ETV Bharat / politics

থানেশ্বৰ বড়োৰ মূল্যবোধৰ ৰাজনীতিক সুঁৱৰিলে মন্ত্ৰী-বিধায়কে - Former Minister Late Thaneswar Boro

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:39 PM IST

Residence of Late Thaneswar Boro : শুকুৰবাৰে প্ৰয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক ৷ সুঁৱৰিলে প্ৰয়াত ৰাজনীতিকগৰাকীৰ মূল্যবোধৰ ৰাজনীতিক ৷

Late Thaneswar Boro
প্ৰয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ বাসগৃহ (ETV Bharat Assam)

ৰঙিয়া, 24 মে’: শুকুৰবাৰে প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ কেবাগৰাকীও ৰাজনীতিক ৷ 17 মে’ত ইহলীয়া সম্বৰণ কৰা প্ৰাক্তন মন্ত্ৰী তথা অগপৰ প্ৰাক্তন সভাপতিগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰাৰ লগতে বহুকেইগৰাকী নেতাই ৷

প্ৰয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ বাসগৃহ (ETV Bharat Assam)

ৰঙিয়া মূৰাৰা গড়কাস্থিত ঘৰখনত উপস্থিত হৈ কেউজন নেতাই প্ৰয়াত মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত ফুল চটিয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অতুল বৰাৰ লগতে উপস্থিত থাকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাও ৷ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অতুল বৰাই সদৰী কৰে যে ৩০ মে’ত ৰঙিয়াৰ প্ৰগতি সংঘৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগতে স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিব অগপই ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে থানেশ্বৰ বড়োৰ পৰা বৰ্তমানৰ ৰাজনীতিবিদে মূল্যবোধৰ ৰাজনীতি শিকিবলগীয়া আছে ৷ তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ অগপই চিন্তা-চৰ্চা কৰিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি তেওঁ জানিবলৈ দিয়ে যে প্ৰয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ জীৱনৰ লগত জড়িত টাইপ ৰাইটাৰসহ আন বহু সামগ্ৰী বিধানসভাৰ চৌহদত সংৰক্ষণ কৰা হ’ব ।

আনহাতে প্ৰয়াত মন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে থানেশ্বৰ বড়োৱে অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত অন্যতম ভূমিকা লৈছিল ৷ তেখেতৰ মৃত্যু অসমীয়া সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় ভৱেশ কলিতাই ৷

ইফালে সাংসদ তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াও উপস্থিত হয় প্ৰয়াত মন্ত্ৰীগৰাকীৰ বাসগৃহত ৷ নেতাগৰাকীয়ে কিছু সময় থানেশ্বৰ বড়োৰ পৰিয়ালৰ সৈতে অতিবাহিত কৰি মত বিনিময় কৰে ৷ ইফালে সংবাদ মাধ্যমৰ আগত শোক প্ৰকাশ কৰি দিলীপ শইকীয়াই কয় যে থানেশ্বৰ বড়ো সকলোৰে আদৰ্শ ব্যক্তি আছিল ৷ অসমৰ ৰাজনীতিৰ মহীৰূহস্বৰূপ থানেশ্বৰ বড়োৰ বিয়োগে অসমৰ লগতে ৰঙিয়াৰ বাবে এক অপূৰণীয় ক্ষতি কৰিলে ।

থানেশ্বৰ বড়োৱে শালীনতা আৰু সমৰ্পনেৰে পাৰ কৰা ৰাজনৈতিক জীৱন সকলোৰে বাবে বিশেষকৈ নতুন প্ৰজন্মৰ ৰাজনীতিকসকলৰ বাবে আদৰ্শস্বৰূপ হোৱা উচিত বুলি উল্লেখ কৰে দিলীপ শইকীয়াই ৷ প্ৰয়াত মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমৰ লগতে ৰঙিয়াৰ বাবে যিখিনি কাম কৰি থৈ গ'ল সেয়া কোনোৱে পাহৰিব নোৱাৰে বুলি সাংসদ শইকীয়াই মন্তব্য কৰে ।

তদুপৰি তেওঁ কয় যে শিক্ষা আৰু ৰাজহ মন্ত্ৰী হৈ যিখিনি সততাৰে কাম কৰি গ'ল, সেয়া আজিৰ চামৰ ৰাজনীতি কৰাসকলে শিকিবলগীয়া কথা । জ্যেষ্ঠসকলে যি আদৰ্শ দেখুৱাই থৈ গৈছে, কনিষ্ঠসকলে সেয়া নিষ্ঠা আৰু সততাৰে গ্ৰহণ কৰিব লাগিব বুলি কয় দিলীপ শইকীয়াই ।

লগতে পঢ়ক: সৎ-নিষ্ঠাবান-সৰল ব্যক্তি আছিল থানেশ্বৰ বড়ো: সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.