ETV Bharat / bharat

UP polls 2022 : 172 খন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিলে গেৰুৱা দলে, লগত থাকিব নতুন মিত্ৰদল

author img

By

Published : Jan 14, 2022, 5:42 PM IST

Updated : Jan 14, 2022, 6:42 PM IST

বিজেপিয়ে ১৭২ জন প্ৰাৰ্থী চূড়ান্ত কৰি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে (BJP finalises nominees for 172 seats in UP polls) ৷ দলীয় নেতাসকলেও প্ৰদৰ্শন কৰিছে দলৰ বিজয়ৰ ওপৰত প্ৰচূৰ আত্মবিশ্বাস । জানো আহক দেশৰ সৰ্বাধিক বিধানসভা আসন থকা ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে কি ৰণকৌশল হ’ব গেৰুৱা দলটোৰ ৷

UP polls 2022
UP polls 2022 : 172 খন আসনৰ বাবে প্ৰাৰ্থীচূড়ান্ত কৰিলে গেৰুৱা দলে, লগত থাকিব নতুন মিত্ৰদল

নেশ্বনেল ডেস্ক, 14 জানুৱাৰী : বৃহস্পতিবাৰে আহ্বান কৰা কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত বিজেপিয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ১৭২ জন প্ৰাৰ্থী চূড়ান্ত কৰিছে (BJP finalises nominees for 172 seats in UP polls ) । এই অনুসৰি, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব (Adityanath is likely to be fielded from Ayodhya ) ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে গোৰখপুৰৰ পৰা পাঁচ বাৰকৈ লোকসভাৰ সাংসদ হৈছিল যোগী আদিত্যনাথ । আপনা দল (এছ) আৰু নিশাদ পাৰ্টিৰ সৈতে দলটোৰ আসন ভাগ-বতৰাৰ আলোচনাও চূড়ান্ত পৰ্যায়ত আছে ।

আমাৰ হাতত পৰা দলীয় সূত্ৰ অনুসৰি, আদিত্যনাথে অযোধ্যাৰ পৰা আৰু উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই চিৰাথু সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব। দিনেশ শৰ্মাই লক্ষ্ণৌৰ এটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে (UP CM and his deputies to contest )। ইফালে দলটোৱে অহা কেইটামান দিনৰ ভিতৰতে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ সূত্ৰই জানিবলৈ দিছে ।

উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই বৃহস্পতিবাৰে দাবী কৰিছিল যে, বিজেপিয়ে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিপুল বিজয় নিশ্চিত কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে, ১৭২ খন য’ত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব এই আসন সমূহৰ ওপৰত আলোচনা অনুষ্ঠিত হৈছে ।

তেওঁ ভৱিষ্যতবাণী কৰিছে যে, বিজেপিয়ে ২০২২ চনত এক বৃহৎ জনাদেশ লাভ কৰিব, যি ২০১৭ চনতকৈয়ো অধিক হ’ব । উত্তৰ প্ৰদেশ বিধানসভাৰ প্ৰায় ৫৮ আৰু ৫৫ খন আসনত ক্ৰমান্বয়ে ১০ ফেব্ৰুৱাৰী আৰু ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাজ্যখনত সাতটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । উত্তৰাখণ্ড, গোৱা আৰু পঞ্জাৱ বিধানসভা নিৰ্বাচনো ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ৷ বিজেপিয়ে স্থানীয় পৰ্যায়ত কেইবাজনো বৰ্তমানৰ বিধায়কৰ টিকচ কৰ্তন কৰাৰো সম্ভাৱনা আছে ৷

আপনা দল (এছ)ৰ মতে, ই 13 ৰ পৰা 14 খন আসন আৰু নিশাদ পাৰ্টিয়ে 13 ৰ পৰা 17 খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে (Apna Dal S and Nishad Party to tie up with BJP ) । ইটিভি ভাৰতৰ সৈতে নিশাদ পাৰ্টিৰ সভাপতি সঞ্জয় নিশাদে বাৰ্তালাপ কৰি জানিবলৈ দিছে যে, তেওঁলোকে দলটোৰ বিজয়ৰ ওপৰত আস্থা প্ৰকাশ কৰিছে আৰু বিজেপিৰ সৈতে আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ আলোচনাৰ বাবে আশাবাদী । বিজেপিৰ সৈতে মিত্ৰতা কৰি উত্তৰ প্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লগীয়া নিশাদ দলে জনাইছে যে বিজেপিয়ে ৰাজ্যখনত ১৫ৰ পৰা ১৮ খন আসন দলটোক এৰি দিবলৈ সন্মত হৈছে ।

দলৰ সভাপতি সঞ্জয় নিশাদে কয়, "আমি গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এখন বৈঠকত আসন ভাগ-বাটোৱাৰাৰ বিষয়টো আলোচনা কৰিছিলো । তেওঁলোকে আমাক আসন দিবলৈ সন্মত হৈছে । অৱশ্যে, এই ১৫-১৮ খন আসনৰ ভিতৰত আমাৰ প্ৰাৰ্থীসকলে মিত্ৰজোঁটৰ ৰণনীতি অনুসৰি দুইৰ পৰা তিনিখন আসনত বিজেপিৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত যুঁজ দিব। আমি ইজনে সিজনক যিমান সম্ভৱ সিমান আসন জিকাত সহায় কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম ।"

উল্লেখ্য যে, ২০১৭ চনত বিজেপিয়ে আপনা দল আৰু ওমপ্ৰকাশ ৰাজভৰৰ সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ সৈতে একেলগে ৰাজ্যিক নিৰ্বাচনত যুঁজিছিল । ৰাজভৰ এতিয়া সমাজবাদী পাৰ্টিৰ (এছপি) সৈতে আছে, আনহাতে বিজেপিয়ে নিশাদ পাৰ্টিৰ সৈতে নতুনকৈ মিত্ৰতা স্থাপন কৰিছে । মন কৰিব লগীয়া যে, নিশাদ দলৰ মাছমৰীয়া সম্প্ৰদায়ৰ এটা ভোট বেংক আছে আৰু ই মিত্ৰজোঁটক লাভান্বিত কৰিব ৷

লগতে পঢ়ক : নেতা-কৰ্মীৰ বিজেপিত যোগদানৰ ধুমুহাৰ মাজতে এইবাৰ কংগ্ৰেছত তৃণমূলৰ শেনচকু !

Last Updated : Jan 14, 2022, 6:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.