ETV Bharat / state

Anand Mishra positive : ক’ভিডত আক্ৰান্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

author img

By

Published : Jan 14, 2022, 4:06 PM IST

Updated : Jan 14, 2022, 5:06 PM IST

ক'ভিড-১৯ ত আক্ৰান্ত হ'ল SP আনন্দ মিশ্ৰ (Sp Anand Mishra tested covid positive) । নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাও আক্ৰান্ত ক'ভিডত (Nagaon additional SP Niropam Hazarika tested covid positive)।

Sp AnandA Mishra tested covid positive
ক’ভিডত আক্ৰান্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

নগাঁও, 14 জানুৱাৰী : দুৰ্নীতি, অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁৱৰ জনপ্ৰিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আক্ৰান্ত হ'ল ক'ভিড-১৯ ত (Sp Anand Mishra tested covid positive) ৷ নৱবৰ্ষৰ ৩ৰ পৰা ৫ জানুৱাৰী পৰ্যন্ত দুলিয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষক সন্মিলনত (SP's conference in Duliajan) অংশগ্ৰহণ কৰি ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক আক্ৰান্ত হৈছিল ক'ভিড ১৯ ত। কিন্তু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ ক'ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাত পূৰ্বৰ দৰেই অপৰাধীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

কিন্তু ভোগালী বিহুৰ দিনটোতে নগাঁওবাসীৰ বাবে আহিল বেয়া খবৰটো । শুকুৰবাৰে অৰ্থাৎ ভোগৰ উৎসৱ ভোগালী বিহুৰ দিনা পুনৰ ক'ভিড পৰীক্ষা কৰা হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ । শুকুৰবাৰে কৰা ক'ভিড পৰীক্ষাৰ ফলাফলত ক'ভিড পজিটিভ ধৰা পৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ । লগতে নগাঁও আৰক্ষীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজাৰিকাও আক্ৰান্ত হৈছে ক'ভিড ১৯ ত (Nagaon additional SP Niropam Hazarika tested covid positive) ।

শুকুৰবাৰে কৰা ক'ভিড-১৯ ৰ ফলাফলত আৰক্ষী বিষয়াজনৰ দেহত ধৰা পৰে ক'ভিড-১৯ৰ অৱস্থিতি । উল্লেখযোগ্য যে, নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই ড্ৰাগছ, চোৰ, ডকাইত, সুদখোৰৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰি নগাঁওবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল এই পি এছ বিষয়া আনন্দ মিশ্ৰ । কেৱল এয়াই নহয় আৰক্ষী অধীক্ষক আনন্দ মিশ্রই দুৰ্নীতিৰ বিৰুদ্ধেও অভিযান চলাই দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছিল ।

দুৰ্নীতিগ্ৰস্ত বিষয়াৰ লগতে অপৰাধীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ হৈ পৰিছিল সকলোৰে প্ৰশংসাৰ পত্ৰ। ইপিনে ক'ভিড ১৯ ত আক্ৰান্ত হৈছিল নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাও । অৱশ্যে শুকুৰবাৰে ক'ভিডমুক্ত হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ক'ভিড ১৯ ত আক্ৰান্ত হোৱাক লৈ চিন্তিত হৈ পৰিছে নগাঁৱৰ সচেতন মহল । আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ লগতে নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰো আশু আৰোগ্য কামনা কৰিছে নগাঁওবাসীয়ে ।
লগতে পঢ়ক : Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 2,64,202 গৰাকী

Last Updated : Jan 14, 2022, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.