ETV Bharat / state

পত্নী পঞ্চায়তৰ সভাপতি; কাকো খাতিৰ নকৰা স্বামীৰ প্ৰহাৰত আহত সাংবাদিক

author img

By

Published : Jan 28, 2022, 11:35 AM IST

বৰপেটাৰ ভেল্লা গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ বাতৰি সংগ্ৰহৰ বাবে যোৱা চাৰি সাংবাদিকক আক্ৰমণ পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ(Attack on media person in Barpeta) ৷ সভানেত্ৰীৰ স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত সাংবাদিক ছাইজুৰ ৰহমান ৷ ঘটনা সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী চকীত গোচৰ ৰুজু ৷

Reporter Beaten Up By Panchayat Pesident Husband
বৰপেটাৰ ভেল্লাত পঞ্চায়ত সভানেত্ৰী স্বামীৰ আক্ৰমণত আহত সাংবাদিক

বৰপেটা, 28 জানুৱাৰী : বৰপেটাৰ ভেল্লাত পঞ্চায়ত সভানেত্ৰী আফিয়া বেগমৰ স্বামীৰ বিৰুদ্ধে উত্থাপিত হৈছে দাদাগিৰি চলোৱাৰ অভিযোগ ৷ পঞ্চায়তৰ কাৰ্যালয়লৈ বাতৰি সংগ্ৰহৰ বাবে যোৱা চাৰিজন সাংবাদিকক ভেল্লা গাঁও পঞ্চায়তৰ সভানেত্ৰী আফিয়া বেগমৰ স্বামী ফকৰুল ইছলামে আক্ৰমণ(Attack on media person in Barpeta) কৰাৰ অভিযোগ উঠিছে ৷ ফকৰুল ইছলাম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৷

গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত এটা ব্যক্তিগত চেটেলাইট চেনেলৰ স্থানীয় সংবাদদাতা ছাইজুৰ ৰহমানে সতীৰ্থ তিনি সাংবাদিকৰ সৈতে বাতৰি পৰিবেশনৰ বাবে ভেল্লা আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়লৈ গৈছিল ৷ সাংবাদিকৰ দলটো পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত ফকৰুল ইছলামে সভানেত্ৰী পত্নীৰ অনুপস্থিত সভানেত্ৰীৰ আসনত বহি আছিল ৷

পঞ্চায়ত সভানেত্ৰী স্বামীৰ আক্ৰমণত আহত সাংবাদিক

সাংবাদিককেইজনে ফকৰুল ইছলামক কি কাৰণত কোঠাত আছে বুলি সোধাত সাংবাদিকৰ দলটোৰ ওপৰত জপিয়াই পৰে ফকৰুল (Attack on Reporter in panchayat at Barpeta) ৷ ফকৰুলে প্ৰথমে ঘুচিয়াই আক্ৰমণ কৰে সাংবাদিকৰ দলটোক ৷ ইয়াৰ পাছতেই সাংবাদিকৰ দেহৰ চোলা চিঙি পেলোৱাৰ লগতে মোবাইল ফোন ভাঙি বেয়াকৈ মাৰধৰ কৰে বুলি সাংবাদিক ছাইজুৰ ৰহমানে অভিযোগ কৰে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে সাংবাদিক ছাইদুৰ ৰহমানে ৷

লগতে পঢ়ক : Illegal cattle pound at Diffloo tea estate:বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.