ETV Bharat / city

Municipal Election 2022 : অগপৰে মিত্ৰতা সন্দৰ্ভত ৰণজিৎ কুমাৰ দাসে কৰিলে এনে মন্তব্য

author img

By

Published : Jan 28, 2022, 11:22 AM IST

নলবাৰীত অগপ-বিজেপিৰ সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Ranjeet Kumar Das reacts on alliance of AGP with BJP) ৷ পৌৰসভাৰ নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত অগপৰ সৈতে কোনো মিত্ৰতা নথাকে বিজেপিৰ ৷ অৱশ্যে আঞ্চলিক পৰ্যায়ত দল দুটাৰ মিত্ৰতা বৰ্তি থাকিব আৰু প্ৰয়োজন সাপেক্ষে উভয়ে উভয়ক সহায়ো আগবঢ়াব ৷

Municipal Election 2022
Municipal Election 2022

নলবাৰী, 28 জানুৱাৰী : পৌৰসভাৰ নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত অগপৰ সৈতে কোনো মিত্ৰতা নথাকে বিজেপিৰ (AGP alliance with BJP) ৷ অৱশ্যে আঞ্চলিক পৰ্যায়ত দল দুটাৰ মিত্ৰতা বৰ্তি থাকিব আৰু প্ৰয়োজন সাপেক্ষে উভয়ে উভয়ক সহায়ো আগবঢ়াব ৷ এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইয়াৰ লগতে চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ইতিমধ্যে সাত হেজাৰ মেট্ৰিকটন ধান ক্ৰয় কৰা বুলি জানিবলৈ দিয়ে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয় যে, ৰাজ্যত বৰ্তমান দুই শতাধিক ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ কিন্তু সিংহভাগ কৃষকেই বৰ্তমান ধান সমূহ আন বেপাৰীক বিক্ৰী কৰিছে ৷ কিয়নো অসমৰ প্ৰায় সকল কৃষকে কঠিয়া পৰাৰ পূৰ্বেই ঋণলৈ ধন লৈ খেতি কৰে ৷ সেয়ে ফচল লাভ কৰাৰ লগে লগেই সেয়া বিক্ৰী কৰি ঋণ পৰিশোধ কৰে ৷ নলবাৰী জিলাৰ টিহুৰ মাখিবাহাৰ অধ্যাপকপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰীশ্ৰী কালী পূজা উদ্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Ranjeet Kumar Das in Nalbari) ৷

অগপৰে মিত্ৰতা সন্দৰ্ভত ৰণজিৎ কুমাৰ দাসে কৰিলে এনে মন্তব্য

উল্লেখ্য যে, ঐতিহ্যপূৰ্ণ এই পূজা খনত ৰাজ্যৰ দূৰ-দূৰণিৰ ভিন্ন প্ৰান্তৰ ভক্তই অংশগ্ৰহণ কৰি আহিছে । ভক্তৰ মনৰ কামনা পূৰণাৰ্থে কালী পূজা খনত ছাগলী, পাৰ চৰাই, হাঁহ, কোমোৰাৰ বলি আৰু উছৰ্গা কৰা হয় (Kali Puja in Nalbari)। নিশা ওজাপালি প্ৰদৰ্শনৰ পিছত পূজাৰ অন্তত ৰাজহুৱা ভোগ বিতৰণ কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । শুকুৰবাৰে এই পূজাৰ সামৰণি পৰিব ।

লগতে পঢ়ক : মালিকপক্ষৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা চিকিৎসালয়ৰ মেনেজাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.