ETV Bharat / state

বাংলাদেশী মুছলমানৰ সৈতে অসমত প্ৰৱেশ কৰিছে জেহাদী উগ্ৰপন্থী: বিস্ফোৰণ প্ৰবীণ ভাই টোগাড়ীয়াৰ - Pravin Togadia Assam Visit

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 7:15 PM IST

Pravin Togadia: লাচিতে মোগলমুক্ত কৰাৰ দৰেই অসম কৰা হ’ল বাংলাদেশী মুছলমানমুক্ত ৷ ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে প্ৰবীণ ভাই টোগাড়ীয়াই ৷ অসমত বাংলাদেশী মুছলমানৰ সৈতে জেহাদী উগ্ৰপন্থীয়ে প্ৰৱেশ কৰাৰ কথাও ক’লে হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷

Pravin Togadia
নগাঁৱত প্ৰবীণ ভাই টোগাড়ীয়া (ETV Bharat Assam)

নগাঁৱত প্ৰবীণ ভাই টোগাড়ীয়া (ETV Bharat Assam)

নগাঁও, 18 মে’: ‘‘বাংলাদেশী মুছলমানৰ সৈতে অসমত প্ৰৱেশ কৰিছে জেহাদী উগ্ৰপন্থী । অসমত আছে 50 লাখ বাংলাদেশী ।’’ এই বিস্ফোৰক মন্তব্য হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়ীয়াৰ ৷ অসমক বাংলাদেশীমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷

শনিবাৰে নগাঁৱত উপস্থিত হৈ কেবাটাও বিস্ফোৰক মন্তব্য কৰিলে কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়ীয়াই ৷ শনিবাৰে নগাঁৱৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰং দলৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক বৈঠকত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বহুকেইটা বিস্ফোৰক মন্তব্য কৰে হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়ীয়াই ।

বিশেষকৈ অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ উল্লেখ কৰি সংবাদ মাধ্যমৰ সন্মুখত বাংলাদেশী মুছলমানৰ সৈতে অসমত জেহাদী উগ্ৰপন্থী প্ৰৱেশ কৰা বুলি মন্তব্য কৰে প্ৰবীণ ভাই টোগাড়ীয়াই । অসমত 50 লাখ অবৈধ বাংলাদেশী থকা বুলিও বিস্ফোৰক মন্তব্য কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷ অসমৰ পৰা বাংলাদেশী খেদিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰবীণ ভাই টোগাড়ীয়া একেলগে ওলাই আহিলে অসমক বাংলাদেশী মুক্ত কৰাটো সম্ভৱ বুলিও মন্তব্য কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে ।

ডি এন এ পেটাৰনিটি টেষ্টৰ ভিত্তিত বাংলাদেশী মুছলমানক বিতাড়িত কৰিবলৈ আহ্বান জনায় হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷ আনকি অসমৰ গাঁৱে গাঁৱে গৈ বাংলাদেশী বিতাড়িতৰ ক্ষেত্ৰত কাম কৰাৰ কথাও উল্লেখ কৰে প্ৰবীণ ভাই টোগাড়ীয়াই । এইক্ষেত্ৰত ৰাষ্ট্ৰীয় বজৰং দলেও গাঁৱে গাঁৱে হনুমান চালিছা কেন্দ্ৰ কৰি বাংলাদেশী খেদাৰ ক্ষেত্ৰত জনমত গঠন কৰাৰ কথাও উল্লেখ কৰে প্ৰবীণ ভাই টোগাড়ীয়াই ।

লাচিত বৰফুকনে মোগলবিহীন অসম গঢ়াৰ দৰে অসমক বাংলাদেশী মুক্ত কৰাৰ ক্ষেত্ৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে লাচিত বৰফুকনৰ দায়িত্ব পালন কৰিব বুলিও মন্তব্য কৰে প্ৰবীণ ভাই টোগাড়ীয়াই ।

লগতে পঢ়ক: মুছলমানৰ বৰ্ধিত জনসংখ্যাই অহা 50 বছৰৰ ভিতৰত হিন্দুৰ ভেঁটি অসুৰক্ষিত কৰিব : প্ৰবীণ তোগাড়ীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.