail

বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত পশ্চিমবংগৰ মাইনাগুড়িৰ দোমোহনীত লাইনচ্যুত হোৱা গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি পালে । এন ডি আৰ এফৰ এগৰাকী বিষয়া শিবু মণ্ডলে সদৰি কৰিছে এই তথ্য ৷ ইফালে এন ডি আৰ এফৰ লগতে এছ এছ বি আৰু বি এছ এফৰ জোৱানসকলে চলাই আছে উদ্ধাৰ অভিযান ৷ দুৰ্ঘটনাটোত ৰেলখনৰ এটা ডবা আন এটা ডবাৰ ওপৰত উঠাৰ লগতে ইয়াৰ অধিকাংশই পৰিণত হৈছে ধ্বংসস্তূপলৈ ৷ বৰ্তমানেও ধ্বংসস্তূপৰ ভিতৰত লোক আৱদ্ধ হৈ থকাৰ সন্দেহ ৷ এনে পৰিপেক্ষিতত মৃতকৰ সংখ্যা অধিক হোৱাৰ ধাৰণা কৰিছে উদ্ধাৰকাৰী দলে ৷ ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে (Guwahati Bikaner Express Derail update) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.