ETV Bharat / bharat

উৰণৰ প্ৰাকক্ষণত দুৰ্ঘটনাত পতিত বিমান, সৌভাগ্যক্ৰমে ৰক্ষা পৰিল যাত্ৰী - Air India flight accident

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 4:41 PM IST

Air India flight accident: দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ উৰণৰ প্ৰাকক্ষণত এখন টাগ ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় । বিমানখনত থকা প্ৰায় ১৮০ গৰাকী যাত্ৰী সুৰক্ষিত । কিছু ক্ষতিগ্ৰস্ত হয় বিমানখন ।

Air India flight accident
উৰণৰ প্ৰাকক্ষণত দুৰ্ঘটনাত পতিত বিমান (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৭ মে': দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বৃহস্পতিবাৰে পুণে বিমানবন্দৰৰ ৰানৱেৰ ফালে পাৰ্কিং কৰি থকা অৱস্থাতে বিমানখনক পাৰ্কিঙত সহায় কৰিবলৈ ব্যৱহাৰ কৰা এখন টাগ ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় । দুৰ্ঘটনাটোৰ সময়ত বিমানখনত প্ৰায় ১৮০ গৰাকী যাত্ৰী আছিল ।

বিমানবন্দৰৰ এগৰাকী বিষয়াই জনোৱা মতে এই দুৰ্ঘটনাৰ ফলত প্ৰায় ১৮০ গৰাকী যাত্ৰী থকা বিমানখনৰ সন্মুখত আৰু লেণ্ডিং গিয়েৰৰ ওচৰত টায়াৰৰ কিছু ক্ষতি হৈছে । অৱশ্যে দুৰ্ঘটনাটোৰ পিচতো বিমানখনত থকা সকলো যাত্ৰী আৰু কৰ্মচাৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে । ততালিকে জৰুৰীকালীন কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে । বিমানবন্দৰৰ বিষয়াৰ মতে যাত্ৰীসকলক তৎক্ষণাৎ বিমানখনৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু দিল্লীলৈ বিকল্প বিমানৰ ব্যৱস্থা কৰা হয় ।

এতিয়ালৈ সংঘৰ্ষৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) ইয়াৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ এক তদন্ত আৰম্ভ কৰিছে । প্ৰাথমিক প্ৰতিবেদন অনুসৰি বিমানখনক পাৰ্কিঙত সহায় কৰিবলৈ ব্যৱহৃত টাগ ট্ৰাকখনে বিমানখনত খুন্দা মাৰিছিল । অৱশ্যে ডিজিচিএৰ সমগ্ৰ বিষয়টোৰ অনুসন্ধানে কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও সেই সময়ত বিমানখনৰ যাত্ৰীসকল আতংকিত হৈ পৰে ।

ইফালে দুৰ্ঘটনাটোৰ পিচত কোনো ব্যাঘাত অবিহনে বিমানবন্দৰৰ কাম-কাজ অব্যাহত থাকে । অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন কম সময়ৰ বাবে বিতং পৰিদৰ্শন আৰু মেৰামতিৰ বাবে প্ৰেৰণ কৰা হয় । যাৰ বাবে কিছু সময়ৰ বাবে বিমানখন সেৱাৰ পৰা বিৰত ৰখা হয় যদিও সম্প্ৰতি বিমানখন পৰিচালনাৰ বাবে সাজু হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:মণিপুৰত কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ - KCP Militants Arrested In Manipur
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.