ETV Bharat / city

৩১ জানুৱাৰী সময়সীমাঃ নতুন বাজেট প্ৰস্তুতিত ব্যস্ত বিত্ত বিভাগ

author img

By

Published : Jan 27, 2022, 10:46 PM IST

assam-government-preparing-new-financial-budget-for-next-financial-year
৩১ জানুৱাৰী সময়সীমাঃ নতুন বাজেট প্ৰস্তুতিত ব্যস্ত বিত্ত বিভাগ

ৰাজ্যৰ বিত্ত বিভাগত পূৰ্ণোদ্যমে চলিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে এখন নতুন বাজেট প্ৰস্তুতিৰ প্ৰক্ৰিয়া (Assam government Preparing for new financial budget) ৷ প্ৰাককলিত বাজেট ব্যয় নিৰ্দ্ধাৰণ কৰিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা ৷

গুৱাহাটী, ২৭ জানুৱাৰী : ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে এখন নতুন বাজেট প্ৰস্তুতিৰ প্ৰক্ৰিয়া পূৰ্ণোদ্যমে চলিছে ৰাজ্যৰ বিত্ত বিভাগত (Assam government Preparing for new financial budget) । ইতিমধ্যে বিত্ত বিভাগৰ প্ৰধান সচিবে সকলো বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত সচিব, সচিব আৰু বিভাগীয় মুৰব্বী সকললৈ এক পত্ৰ প্ৰেৰণ কৰি প্ৰাককলিত বাজেট ব্যয় নিৰ্দ্ধাৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে (Budget Expenditure finalization by Assam government) ।

৩১ জানুৱাৰীৰ ভিতৰত প্ৰতিটো বিভাগকে প্ৰাককলিত বাজেট ব্যয়ৰ প্ৰতিবেদন দাখিল কৰিবলৈও সময়সীমা ধৰি দিয়া হৈছে বিত্ত বিভাগৰ ফালৰ পৰা । তাৎপৰ্যপূৰ্ণ যে, বিভাগ সমূহে ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত ঘোষিত আচনি ৰূপায়ণৰ সবিশেষ এইবাৰ নিৰ্দিষ্ট প'ৰ্টেলত আপলোড কৰিবলৈও বিত্ত বিভাগে নিৰ্দেশনা দিছে । একেদৰে ৩১ জানুৱাৰীৰ ভিতৰত প্ৰশাসনিক বিভাগে কৰ আৰু কৰ বহিৰ্ভূত ৰাজহ সংগ্ৰহৰ পৰিকল্পনা বিত্ত বিভাগক দাখিল কৰিব লাগিব ।

আনহাতে, বি টি আৰলৈ বাজেটত পুজি (Budget amount for BTR) ধাৰ্য কৰা সন্দৰ্ভত বড়োলেণ্ড কল্যাণ বিভাগে বিত্ত বিভাগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিব লাগিব এই সময়সীমাৰ ভিতৰতে ।

উল্লেখযোগ্য যে, আজি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে আগন্তুক ১৪ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ জনোৱাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে ।

লগতে পঢ়ক : প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.