ETV Bharat / city

Covid cases increase at Dhubri : এতিয়াৰে পৰা ভেকচিন নোলোৱা সকলৰ বাবে বন্ধ ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়

author img

By

Published : Jan 14, 2022, 1:42 PM IST

covid-cases-increase-at-dhubri
এতিয়াৰে পৰা ভেকচিন নোলোৱা সকলৰ বাবে বন্ধ ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক'ৰণা মহামাৰীয়ে (Covid cases increase in Dhubri) । বৃহস্পতিবাৰে ধুবুৰীত প্ৰায় 72 জন লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশৰ বাবে কৰাব লাগিব ক'ভিড টেষ্ট ৷ দেখুৱাব লাগিব ক'ভিড ভেকচিনৰ প্ৰমাণপত্ৰ ৷ নহ'লে প্ৰৱেশ নিষেধ উপায়ুক্তৰ কাৰ্যালয়ত ৷

ধুবুৰী, 14 জানুৱাৰী : দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ (Covid 19 cases increase in India) হাৰ ৷ সমান্তৰালভাৱে ৰাজ্যৰ ক'ভিড পৰিস্থিতিও ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে । দিনক দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Assam) । বিশেষকৈ পহিলা জানুৱাৰীৰ পৰা সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক'ৰণা মহামাৰীয়ে (Covid cases increase in Dhubri) । বৃহস্পতিবাৰে ধুবুৰীত প্ৰায় 72 জন লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ শেহতীয়াকৈ ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো সৃষ্টি হৈছে ক'ৰণাৰ আতংক ৷ যাৰ ফলত উপায়ুক্তৰ কাৰ্য্যালয়ত "ন' কোভিড টেষ্ট, ন' এণ্ট্ৰি " ফলক লগাইছে প্ৰশাসনে ।

এতিয়াৰে পৰা ভেকচিন নোলোৱা সকলৰ বাবে বন্ধ ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়

ইয়াৰোপৰি উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশৰ বাবে কৰাব লাগিব ক'ভিড টেষ্ট ৷ দেখুৱাব লাগিব ক'ভিড ভেকচিনৰ প্ৰমাণপত্ৰ ৷ ইতিমধ্যে স্বাস্থ্য বিভাগৰ এটা দলে প্ৰতিদিনে উপায়ুক্তৰ কাৰ্য্যালয়ত বিভিন্ন কামৰ বাবে অহা লোক সকলক ক'ভিড টেষ্ট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

স্বাস্থ্য বিভাগৰ এটা দলে কৰা ক'ভিড টেষ্টৰ ফলত উপায়ুক্তৰ কাৰ্য্যালয়লৈ অহা লোকৰ প্ৰায় 20 শতাংশ লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে বুলি জানিব পৰা গৈছে । আক্ৰান্ত এই লোকসকলক এম্বুলেন্সৰ জৰিয়তে ঘৰলৈ নি হোম আইচলেচনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, সমগ্ৰ দেশতো বিগত 24 ঘণ্টাত 2,64,202 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (India reports 2,64,202 new covid cases in last 24 hours) ৷ বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 12,72,073 গৰাকী ৷ লগতে দেশত দৈনিক আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 14.78 শতাংশলৈ বৃদ্ধি পাইছে ৷

সমান্তৰালকৈ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাজ্যত নতুনকৈ 3,238 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ 7.87 শতাংশলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 2,64,202 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.