ETV Bharat / city

চৰকাৰৰ বৰ্ষপুৰ্তি: কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান

author img

By

Published : May 4, 2022, 3:08 PM IST

দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাৰ বিলাসী আৰু ব্যয়বহুল ৰিজ'ৰ্ট "বৰগছ'ত অনুষ্ঠিত হব মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক (CM review meeting will be held at Kaziranga) ৷ এই বৈঠকত বিজেপি আৰু বাকী দুটা মিত্ৰ দলৰ সকলো মন্ত্ৰী-বিধায়কে যোৱা এটা বছৰে তেঁওলোকে কৰা সকলো কামকাজৰ খতিয়ান দিব লাগিব মুখ্যমন্ত্ৰীক ৷

কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ানকাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান
কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান

নিউজ ডেস্ক, 4 মে': বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ প্ৰথমটো বৰ্ষপুৰ্তিৰ প্ৰাকমুহূৰ্তত বিজেপি আৰু মিত্ৰদলৰ মন্ত্ৰী-বিধায়ক সকলৰ পৰা বিগত বছৰটোৰ কামৰ খতিয়ান লবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা ৷ দুদিনীয়া ভ্ৰমণসূচী লৈ সম্প্ৰতি অসমত থকা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উভতি যোৱাৰ পিছতে বৃহস্পতিবাৰে কাজিৰঙাত মুখ্যমন্ত্ৰী ড৹ শৰ্মা মিলিত হব বিজেপি আৰু দুই মিত্ৰ দল অগপ আৰু ইউ পি পি এলৰ মন্ত্ৰী-বিধায়ক সকলৰ সৈতে (CM review meeting will be held at Kaziranga) ৷

কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান
কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান

বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰলৈ দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাৰ বিলাসী আৰু ব্যয়বহুল ৰিজ'ৰ্ট "বৰগছ'ত অনুষ্ঠিত হব মুখ্যমন্ত্ৰীৰ এই পৰ্যালোচনা বৈঠক ৷ এই বৈঠকত বিজেপি আৰু বাকী দুটা মিত্ৰ দলৰ সকলো মন্ত্ৰী-বিধায়কে যোৱা এটা বছৰে তেঁওলোকে কৰা সকলো কামকাজৰ খতিয়ান দিব লাগিব মুখ্যমন্ত্ৰীক ৷

কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান
কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান

উল্লেখ্য যে 10 মে'ত অনুষ্ঠিত হব ড৹ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্ৰথম বৰ্ষপুৰ্তি ৷ এই বৰ্ষপুৰ্তি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ৷

লগতে পঢ়ক:Assam Cabinet Decisions : কাগজ কলৰ কৰ্মচাৰীৰ বাবে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.