ETV Bharat / bharat

মণিপুৰত কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ - KCP Militants Arrested in Manipur

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 1:38 PM IST

KCP Militants Arrested in Manipur : গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীকেইজনৰ পৰা পাঁচটা ম’বাইল হেণ্ডছেট, ১৫ ৰাউণ্ড সজীৱ গুলীৰ সৈতে দুটা ৯ এম এম পিষ্টল, পাঁচখন ধনদাবী পত্ৰ, ২০ টা ২০.৫৬ মিমিৰ আৰু চাৰিটা ৭.৬২ মিমিৰ অস্ত্ৰ জব্দ কৰা হৈছে । আৰক্ষীয়ে নিষিদ্ধ সংগঠন কেচিপিৰ (টাইবাঙ্গানবা) এজন সক্ৰিয় সদস্যকো আটক কৰে ।

KCP Militants Arrested in Manipur
মণিপুৰত ৪ কেচিপি উগ্ৰপন্থীক গ্ৰেপ্তাৰ (ETV Bharat)

নিউজ ডেস্ক, ১৭ মে' : নিষিদ্ধ সংগঠন কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ (পিপ'ল ৱাৰ গ্ৰুপ) চাৰিজন উগ্ৰপন্থীক মণিপুৰত গ্ৰেপ্তাৰ । মণিপুৰৰ থৌবাল জিলাত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে চলোৱা এক সমন্বিত অভিযানৰ সময়ত উগ্ৰপন্থীকেইজনক গ্ৰেপ্তাৰ কৰা বুলি এজন আৰক্ষী বিষয়াই শুকুৰবাৰে কয় ।

আৰক্ষী বিষয়াজনে কয়, "উগ্ৰপন্থীৰ উপস্থিতি সম্পৰ্কে লাভ কৰা চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি য়াইৰিপোক বজাৰ অঞ্চলত এক সমন্বিত অভিযান আৰম্ভ কৰা হৈছিল । উক্ত অভিযানতে বৃহস্পতিবাৰে উগ্ৰপন্থীকেইজনক গ্ৰেপ্তাৰ কৰা হয় ।"

বিষয়াজনে লগতে কয় যে গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীকেইটাৰ পৰা পাঁচটা মোবাইল হেণ্ডছেট, ১৫ ৰাউণ্ড সজীৱ গুলীৰে সৈতে দুটা ৯ এম এম পিষ্টল, পাঁচখন ধনদাবী পত্ৰ, ২০ টা ২০.৫৬ মিমি চাৰিটা ৭.৬২ মিমি অস্ত্ৰ জব্দ কৰা হৈছে । আনহাতে, আৰক্ষীয়ে বৃহস্পতিবাৰে ইম্ফল পশ্চিম জিলাৰ পৰা কেচিপি (টাইবাঙ্গানবা) সংগঠনটোৰ এজন সক্ৰিয় সদস্যকো আটক কৰে ।

গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীজন ইম্ফল অঞ্চলৰ পাওনা আৰু থাংগল বজাৰত অৱস্থিত দোকানৰ পৰা ধনদাবীৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । তেওঁৰ পৰা চাৰিটা সজীৱ গুলীৰ সৈতে এটা .32 পিষ্টল জব্দ কৰা হয় ।

উল্লেখ্য যে বিগত প্ৰায় এটা বছৰ ধৰি হিংসাত্মক ঘটনাত জৰ্জৰিত হৈ আছে উত্তৰ-পূবৰ ৰাজ্যখন । মূলত মণিপুৰৰ দুটা জনগোষ্ঠীৰ মাজৰ বিবাদ সূত্ৰে সৃষ্টি হোৱা এই হিংসাত্মক ঘটনাত শ শ লোকৰ মৃত্যু হোৱাৰ লগতে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হৈছে । বৰ্তমান এই হিংসাত্মক ঘটনা কিছু শাম কাটিছে যদিও উত্তেজনা এতিয়াও মাৰ যোৱা নাই ।

লগতে পঢ়ক :কাৰাগাৰৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি ২১ বছৰীয়া কয়দী ! গৰ্ভপাতৰ বাবে আবেদন - Prisoner Gang Rape

লগতে পঢ়ক :গছত চিপ লোৱা অৱস্থাত বিজেপি কৰ্মীৰ মৃতদেহ উদ্ধাৰ; হত্যা কৰি ওলোমাই থোৱাৰ অভিযোগ - BJP Worker Alleged Murder In WB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.