ETV Bharat / bharat

RRB-NTPC exam controversy: ২৮ জানুৱাৰীত বিহাৰ বন্ধৰ আহ্বান ছাত্ৰ সংগঠনৰ

author img

By

Published : Jan 27, 2022, 2:23 PM IST

ৰে'লৱে নিযুক্তি ব'ৰ্ডৰ পৰীক্ষাৰ বিসংগতিকলৈ(RRB-NTPC exam controversy) বিহাৰত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে । অহা ২৮ জানুৱাৰীত বিহাৰ বন্ধৰ আহ্বান জনাইছে কেইবাটাও ছাত্ৰ সংগঠনে (Students unions call Bihar Bandh)। উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈকে বিষয়টো স্থগিত ৰখাৰ চেষ্টা চলাইছে চৰকাৰে ।

RRB NTPC exam controversy
২৮ জানুৱাৰীত বিহাৰ বন্ধৰ আহ্বান ছাত্ৰ সংগঠনৰ

নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী : ৰে'লৱে নিযুক্তি ব'ৰ্ডৰ পৰীক্ষাত বিসংগতিৰ অভিযোগত ইতিমধ্যে বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত ভয়ানক আন্দোলন হৈছে । পৰীক্ষাৰ্থীসকলে ৰে'ল পথ অৱৰোধ কৰাৰ লগতে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ পাছতে ৰে'ল মন্ত্ৰালয়ে এনটিপিচি পৰীক্ষা স্থগিত ৰখাৰ ঘোষণা কৰিছে । আনহাতে পৰীক্ষাৰ বিসংগতি সম্পৰ্কে তদন্তৰ বাবে বিশেষ সমিতি গঠনৰো ঘোষণা কৰিছে ।

সমিতিখনে অভিযোগকাৰী পৰীক্ষাৰ্থীসকল লগতে নিৰ্বাচিত আৰু বঞ্চিত পৰীক্ষাৰ্থীৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিব । ইফালে চৰকাৰৰ সমিতি গঠনৰ সিদ্ধান্তক প্ৰৱঞ্চনা আখ্যা দিছে একাংশ ছাত্ৰ সংগঠনে । যাৰ বাবে ৰে'ল বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ২৮ জানুৱাৰীত বিহাৰ বন্ধৰো আহ্বান জনাইছে এআইএছএ (AISA) আৰু আন কেইবাটাও ছাত্ৰ সংগঠনে (Students unions call Bihar Bandh)।

এআইএছএৰ সাধাৰণ সম্পাদক তথা বিধায়ক সন্দীপ সৌৰভে এক প্ৰেছ বিবৃতিত কয় যে মন্ত্ৰালয়ে সমিতিখন গঠন কৰাটো এক ষড়যন্ত্ৰ । কিয়নো তেওঁৰ মতে চৰকাৰে সমগ্ৰ বিষয়টো উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈকে স্থগিত ৰখাৰ চেষ্টা চলাইছে ।

তেওঁ বিবৃতিটোত কয় যে পৰীক্ষাৰ্থীসকলৰ অভিযোগত কোনো সন্দেহ নাই । আনহাতে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰাকক্ষণত যুৱক-যুৱতীসকলে এই বৃহৎ আন্দোলনত সোমাই পৰিছে । সেয়েহে চৰকাৰে বিষয়টো নিৰ্বাচনলৈকে স্থগিত ৰাখিবলৈ সমিতি গঠনৰ দৰে ষড়যন্ত্ৰ ৰচনা কৰিছে বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক :UP election 2022: AIMIMৰ ষষ্ঠখন প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.