ETV Bharat / city

Arms Laying Programme at Kalakshetra : অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল দুটাকৈ বিদ্ৰোহী সংগঠন

author img

By

Published : Jan 27, 2022, 10:20 PM IST

Updated : Jan 28, 2022, 2:45 PM IST

অৱশেষত মূলসূঁতিলৈ উভতিল তিৱা লিবাৰেশ্যন আৰ্মীৰ (টি এল এ) লগতে ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যনে (ইউ জি পি অ')(Arms Laying Programme of TLA and UGPO Cadres) ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে বিদ্ৰোহী সংগঠন দুটাই (CM Himanta Biswa Sarma at Kalakshetra) ।

arms-laying-programme-of-tla-and-ugpo-cadres-at-kalakshetra-in-guwahati
অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল দুটাকৈ বিদ্ৰোহী সংগঠন

গুৱাহাটী, 27 জানুৱাৰী : "10 মে’ৰ পূৰ্বে সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি সকলোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব, শান্তিৰ কপৌজনী অসমলৈ স্থায়ীভাৱে ঘূৰি আহিব"... বৃহস্পতিবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে (CM Himanta Biswa Sarma at Kalakshetra) ৷

arms-laying-programme-of-tla-and-ugpo-cadres-at-kalakshetra-in-guwahati
অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল দুটাকৈ বিদ্ৰোহী সংগঠন

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ যোগেদি অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল দুটা বিদ্ৰোহী সংগঠন ৷ গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা এই অনুষ্ঠানত তিৱা লিবাৰেশ্যন আৰ্মীৰ (টি এল এ) লগতে ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যনে (ইউ জি পি অ') মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে (Arms Laying Programme of TLA and UGPO Cadres) ।

আত্মসমৰ্থনৰ সময়চোৱাত এই সংগঠন দুটাই 66 টা মৰণাস্ত্ৰ, 262 টা হেণ্ড গ্ৰেনেড, 441 জাই গুলী জমা দিয়ে ৷ একেটা অনুষ্ঠানতে ইতিমধ্যে অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি অহা সশস্ত্ৰ সংগঠন আৰ এন এল এফ, ইউ পি আৰ এফ, এন এল এফ বি, এন এছ এল এ আৰু এ ডি এফৰ 662 জন প্ৰাক্তন সদস্যক ডেৰ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য বিতৰণ প্ৰদান কৰা হয় ৷

arms-laying-programme-of-tla-and-ugpo-cadres-at-kalakshetra-in-guwahati
অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল দুটাকৈ বিদ্ৰোহী সংগঠন

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ জনজাতীয় আৰু ক্ষুদ্ৰ জাতি সত্বাসমূহৰ মাজত সশস্ত্ৰ সংগ্ৰামৰ যি ধাৰা সৃষ্টি হৈছিল সেই ধাৰা আজি নাইকীয়া হৈছে । সমস্যা সমাধান হ'লে সংগ্ৰামৰ কেতিয়াও প্ৰয়োজনীয়তা নাথাকে ৷ ইতিমধ্যে আলফা স্ব‍াধীন আৰু কে এল অ'ক বাদ দি অসমত আৰু কোনো সশস্ত্ৰ সংগঠন আলোচনাৰ বাহিৰত নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে, 15 আগষ্ট আৰু 26 জানুৱাৰীত আলফাই গ্ৰহণ কৰা ভূমিকাই এটা আশাৰ পোহৰ দেখুৱাইছে । এটা দিন আহিব যেতিয়া আলফাৰ সৈতেও আলোচনা কৰি সমস্যা সমাধান কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

arms-laying-programme-of-tla-and-ugpo-cadres-at-kalakshetra-in-guwahati
অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল দুটাকৈ বিদ্ৰোহী সংগঠন

এই অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল, বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো (Pramod Boro at Arms Laying Programme ), তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta at Kalakshetra) , আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথকে (ADGP Hiren Chandra Nath at Kalakshetra) ধৰি আৰক্ষী আৰু প্ৰশাসনৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ

Last Updated : Jan 28, 2022, 2:45 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.