ETV Bharat / sitara

Samantha and Naga Chaitanya Took Divorce: নাগা চৈতন্য আৰু সামান্থাৰ ডিভোৰ্ছ কিয় হৈছিল ?

author img

By

Published : Jan 27, 2022, 5:55 PM IST

সাংঘাতিক কিবা এটা আছিল দুয়োৰে মাজত ৷ দুয়োৰে যুটীয়া ফটো চায়েই মন প্ৰশান্তিৰে ভৰি পৰিছিল ৷ অনুৰাগীয়েও প্ৰকৃত প্ৰেমৰ সংজ্ঞা দিবলৈ সামান্থা আৰু নাগা চৈতন্যৰ প্ৰেমৰ কাহিনীয়েই সুৱৰিছিল (Samantha and Naga Chaitanya Took Divorce) ৷ এই প্ৰেমিক যুগলৰ সম্পৰ্কৰ বিচ্ছেদৰ কথাই আজিও ভাবিবলৈ বাধ্য কৰে, দুগৰাকী ব্যক্তিৰ মাজত এনেকুৱা কি ঘটিব পাৰে য’ত সীমাহীন ভালপোৱা হঠাতে শেষ হৈ যায় ! নতুবা প্ৰেম থাকিলেও সহবাস কৰিব নোৱাৰা পৰ্যায় এটা আহি যায় কেনেকৈ ? (Nagarjuna opens about Samatha Naga Divorce) অৱশেষত অনুৰাগীৰ উৎসুকতা দূৰ কৰিলে নাগা চৈতন্যৰ পিতৃ নাগাৰ্জুনে...

Samantha and Naga Chaitanya Took Divorce
নাগা চৈতন্য আৰু সামান্থাৰ ডিভোৰ্ছ কিয় হৈছিল ?

চিটাৰা ডেস্ক, 27 জানুৱাৰী : তামিল ছবি জগতৰ অতিকে জনপ্ৰিয় যুটি সামান্থা আৰু নাগা চৈতন্যৰ ইজনে আনজনৰ পৰা আঁতৰি থকাৰ বাতৰি আজিও সকলোৰে চৰ্চাৰ বিষয় ৷ সামান্থাই নিজৰ একাউণ্টৰ পৰা বিয়াৰ পিছত গ্ৰহণ কৰা উপাধি আঁতৰাই দিয়াৰ পিছতেই সকলোৰে দৃষ্টিলৈ আহিছিল কথাটো ৷ 2017 চনৰ 6 অক্টোবৰত বিবাহ পাশত আবদ্ধ হৈছিল নাগা আৰু সামান্থা ৷ চাৰিবছৰীয়া বৈবাহিক জীৱনৰ যতি পেলাই বিগত বৰ্ষৰ অক্টোবৰ মাহত দুয়োয়ে সম্পৰ্ক শেষ কৰাৰ কথা ঘোষণা কৰিছিল (Samantha and Naga Chaitanya Took Divorce) ৷ লগে লগে সামাজিক মাধ্যমত তোলপাৰ লাগে দুয়োৰে অনুৰাগীৰ মাজত ৷

'ইণ্ডিয়াগ্লিট্জ’ ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নাগাৰ্জুনে অৱশেষত মুখ খুলিলে পুত্ৰ-বোৱাৰীৰ ডিভোৰ্চক লৈ (Nagarjuna opens about Samatha Naga Divorce) ৷ তেওঁ কয় যে সামান্থাই প্ৰথমে ডিভোৰ্চৰ প্ৰস্তাৱ দিছিল ৷ পুত্ৰ নাগাই মাথোন তেওঁৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনাইছিল ৷ কথাটোৰ আৰম্ভণিতে অৱশ্যে নাগা যথেষ্ট চিন্তিত আছিল পিতৃক লৈ ৷ লগতে পৰিয়ালৰ মান-সন্মানৰ কথা ভাবিও চিন্তাত পৰিছিল নাগা চৈতন্য ৷

নাগাৰ্জুনে লগতে কয় যে নাগা আৰু সামান্থাৰ চাৰিবছৰীয়া বৈবাহিক সম্পৰ্কত তেওঁ কেতিয়াও কিবা অসুবিধা থকাৰ কথা অনুভৱ কৰা নাছিল ৷ সেয়ে প্ৰথমে এই খবৰটোৱে তেওঁক যথেষ্ট আঘাত দিয়াৰ লগতে অবাক কৰি তুলিছিল ৷ দুয়োয়ে আনকি 2021 বৰ্ষৰ আৰম্ভণিতে একলগে নতুন বছৰ উদযাপনৰ কৰাৰ কথা সোঁৱৰে নাগাৰ্জুনে ৷ হয়তো নৱবৰ্ষৰ পিছৰ পৰাই দুয়োৰে মাজত অসুবিধাৰ সৃষ্টি হৈছিল বুলিও আশংকা ব্যক্ত কৰে নাগাৰ্জুনে ৷

লগতে পঢ়ক: Chiranjeevi diagnosed corona positive: দ্বিতীয়বাৰৰ বাবে ক’ৰণাত আক্ৰান্ত চিৰঞ্জীৱী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.