ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 4, 2022, 7:01 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

মুখ্যমন্ত্ৰী ড৹ হিমন্তৰ ঘৰত ড‘নাৰ মন্ত্ৰীসহ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নৈশভোজ

উত্তৰ পূৱ উন্নয়ন মন্ত্ৰণালয়ে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ২৮ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে 'উত্তৰ-পূব মহোৎসৱ'ৰ আয়োজন কৰিছিল । 4 এপ্ৰিলত এই সপ্তাহজোৰা কাৰ্যসূচীৰ সামৰণিৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেঁওৰ বাসগৃহত এক নৈশভোজৰ আয়োজন কৰে(Dinner hosted by Assam CM ) ৷ এই নৈশভোজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মিলিত হয় ৷

চৰকাৰৰ বৰ্ষপুৰ্তি: কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান

দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাৰ বিলাসী আৰু ব্যয়বহুল ৰিজ'ৰ্ট "বৰগছ'ত অনুষ্ঠিত হব মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক (CM review meeting will be held at Kaziranga) ৷ এই বৈঠকত বিজেপি আৰু বাকী দুটা মিত্ৰ দলৰ সকলো মন্ত্ৰী-বিধায়কে যোৱা এটা বছৰে তেঁওলোকে কৰা সকলো কামকাজৰ খতিয়ান দিব লাগিব মুখ্যমন্ত্ৰীক ৷

অসমীয়া চিনেমা চাবলৈ প্ৰতি গৰাকী দৰ্শক দৌৰি দৌৰি যাব: জুবিন গাৰ্গ

বিহালী বৰগাঙত শান্তিপূৰ্ণ ভাৱে সামৰণি পৰিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান (Zubeen Garg stage programme) ৷ হাজাৰ-হাজাৰ দৰ্শকে জুবিনৰ গানত নাচিলে কঁকাল ঘুৰাই ৷ মঞ্চত গীত পৰিৱেশন কৰি জুবিনে ‘‘অসমীয়া চিনেমা প্ৰতি গৰাকী দৰ্শকে চাবলৈ দৌৰি দৌৰি যাব, আমি জীয়াই ৰাখিব লাগিব অসমীয়া চিনেমা’’ বুলি হাজাৰ হাজাৰ দৰ্শকক আহ্বান জনায় (Zubeen Garg on Assamese film)।

ৰাজ্যজুৰি মাওবাদী আৰু জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক অভিযান

মাওবাদীৰ বিৰুদ্ধে NIAৰ অভিযানত গ্ৰেপ্তাৰ বহুজন (Anti terrorist operation by NIA)৷ মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অৰুণ কুমাৰ ভট্টাচার্য ওৰফে কাঞ্চন দাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এতিয়া ৰাজ্যখনত ইজনৰ পাছত সিজনকৈ মাওবাদী নেতা তথা কর্মী গ্ৰেপ্তাৰ হৈছে (Kanchan da arrested in Assam) ৷ ইফালে ৰাজ্যত জেহাদীৰ প্ৰশিক্ষণ শিবিৰ ৷ উদ্ধাৰ হৈছে জেহাদৰ বিভিন্ন পুস্তিকা ৷ ইছলাম ধৰ্মাৱলম্বী কিছুমান বছা বছা যুৱকক ধৰ্মৰ দোহাই দি দিয়া হৈছে জেহাদী প্ৰশিক্ষণ (Jihadi training in Assam) ৷ মাওবাদী আৰু মৌলবাদীয়ে পৃথক পৃথক পৰিকল্পনাৰে কাম কৰি আছে অসমত ৷

নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত আতিশায্যৰ বলি চিকিৎসাধীন যুৱক

নগাঁৱৰ এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ (Rehabilitation centre in Nagaon)৷ ‘চেষ্টা’ নামৰ এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ কেন্দ্ৰটোত চিকিৎসাধীন হৈ থকা যুৱকসকলক বিভিন্ন প্ৰকাৰে অত্যাচাৰ চলোৱা বুলি অভিযোগ উঠিছে কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

