ETV Bharat / state

অপহৰণৰ নাটক ৰচি ৰঙাঘৰৰ আলহী হ’ল যুৱতীসহ দুই বন্ধু

author img

By

Published : Jan 14, 2022, 9:54 AM IST

হিন্দী চিনেমাৰ কায়দাৰে অপহৰণৰ নাটক ৰচি ৰঙাঘৰৰ আলহী হ’ল এগৰাকী যুৱতীসহ দুজন যুৱক(Girl arrested for faking her own kidnapping) ৷ দুই বন্ধুৰ সৈতে মিলি অপহৰণৰ এখন নাটক ৰচিছিল ধুবুৰীৰ কলেজৰোডৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা যুৱতীগৰাকীয়ে ৷

fake-kindaping-case-in-dhuburi
অপহৰণৰ নাটক কৰি ৰঙাঘৰৰ আলহী হ’ল কিশােৰীসহ দুই বন্ধু

ধুবুৰী, 14 জানুৱাৰী : ধুবুৰীত চিনেমাৰ কায়দাৰে অপহৰণৰ এক নাটক ৰচনা কৰি ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী যুৱতী । লগতে গ্ৰেপ্তাৰ হ’ল যুৱতীগৰাকীৰ দুজন বন্ধু(Girl arrested for faking her own kidnapping) । যুৱতীগৰাকীয়ে লগৰ বন্ধু এজনৰ সৈতে মিলি নিজ পিতৃৰ পৰা ধন আদায় কৰাৰ স্বাৰ্থত হিন্দী চিনেমাৰ কায়দাৰে অপহৰণৰ এখন নাটক ৰচিছিল যুৱতীগৰাকীয়ে ৷ কিন্তু যুৱতীগৰাকীৰ পিতৃৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা তদন্তৰ পিছতেই ওলাই পৰে উৰহি গছৰ ওৰ আৰু অনুসন্ধানৰ অন্তত আৰক্ষীয়ে ফাদিল কৰিলে এই নাটকীয় অপহৰণকাণ্ড ।

উল্লেখ্য যে যুৱতীগৰাকী ধুবুৰী বি এন কলেজত অধ্যয়নৰত এগৰাকী ছাত্ৰী ৷ ইফালে ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ আবু ছিদ্দিক আহমেদ আৰু ছফিয়ৰ ৰহমান নামৰ যুৱক দুজনৰ সৈতে একেখন মহাবিদ্যালয়ৰে সহপাঠী আছিল ছাত্ৰীগৰাকী ৷ জানিব পৰা মতে, দুদিন পূৰ্বে বন্ধু আবু ছিদ্দিক আহমেদ আৰু ছফিয়ৰ ৰহমানৰ সৈতে লগ হৈ অপহৰণৰ এখন নাটক ৰচে ধুবুৰীৰ কলেজৰোডৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা ছাত্ৰীগৰাকীয়ে ।

অপহৰণৰ নাটক কৰি ৰঙাঘৰৰ আলহী হ’ল কিশােৰীসহ দুই বন্ধু

পূৰ্বে পৰিকল্পনা অনুসৰিয়েই যুৱতীগৰাকী হৈ পৰে সন্ধানহীন ৷ ইয়াৰ পাছতে অপহৰণৰ নাটক ৰচা যুৱতীগৰাকীৰ পিতৃক তিনিও মিলি পাঁচ লাখ টকাৰ ধন দাবী কৰে ৷ ইফালে যুৱতী গৰাকীৰ পিতৃয়ে দিয়া অপহৰণৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অপহৃত যুৱতীৰ অনুসন্ধান চলায় ৷ আৰক্ষীৰ অনুসন্ধানত অৱশেষত অপহৃত যুৱতীগৰাকীয়ে নিজেই দুই যুৱকৰ সৈতে মিলি অপহৰণৰ নাটক ৰচা বুলি নিশ্চিত হয় ।

ইতিমধ্যে যুৱতীসহ আবু ছিদ্দিক আহমেদ আৰু ছফিকুৰ ৰহমানক নামৰ যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । লগতে আৰক্ষীয়ে জব্দ কৰিছে এটা হস্ত নিৰ্মিত পিষ্টল(Police seizes handmade pistol) ।

লগতে পঢ়ক : আমিনগাঁৱৰ পৰা অপহৃত কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.