এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত অব্যাহত সংকট : ১০ মে’ৰ পৰা ৪০০খন বিমানৰ সেৱা বাতিল - Crisis At Air India Express
AIR INDIA EXPRESS: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ পুনৰবাৰ কেইবাটাও কাৰ্যকৰী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত ১০ মে’ৰ পৰা প্ৰায় ৪০০খন বিমানৰ সেৱা বাতিল আৰু পলম হৈছে যদিও অহা কেইদিনমানৰ ভিতৰত বিমান সেৱা সুস্থিৰ হ’ব বুলি আশাবাদী বিমান সংস্থাটো ।

Published : May 24, 2024 at 10:44 PM IST
নিউজ ডেস্ক, 24 মে’: টাটা গ্ৰুপৰ বাজেট পৰিবহন সংস্থা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে যোৱা দুসপ্তাহ ধৰি সংকটৰ সন্মুখীন হৈ আহিছে ৷ যাৰ বাবে শুকুৰবাৰে প্ৰায় পাঁচ শতাংশ বিমান, আৰু বৃহস্পতিবাৰে ছয়ৰ পৰা সাত শতাংশ বিমান বাতিল কৰা হৈছে ৷ ইয়াৰ বিপৰীতে সূত্ৰই নিশ্চিত কৰিছে যে ১০ মে’ৰ পৰা ৪০০ খন বিমান বাতিল কৰা হৈছে ।
সূত্ৰসমূহে নাম প্ৰকাশ নকৰাৰ চৰ্তত ইটিভি ভাৰতক জনোৱা মতে, "এই সকলোবোৰ বাতিলৰ পৰিকল্পনা যাত্ৰীসকলক সময়মতে ভালদৰে জনোৱা হৈছে । যাত্ৰীসকলৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ বা পুনৰ নিৰ্ধাৰণ কৰাৰ বিকল্প আছে ।"
"বৃহস্পতিবাৰে বাতিলৰ হাৰ আছিল ছয়ৰ পৰা সাত শতাংশ । আপোনালোকে দেখাৰ দৰে, কাৰ্যকলাপসমূহ সুস্থিৰতাৰ দিশে আগবাঢ়িছে আৰু অহা দুদিনমানৰ ভিতৰত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব", তেওঁলোকে লগতে কয় ।
লগতে পঢ়ক: উৰণৰ প্ৰাকক্ষণত দুৰ্ঘটনাত পতিত বিমান, সৌভাগ্যক্ৰমে ৰক্ষা পৰিল যাত্ৰী - Air India flight accident
মন কৰিবলগীয়া যে ৭ মে’ত ২০০ৰো অধিক কেবিন ক্ৰুৱে ছুটী লৈছিল আৰু অভিযোগ কৰিছিল যে চাকৰিৰ সুৰক্ষা, দৰমহা সংৰক্ষণ আৰু জ্যেষ্ঠতা তথা বিশেষজ্ঞতাৰ স্বীকৃতিৰ আশ্বাস দিয়াৰ পিছতো এয়াৰ এছিয়াৰ পৰা পৰিৱৰ্তনৰ সময়ত এই প্ৰতিশ্ৰুতিসমূহৰ পৰা দৃশ্যমান বিচ্যুতি ঘটিছে ।
তদুপৰি পৰিচালনা পক্ষৰ পৰা অপব্যৱস্থাপনা আৰু যোগাযোগৰ অভাৱৰ অভিযোগ উত্থাপন কৰে যাৰ বাবে এআইএক্সে শ শ বিমান যাত্ৰা বাতিল কৰিবলগীয়া হয় ৷ যাৰ ফলত বিমান যাত্ৰীসকলৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি হয় আৰু বিমান সংস্থাটোৰ বাবে কোটি কোটি লোকচান হয় ।
ইয়াৰ পিছতে এআইএক্স কৰ্মচাৰী সংঘই দিল্লী শ্ৰম আয়ুক্তলৈ পত্ৰ লিখি তেওঁৰ হস্তক্ষেপৰ অনুৰোধ জনায় আৰু তাৰ পিছত বিমান সংস্থাৰ পৰিচালনা সমিতিয়ে ২৫ জন কৰ্মচাৰীৰ নিলম্বন প্ৰত্যাহাৰ কৰি ক্ৰু পৰিচালনাক আশ্বাস দিয়ে ।
লগতে পঢ়ক: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত অগ্নিকাণ্ড; বেংগালুৰুত জৰুৰী অৱতৰণ - AIX flight catches fire
কিন্তু, ২১ মে’ত এআইএক্স কৰ্মচাৰী সংঘই ৯ মে’ত অনুষ্ঠিত হোৱা মিলন বৈঠকৰ পিছত এআইএক্স পৰিচালনা সমিতিৰ দ্বাৰা দৈনিক বিমান বাতিল আৰু পলমৰ সংখ্যা সন্দৰ্ভত কেন্দ্ৰীয় শ্ৰম আয়ুক্তলৈ এখন পত্ৰ লিখিছিল ।
ইয়াত কোৱা হৈছে যে, "মীমাংসা অনুসৰি সকলো কেবিন ক্ৰুৱে ১০ মে'ৰ ভিতৰত বিমানৰ কৰ্তব্যৰ বাবে ৰিপৰ্ট দিছিল । অৱশ্যে 'ক্ৰুৰ বাধা'ৰ কাৰণ উল্লেখ কৰি বহু বিমান এতিয়াও বাতিল আৰু পলম হোৱাটো লক্ষ্য কৰাটো আচৰিত কথা ।"
"সোধা-পোছাৰ পিছত আমাৰ দৃষ্টিগোচৰ হৈছে যে পুৰণি ছফ্টৱেৰ আৰ এম এছৰ পৰা শ্বিডুলিং বিভাগৰ দ্বাৰা পৰিচালিত নতুন (চি এ ই) এপলৈ পৰিৱৰ্তন হোৱাৰ বাবে অপাৰেচন বিভাগে কেবিন ক্ৰুৰ তথ্য হেৰুৱাইছে । নতুন ব্যৱস্থাত তথ্য আপডেট কৰাৰ বাবে সংশ্লিষ্ট বিভাগে ক্ৰুক তেওঁলোকৰ সবিশেষ দাখিল কৰিবলৈ কৈছে ।" ইয়াত উল্লেখ কৰা হৈছে ।
প্ৰস্থানৰ সংখ্যা হ্ৰাসে কেবিন ক্ৰুৰ দৰমহাত বিৰূপ প্ৰভাৱ পেলাইছে ৷ ইয়াত মন কৰিবলগীয়া যে নিজৰ বিমান ব্যৱসায়ক একত্ৰিত কৰাৰ অংশ হিচাপে টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এআইএক্স কানেক্টৰ লগতে ভিষ্টাৰক এয়াৰ ইণ্ডিয়াৰ সৈতে একত্ৰিত কৰিছে । বৰ্তমান এআই এক্সপ্ৰেছৰ ৭৩খন বিমানৰ বহৰ আছে আৰু দৈনিক ৩৬০খন বিমান চলাচল কৰে ।
লগতে পঢ়ক: ছিংগাপুৰ এয়াৰলাইনৰ ঘটনা : ভাৰতত হ’লে কেনেকৈ পাব সুৰক্ষা ? - Singapore Airline Incident