মহানগৰীত নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত

মহানগৰীত অঘটন ৷ মঙলবাৰে নিশা অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ ভাগি সোমাল ডাম্পাৰ (Accident in Assam Sarva Shiksha Abhiyan office) ৷ ফলত কেৱল অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰেই নহয়, ক্ষতি হয় চাৰিখনকৈ আন বাহনৰ ৷

কলকাতাত নামঘৰ স্থাপন : বঙালী পৰিয়ালে দান কৰিলে ভূমি

অসমীয়া আৰু বঙালী ভাষী লোকৰ সংঘাতৰ মাজতে কলকাতাৰ এটা সমাজ সচেতন পৰিয়ালে দেখুৱাইছে এক অনবৈদ্য নিদৰ্শন ৷ কলকাতাৰ সমীপৰ দক্ষিণ 24 পৰগণাৰ পিয়ালিৰ সমাজকৰ্মী লক্ষণ চক্ৰৱৰ্তীয়ে তেখেতৰ প্ৰয়াত মাতৃৰ শেষ ইচ্ছা অনুসৰি, নিজ বাসগৃহৰ সৈতে সংলগ্ন থকা এডোখৰ ভূমি নামঘৰসহ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ স্থাপনৰ বাবে দান কৰে (A Bengali family donates land for setting up of Namghar in Kolkata) ।

আন এখন গেটতো টোল টেক্স দিবলৈ সাজু হওক আপুনি

পূৰ্বতকৈ আৰু অধিক টোলটেক্স দিবলৈ সাজু হওক ৰাজ্যবাসী ৷ কিয়নো অসমত নিৰ্মীয়মান অৱস্থাত আছে আকৌ এখন নতুন টোলগেটৰ কাম ৷ যুদ্ধংদেহী ৰূপত এতিয়া তেজপুৰ সংযোগী পথৰ চুলুঙৰ এই টোলগেট (New Toll Gate at Kaliabor) ৷ শীঘ্ৰে মুকলি হ’ব এই টোলগেট ৷

খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

মধ্যপ্ৰদেশৰ খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন(Curfew relaxed in Khargone) ৷ এই সময়চোৱাত খুলিব পাৰিব পেট্ৰ’ল পাম্পসমূহ(Petrol pumps allowed to open in Khargone) ৷ বিপৰীতে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠানসমূহ ৷ খাৰগোনৰ উপ-বিভাগীয় দণ্ডাধীশ মিলিন্দ ধোকে মঙলবাৰে নিশা এই বিষয়ে সদৰি কৰে সংবাদ মাধ্যমৰ আগত ৷ যাত্ৰীবাহী বাছসমূহ চলাচল কৰাৰ ক্ষেত্ৰতো শিথিল কৰা হৈছে নিৰ্দেশনা ৷

ঘিঁউ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰীনে ? বিশেষজ্ঞই কি কয় !

সাধাৰণতে আমাৰ স্বাস্থ্যৰ বাবে ঘিঁউ বা অন্যান্য তেলজাতীয় খাদ্য অপকাৰী বুলিয়ে ধৰা হয় ৷ বিশেষকৈ এনে খাদ্য গ্ৰহণে মেদবহুলতা বৃদ্ধিৰ লগতে হৃদযন্ত্ৰৰ বাবেও সমস্যাৰ সৃষ্টি কৰাৰ আশংকা থাকে ৷ কিন্তু এয়া কিমান পৰিমাণে সঁচা ? ইয়াৰ কোনো লাভালাভ আছে নেকি ? বিশেষজ্ঞসকলৰ মতে, মাখন বা ঘিঁউ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব পাৰে ৷ চাও আহক এই সন্দৰ্ভত যুগুতোৱা বিশেষ প্ৰতিবেদন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.