ETV Bharat / state

Assam Cabinet Decisions : কাগজ কলৰ কৰ্মচাৰীৰ বাবে সুখবৰ

author img

By

Published : May 3, 2022, 10:09 PM IST

কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে কেবিনেটে মোকলাই দিলে ৩০৮.৭৫ কোটি টকা(Good news for two paper mill workers)। এসপ্তাহৰ ভিতৰত যোগ্য ১০০ জনক চাকৰি দিয়াৰ ব্যৱস্থা চৰকাৰৰ । ৬৩ মাহ ধৰি দৰমহা বঞ্চিত কাগজ কল দুটাৰ ১০৩ জন কৰ্মচাৰীৰ ইতিমধ্যে মৃত্যু হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে মৃত্যুমুখত পৰিছে ১৮ জন কৰ্মচাৰী ।

good news for two paper mill workers
কাগজ কলৰ কৰ্মচাৰীৰ বাবে সুখবৰ

গুৱাহাটী, 3 মে : কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ (Good news for two paper mill workers) । কাগজ কল দুটাৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে আজি ৰাজ্য চৰকাৰৰ কেবিনেটে ৩০৮.৭৫ কোটি টকা মোকলাই দিয়ে (Fund for paper mill employees)। আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে চলিত সপ্তাহৰ ভিতৰত হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ দুয়োটা কাগজ কলৰ ১০০ জন যোগ্য কৰ্মচাৰীক স্থায়ী চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে (Assam cabinet decisions)।

উল্লেখ্য যে, ৰাজ্য চৰকাৰ আৰু কাগজ কল দুটাৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ মাজত হোৱা চুক্তি অনুসৰি এক বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ১০০ গৰাকী কৰ্মচাৰীক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । চাকৰিৰ বাবে শতাধিক আবেদন আহিছে যদিও ইয়াৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে ।

এসপ্তাহৰ ভিতৰত বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চুক্তি অনুসৰি এশজনক নিযুক্তি দিবলৈ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে । এই সন্দৰ্ভত আজি ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইফালে দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা কাগজ কল দুটাৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ কেবিনেটে ৩০৮.৭৫ কোটি টকা মোকলাই দিছে ।

উল্লেখ্য যে, বিগত বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাগজ কলৰ কৰ্মচাৰী সংস্থাৰ মাজত হোৱা বুজাবুজি চুক্তি অনুসৰি দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰে ৫৭০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰিছিল । অৱশেষত আজি কেবিনেটে ৩০৮.৭৫ কোটি টকা মোকলাই দিয়ে ।

উল্লেখ্য যে, নগাঁও আৰু কাছাৰ কাগজ কলৰ সা-সম্পত্তি নিলামৰ মাধ্যমেৰে অসম চৰকাৰলৈ অহা বুলি দিছপুৰে ঘোষণা কৰিলে যদিও কাগজ কলৰ দুৰ্ভগীয়া কৰ্মচাৰীসকলে প্ৰাপ্য বকেয়াৰ ফুটা কড়ি এটাও লাভ কৰা নাছিল । ফলত ৬৩ মাহ ধৰি দৰমহা বঞ্চিত কাগজ কলৰ কৰ্মচাৰীয়ে অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা অবিহনে তিলতিলকৈ যেন মৃত্যুৰ ক্ষণ গণি আহিছে ।

ইতিমধ্যে বিনা বেতনেৰে অৰ্থৰ অভাৱত কাগজ কলৰ ১০৩ জনলৈ কৰ্মচাৰীৰ মৃত্যু হৈছে । লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে ১৮জন কৰ্মচাৰী মৃত্যুমুখত পৰিছে । দৰমহা লাভ নকৰাৰ ফলত পৰিয়াল পোহপাল দিব নোৱাৰি কাগজ কলৰ ৪ জন কৰ্মচাৰীয়ে ইতিপূৰ্বে আত্মহত্যাৰ পথো বাচি লৈছে ।

উল্লেখ্য যে, লিকুইডেটৰ কুলদীপ বাৰ্মাই আহ্বান জনোৱা নিবিদাত অংশ লৈ বিগত ২৮ মাৰ্চত অসম চৰকাৰে ৩৭৫ কোটি টকাৰ বিপৰীতে কাগজ কল দুটাৰ ভূমি-সম্পত্তি ক্ৰয়ৰ যোগ্যতা অৰ্জন কৰিছে । উল্লেখ যে, কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কল দুটা ক্ৰমে ২০১৫ চনৰ অক্টোবৰ আৰু ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে ।

লগতে পঢ়ক : Assam Cabinet Decisions: নগাঁও-কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৩০৮.৭৫ কোটি টকা মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.