ETV Bharat / city

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 28, 2022, 12:59 PM IST

Top 10 news at 1 pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Nagaon police encounter: কীৰ্তিকমল এনকাউন্টাৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ

কীৰ্তিকমল এনকাউণ্টাৰ সন্দৰ্ভত আৰম্ভ শুনানি(Public hearing of Kirtikamal Bora encounter) । নগাঁৱত উপস্থিত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ ।

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ (Allegation of land grabbing against CM family) উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত সৰৱ হৈ আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী ৷

Covid 19 Update in Assam : ৰাজ্যত নতুনকৈ 3677 গৰাকী আক্ৰান্ত ক’ভিডত

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ (Covid 19 cases increasing in Assam) ৷ বুধবাৰৰ দিনটোত ৰাজ্যত 1,951 গৰাকী লোক ক’ভিডত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 3,677 গৰাকী ৷ আনহাতে, মৃত্যু হয় 20 জনকৈ লোকৰ ৷

Municipal Election 2022 : অগপৰে মিত্ৰতা সন্দৰ্ভত ৰণজিৎ কুমাৰ দাসে কৰিলে এনে মন্তব্য

নলবাৰীত অগপ-বিজেপিৰ সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Ranjeet Kumar Das reacts on alliance of AGP with BJP) ৷

পত্নী পঞ্চায়তৰ সভাপতি; কাকো খাতিৰ নকৰা স্বামীৰ প্ৰহাৰত আহত সাংবাদিক

বৰপেটাৰ ভেল্লা গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ বাতৰি সংগ্ৰহৰ বাবে যোৱা চাৰি সাংবাদিকক আক্ৰমণ পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ(Attack on media person in Barpeta) ৷ সভানেত্ৰীৰ স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত সাংবাদিক ছাইজুৰ ৰহমান ৷ ঘটনা সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী চকীত গোচৰ ৰুজু ৷

৩১ জানুৱাৰী সময়সীমাঃ নতুন বাজেট প্ৰস্তুতিত ব্যস্ত বিত্ত বিভাগ

ৰাজ্যৰ বিত্ত বিভাগত পূৰ্ণোদ্যমে চলিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে এখন নতুন বাজেট প্ৰস্তুতিৰ প্ৰক্ৰিয়া (Assam government Preparing for new financial budget) ৷ প্ৰাককলিত বাজেট ব্যয় নিৰ্দ্ধাৰণ কৰিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা ৷

Arms Laying Programme at Kalakshetra : অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল দুটাকৈ বিদ্ৰোহী সংগঠন

অৱশেষত মূলসূঁতিলৈ উভতিল তিৱা লিবাৰেশ্যন আৰ্মীৰ (টি এল এ) লগতে ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যনে (ইউ জি পি অ')(Arms Laying Programme of TLA and UGPO Cadres) ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে বিদ্ৰোহী সংগঠন দুটাই (CM Himanta Biswa Sarma at Kalakshetra) ।

RRB-NTPC exam controversy: ২৮ জানুৱাৰীত বিহাৰ বন্ধৰ আহ্বান ছাত্ৰ সংগঠনৰ

ৰে'লৱে নিযুক্তি ব'ৰ্ডৰ পৰীক্ষাৰ বিসংগতিকলৈ(RRB-NTPC exam controversy) বিহাৰত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে । অহা ২৮ জানুৱাৰীত বিহাৰ বন্ধৰ আহ্বান জনাইছে কেইবাটাও ছাত্ৰ সংগঠনে (Students unions call Bihar Bandh)। উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈকে বিষয়টো স্থগিত ৰখাৰ চেষ্টা চলাইছে চৰকাৰে ।

Samantha And Naga Chaitanya Took Divorce: নাগা চৈতন্য আৰু সামান্থাৰ ডিভোৰ্ছ কিয় হৈছিল ?

সাংঘাতিক কিবা এটা আছিল দুয়োৰে মাজত ৷ দুয়োৰে যুটীয়া ফটো চায়েই মন প্ৰশান্তিৰে ভৰি পৰিছিল ৷ অনুৰাগীয়েও প্ৰকৃত প্ৰেমৰ সংজ্ঞা দিবলৈ সামান্থা আৰু নাগা চৈতন্যৰ প্ৰেমৰ কাহিনীয়েই সুৱৰিছিল (Samantha and Naga Chaitanya Took Divorce) ৷

Palak Tiwari Spotted: কেমেৰা দেখিলেই মুখ ঢাকে পলক তিৱাৰীয়ে

ইব্ৰাহীম আলী খানৰ সৈতে একেলগে পাপাৰাজীৰ কেমেৰাত বন্দী হোৱাৰ পিছৰে পৰাই চৰ্চাত আছে পলক তিৱাৰী ৷ মুম্বাইৰ বান্দ্ৰাৰ এটি হেং আউট প্লেছত পলক আৰু ইব্ৰাহীমক একেলগে দেখা গৈছিল (Palak Ibrahim Spotted Together) ৷ প্ৰাপ্ত বাতৰি মতে, ইব্ৰাহীমে পলকক ডিনাৰ ডেটলৈ লৈ গৈছিল , যাৰ বাবে লাজত মুখ ঢাকিছিল পলকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.